ETV Bharat / international

Pakistan Army Chief Asim Munir : সেনাপ্ৰধানৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি ইমৰাণ খানৰ - Imran Khan on Pakistan Army Chief

পিটিআই মুৰব্বী তথা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে শাসনলৈ আহিলে সেনাপ্ৰধান জেনেৰেল অসীম মুনিৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । ইছলামাবাদ উচ্চ ন্যায়ালয়ত এক সংবাদমেল সম্বোধন কৰি ইমৰাণ খানে কয় যে তেওঁ কেতিয়াও সেনাপ্ৰধানৰ বিষয়ে কোনো অপমানজনক মন্তব্য কৰা নাই (Imran Khan on Pakistan Army Chief) ।

Imran Khan on Pakistan Army Chief
Imran Khan on Pakistan Army Chief
author img

By

Published : May 13, 2023, 2:08 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৩ মে' : পাকিস্তান তেহৰিক-ই-ইনচাফৰ (Tehreek-e-Insaf, PTI) মুৰব্বী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে শাসনলৈ অহাৰ পিছত সেনাপ্ৰধান (Pakistan Chief of Army Staff) জেনেৰেল অসীম মুনিৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিছে । ARY News-ৰ সূত্ৰত এই কথা প্ৰকাশ । ইছলামাবাদ উচ্চ ন্যায়ালয়ত (Islamabad High Court) এক সংবাদমেল সম্বোধন কৰি ইমৰাণ খানে কয় যে তেওঁ কেতিয়াও সেনাপ্ৰধান জেনেৰেল অসীম মুনিৰৰ বিষয়ে অপমানজনক মন্তব্য কৰা নাই (Pakistan Army Chief General Asim Munir) ।

ক্ষমতালৈ অহাৰ পিছত তেওঁ সেনাপ্ৰধানৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাৰ শপত খাইছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে সেনাপ্ৰধানজনক বাকীসকলে তেওঁৰ বিষয়ে ভুল ধাৰণা দিছিল । তেওঁ লগতে কয় যে তেওঁ ইতিমধ্যে সেনাপ্ৰধানক এটা বাৰ্তা প্ৰেৰণ কৰিছে । আনহাতে, ইমৰাণ খানে ন্যায়পালিকাই কোনো ধৰণৰ সহায় আগবঢ়াব পাৰে বুলি কৰা দাবীৰো অস্বীকাৰ কৰিছে (Imran Khan on Pakistan Army Chief) ।

উল্লেখ্য, তেওঁ ইতিমধ্যে দাবী কৰিছিল যে তেওঁক অপহৰণ কৰা হৈছে আৰু পিছত জিম্মাত থকা অৱস্থাত তেওঁৰ গ্ৰেপ্তাৰ পৰোৱানা লাভ কৰিছিল । "আদালতত উপস্থিত হোৱাৰ পিছত মই জানিব পাৰিছিলোঁ যে মানুহবোৰক হত্যা কৰা হৈছে । মোক গ্ৰেপ্তাৰ কৰিলে হ'ব পৰা পৰিণামৰ বিষয়ে মই ইতিমধ্যে সতৰ্ক কৰি দিছিলোঁ ।" পিটিআইৰ মুৰব্বীগৰাকীৰ মতে, তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে সাধাৰণ মানুহে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে ।

ইফালে তেওঁ স্বীকাৰ কৰে যে ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোৰ (National Accountability Bureau) কৰ্মচাৰীসকলে তেওঁলোকৰ জিম্মাত থকা অৱস্থাত এক সুন্দৰ মনোভাব প্ৰদৰ্শন কৰিছিল । আনহাতে, ARY News-ৰ মতে, ৰাষ্ট্ৰপতি ডঃ আৰিফ আলভিৰ সৈতে হোৱা বৈঠকত এক চুক্তি কৰাৰ কথাটো ইমৰাণ খানে পূৰ্বতে অস্বীকাৰ কৰিছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলক কয় যে ৰাষ্ট্ৰপতি আলভিয়ে 'কাৰো বাৰ্তা' বহন কৰা নাছিল আৰু কোনো চুক্তিত উপনীত হোৱা নাছিল ।

ইমৰাণ খানে 'সংবিধান বৰ্তাই ৰখাৰ' বাবে আদালতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । কিয়নো ইছলামাবাদ উচ্চ ন্যায়ালয়ে (আইএইচচি) কৰ্তৃপক্ষক যিকোনো ক্ষেত্ৰত পিটিআইৰ অধ্যক্ষ ইমৰাণ খানক আটক কৰাৰ ক্ষেত্ৰত নিষেধ কৰিছিল । পিটিআইৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে যেতিয়া এজন নেতাৰ তত্ত্বাৱধান অবিহনে জনতাই ৰাজপথত বিক্ষোভ কৰে, তেতিয়া ই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ।

তেওঁ লগতে কয় যে তেওঁ চৰকাৰক দেশখনক 'অৰাজকতা'ৰ দিশে লৈ নাযাবলৈ সতৰ্ক কৰি দিছিল । "মই সতৰ্ক কৰি দি আছিলোঁ যে যদি পাকিস্তান শ্ৰীলংকা হয়, ই সকলোৰে নিয়ন্ত্ৰণৰ হাতৰ পৰা ওলাই যাব ।" ইমৰাণ খানে কয় । লক্ষণীয়ভাৱে, ইমৰাণ খান দুদিন আটক হৈ থকাৰ পিছত শনিবাৰে পুৱতি নিশা লাহোৰৰ জামান পাৰ্কত থকা তেওঁৰ বাসগৃহলৈ উভতি অহা বুলি জিঅ' নিউজে প্ৰকাশ কৰিছে ।

তেওঁৰ মুক্তিৰ পিছত পিটিআই সমৰ্থকসকলে তেওঁক লাহোৰত আদৰণি জনায় । উল্লেখ্য, ৯ মে'ত ইছলামাবাদ হাইকোৰ্টত ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ ফলত সমগ্ৰ দেশতে হিংসাত্মক প্ৰতিবাদ আৰম্ভ হয় ।

লগতে পঢ়ক : Asia Cup controversy : ভাৰত পাকিস্তানলৈ নগ'লে, পাকিস্তানেও বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে : পিচিবিৰ অধ্যক্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.