ETV Bharat / international

Titan submersible wreckage : শীঘ্ৰে উদ্ধাৰ হ'ব পাৰে টাইটানত থকা ৫ পৰ্যটকৰ মৃতদেহ - Titanic

উদ্ধাৰ হৈছে টাইটান চাবমেৰিনৰ ধ্বংসাৱশেষ । সাগৰৰ গভীৰতাৰ পৰা উদ্ধাৰ কৰি সেইবোৰ বন্দৰলৈ অনা হৈছে । এতিয়াও উদ্ধাৰ হোৱা নাই ৫ পৰ্যটকৰ মৃতদেহ ।

Titan submersible wreckage
শীঘ্ৰে উদ্ধাৰ হ'ব পাৰে টাইটানত থকা ৫ পৰ্যটকৰ মৃতদেহ
author img

By

Published : Jun 29, 2023, 1:24 PM IST

Updated : Jun 29, 2023, 1:58 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৯ জুন : শেহতীয়াকৈ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ সন্ধানহীন হৈছিল টাইটান নামৰ চাবমেৰিনখনৰ । পাছত ঘোষণা কৰা হৈছিল যে চাবমেৰিনখনত বিস্ফোৰণ হৈছে । য'ত যাত্ৰা কৰি থকা ৫ গৰাকী পৰ্যটকৰে মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল বিভাগীয় কৰ্তৃপক্ষই । ইফালে উত্তৰ আটলাণ্টিকত প্ৰায় ৩,৬৫৮ মিটাৰ গভীৰতাত টাইটানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে । ইতিমধ্যে টাইটানৰ ধ্বংসাৱশেষ ছেইণ্ট জনছৰ নিউফাউণ্ডলেণ্ডলৈ অনা হৈছে । ধ্বংসাৱশেষ অনাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই ঘোষণা কৰিছে যে চাবমেৰিনত থকা পৰ্যটকসকলৰ মৃতদেহকেইটাও উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে কানাডিয়ান কোষ্ট গাৰ্ডসকলে ঘাটত টাইটান চাবমেৰিনৰ ভগা টুকুৰাবোৰ সংগ্ৰহ কৰা দেখা গৈছে । টাইটান চাবমেৰিনৰ কিছু ধ্বংসাৱশেষ উদ্ধাৰৰ পাছতে এক প্ৰকাৰ নিশ্চিত হৈছে যে তাত যাত্ৰা কৰা ৫ গৰাকী পৰ্যটকৰ ইতিমধ্যে মৃত্যু হৈছে । প্ৰায় ৬.৭ মিটাৰ দৈৰ্ঘৰ চাবমেৰিনখনৰ নিৰুদ্দেশ সম্পৰ্কে বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছিল যদিও অৱশেষত ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ লগে লগে বিষয়টোৱে অতি চৰ্চা লাভ কৰিছে ।

উপকূলৰক্ষী বাহিনীৰ মুৰব্বী কেপ্টেইন জেচন নিউবাউয়াৰে বুধবাৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি টাইটানৰ বিস্ফোৰণৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই । এতিয়াও এই সন্দৰ্ভত অনুসন্ধান চলি আছে ।

চাবমেৰিনখনৰ ধ্বংসাৱশেষ বুলি ধাৰণা কৰা উদ্ধাৰ হোৱা অংশবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ'ব । য'ত বিশেষজ্ঞসকলে এক আনুষ্ঠানিক অনুসন্ধান চলাব । নিউবাউয়াৰে লগে কয় যে মেৰিন ব'ৰ্ড অফ ইনভেষ্টিগেশ্বনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বন্দৰত ধ্বংসাৱশেষৰ টুকুৰাসহ প্ৰমাণ বিশ্লেষণ আৰু পৰীক্ষা কৰিব । ১৮ জুনত চাবমেৰিনখন বিস্ফোৰণ হোৱা বুলি অনুমান কৰা হৈছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে কানাডাৰ কেইবাটাও চৰকাৰী সংস্থাৰ সৈতে একত্ৰিতভাৱে উপকূলৰক্ষী বাহিনীয়ে তদন্তৰ নেতৃত্ব দিছে । এতিয়ালৈ অৱশ্যে বিভাগীয় কৰ্তৃপক্ষই ধ্বংসাৱশেষ উদ্ধাৰৰ কোনো নিৰ্দিষ্ট বিৱৰণ প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে চাবমেৰিনখনত থকাসকলৰ ভিতৰত আছিল ব্ৰিটিছ কোটিপতি হামিছ হাৰ্ডিং, ফৰাচী ডুবাৰু পল-হেনৰী, পাকিস্তানী-ব্ৰিটিছ ব্যৱসায়ী শ্বাহজাদা ডাউড আৰু তেওঁৰ পুত্ৰ চুলেইমান আৰু অ'চেনগেট কোম্পানীৰ চিইঅ’ ষ্টকটন ৰাছ ।

লগতে পঢ়ক :Titan submarine: টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ মৃত্যু পাঁচজনৰ, পৰিচালক জেমছ কেমেৰনে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

Last Updated : Jun 29, 2023, 1:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.