ETV Bharat / international

প্ৰথমবাৰৰ বাবে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত হিন্দু মহিলাৰ মনোনয়ন দাখিল

২০২৪ চনত পাকিস্তানৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব । বুনেৰ জিলাৰ এগৰাকী হিন্দু সম্প্ৰদায়ৰ মহিলাই এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । যোৱা ২৩ ডিচেম্বৰ মহিলাগৰাকীয়ে পিপিপি দলৰ হৈ মনোনয়ন পত্ৰও দাখিল কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 2:21 PM IST

Hindu woman in Pakistan files nomination for 2024 elections
প্ৰথমবাৰৰ বাবে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত হিন্দু মহিলাৰ মনোনয়ন দাখিল

ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ ডিচেম্বৰ : পাকিস্তানত প্ৰথমবাৰৰ বাবে এগৰাকী হিন্দু মহিলাই আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে । মহিলাগৰাকী খাইবাৰ পাখতুনখোৱাৰ বুনেৰ জিলাৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত পাকিস্তানৰ ১৬ সংখ্যক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

বুনেৰ জিলাৰ চাভীৰা প্ৰকাশ নামৰ মহিলাগৰাকীয়ে পিকে-২৫ৰ পৰা সাধাৰণ আসনৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰিছে । হিন্দু সম্প্ৰদায়ৰ চাভীৰা প্ৰকাশে তেওঁৰ পিতৃ অৱসৰপ্ৰাপ্ত চিকিৎসক তথা পিপিপিৰ এগৰাকী সমৰ্পিত সদস্য ওম প্ৰকাশৰ পদাংক অনুসৰণ কৰি পাকিস্তান পিপলছ পাৰ্টিৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে আগবাঢ়ি আহিছে ।

খবৰ অনুসৰি সোমবাৰে কৌমি ৱতন পাৰ্টিৰ সৈতে জড়িত এগৰাকী স্থানীয় ৰাজনীতিবিদ ছালিম খানে উল্লেখ কৰে যে বুনেৰৰ প্ৰথমগৰাকী মহিলা যিয়ে আগন্তুক নিৰ্বাচনৰ বাবে সাধাৰণ নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰিছে ।

২০২২ চনত এবটাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক চাভীৰা প্ৰকাশে বুনেৰত পিপিপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । সমাজৰ কল্যাণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰি তেওঁ মহিলাসকলৰ উন্নয়নৰ বাবে কাম কৰাৰ এক পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব দি আহিছে আৰু তেওঁলোকৰ অধিকাৰৰ বাবে মাত মতাত গুৰুত্ব আৰোপ কৰি আহিছে ।

তেওঁ উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ অৱহেলা আৰু দমনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল আৰু নিৰ্বাচিত হ'লে এই সমস্যাবোৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে । সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰকাশে তেওঁৰ পিতৃৰ পদাংক অনুসৰণ কৰাৰ কথা উল্লেখ কৰে । যিয়ে অঞ্চলটোৰ দুখীয়া লোকসকলৰ বাবে কাম কৰি আহিছিল । প্ৰকাশে ২৩ ডিচেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰে । তেওঁ লগতে আশা প্ৰকাশ কৰে যে পিপিপিৰ জ্যেষ্ঠ নেতৃত্বই তেওঁৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিব ।

চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত চাভীৰাই কৈছে যে মানৱ জাতিৰ কল্যাণৰ বাবে কাম কৰাৰ তেওঁৰ প্ৰতিশ্ৰুতি তেওঁৰ তেজত আছে । চিকিৎসা কৰ্মজীৱনৰ সময়ত চৰকাৰী চিকিৎসালয়ত দুৰ্বল ব্যৱস্থাপনাৰ অভিজ্ঞতাৰ বাবেই তেওঁ ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সিদ্ধান্ত লৈছিল । বুনেৰৰ সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি ইমৰান নোশাদ খানেও চাভীৰা প্ৰকাশৰ প্ৰতি তেওঁৰ আন্তৰিক সমৰ্থন ব্যক্ত কৰে ।

শেহতীয়াকৈ পাকিস্তানৰ নিৰ্বাচন আয়োগে (ইচিপি) কৈছে যে মহিলা প্ৰাৰ্থীসকলৰ বাবে সাধাৰণ নিৰ্বাচনত ৫ শতাংশ আসন সংৰক্ষিত থকাটো বাধ্যতামূলক ।

লগতে পঢ়ক :নাইজেৰিয়াৰ সশস্ত্ৰ সংগঠনৰ আক্ৰমণত শতাধিক লোক নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.