ETV Bharat / international

Hunter Biden Case : আগ্নেয়াস্ত্ৰৰ অভিযোগত অভিযুক্ত বাইডেনৰ পুত্ৰ; নিৰ্বাচনৰ পূৰ্বে মোক্ষম আঘাত বাইডেনৰ - Joe Bidens son Hunter Biden

হাণ্টাৰ বাইডেনৰ বিৰুদ্ধে ২০১৮ চনৰ অক্টোবৰত আগ্নেয়াস্ত্ৰ ক্ৰয় কৰাৰ সময়ত তেওঁৰ ড্ৰাগছ ব্যৱহাৰৰ বিষয়ে মিছা কোৱাৰ অভিযোগ আছে । সেই সময়ত তেওঁ কোকেইনৰ আসক্তিৰ সৈতে যুঁজি থকাৰ কথা স্বীকাৰ কৰিছিল বুলি প্ৰতিবেদনত প্ৰকাশ । জো বাইডেনৰ পুত্ৰক ফেডাৰেল আগ্নেয়াস্ত্ৰৰ অভিযোগত অভিযুক্ত কৰা হৈছে, যিয়ে ২০২৪ চনৰ নিৰ্বাচনৰ সময়ত এক মোক্ষম আঘাত প্ৰদানৰ সম্ভাৱনা আছে ।

Hunter Biden Case
Hunter Biden Case
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 2:16 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ: হাণ্টাৰ বাইডেনক বৃহস্পতিবাৰে ফেডাৰেল আগ্নেয়াস্ত্ৰৰ অভিযোগত অভিযুক্ত কৰা হৈছে । যিটো হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ পুত্ৰৰ ওপৰত দীৰ্ঘদিন ধৰি চলি থকা তদন্তৰ শেহতীয়া পদক্ষেপ । এই গোচৰটোৰ ফলত ২০২৪ চনৰ নিৰ্বাচনৰ সময়ত জো বাইডেনক এক মোক্ষম আঘাত হনাৰ সম্ভাৱনাই গা কৰি উঠিছে । বাইডেনৰ বিৰুদ্ধে ২০১৮ চনৰ অক্টোবৰত আগ্নেয়াস্ত্ৰ ক্ৰয় কৰাৰ সময়ত তেওঁ ড্ৰাগছ ব্যৱহাৰৰ বিষয়ে মিছা কোৱাৰ অভিযোগ আছে । সেই সময়ত তেওঁ কোকেইনৰ আসক্তিৰ সৈতে যুঁজি থকা বুলি স্বীকাৰ কৰিছিল । গোচৰটোৰ তত্ত্বাৱধান কৰি থকা এজন বিশেষ অধিবক্তাই ডেলাৱেৰৰ ফেডাৰেল আদালতত এই অভিযোগ দাখিল কৰিছে ।

এই অভিযোগটো এখন আবেদন চুক্তি বিফল হোৱাৰ কিছু সপ্তাহৰ পিছত আহিছে, যাৰ ফলত এক অপৰাধমূলক গোচৰ আৰু ৰাষ্ট্ৰপতি জো বাইডেনৰ বাবে সপ্তাহ বা মাহ ধৰি নিজৰ ধ্যানচ্যুত কৰাৰ সম্ভাৱনাই দেখা দিছে । আনহাতে, আদালতৰ যুঁজ দীৰ্ঘদিনীয়া হ'ব পাৰে । তেওঁৰ অধিবক্তাই যুক্তি দিছে যে হাণ্টাৰ বাইডেনে আইন উলংঘা কৰা নাছিল আৰু এক বিশেষ ব্যৱস্থাৰ দ্বাৰা সুৰক্ষিত হৈ আছে, যিটো আবেদন চুক্তিৰ অংশ আছিল ।

ইফালে ৰাষ্ট্ৰপতি বাইডেনৰ পুত্ৰ তেওঁৰ ব্যৱসায়িক লেনদেনৰ বাবেও তদন্তৰ অধীনত আছে আৰু বিশেষ অধিবক্তাই ইংগিত দিছে যে ৱাশ্বিংটন বা কেলিফৰ্ণিয়া য'তেই তেওঁ বাস কৰে তাত ভৱিষ্যতে যিকোনো সময়ত কৰ মাচুল ভৰিব লাগিব পাৰে । আনহাতে, ইয়াৰ লগে লগে ৰাজনৈতিক চাপো যথেষ্ট বৃদ্ধি পাইছে । কিয়নো সদনে আনুষ্ঠানিকভাৱে ডেমোক্ৰেটিক ৰাষ্ট্ৰপতিৰ ওপৰত মহাভিযোগৰ তদন্ত আৰম্ভ কৰিছে । জ্যেষ্ঠ বাইডেনক তেওঁৰ পুত্ৰৰ ব্যৱসায়ৰ সৈতে জড়িত কৰিবলৈ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিজৰ আইনী সমস্যাৰ পৰা মনোযোগ আঁতৰাই নিবলৈ এইটো কৰিব বিচাৰিছে বুলি অনুমান কৰা হৈছে ।

উল্লেখ্য যে, বিগত বছৰবোৰত ফেডাৰেল প্ৰচিকিউটৰসকলে জো বাইডেন ইয়াৰ লগত সংযুক্ত বুলি ইংগিত দিয়া নাই । আনহাতে, এতিয়ালৈকে ৰিপাব্লিকানসকলে জ্যেষ্ঠ বাইডেনে কৰা অন্যায়ৰ কোনো গুৰুত্বপূৰ্ণ প্ৰমাণ উদ্ধাৰ কৰা নাই যে, উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ পুত্ৰৰ সৈতে প্ৰায়ে কথা পাতিছিল আৰু তেওঁৰ পুত্ৰৰ সহযোগীসকলৰ সৈতে ব্যৱসায়িক নৈশভোজৰ বাবে গৈছিল । হোৱাইট হাউছে কয় যে, জো বাইডেন তেওঁৰ পুত্ৰৰ ব্যৱসায়িক বিষয়ত জড়িত নাছিল ।

লগতে পঢ়ক :Impeachment Over Biden: ৰাষ্ট্ৰপতি বাইডেনৰ ওপৰত মহাভিযোগ; তদন্ত আৰম্ভ কৰিবলৈ সদনক নিৰ্দেশ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.