ETV Bharat / international

Myanmar new law for Political party: ম্যানমাৰত নতুন নিৰ্বাচনী আইন, বিৰোধীৰ সন্মুখত প্ৰত্যাহ্বান

author img

By

Published : Jan 28, 2023, 12:39 PM IST

নতুন নিৰ্বাচনী আইন অনুসৰি নিৰ্বাচনত অংশগ্ৰহণ কৰা দলবোৰৰ বাবে নিম্নতম পুঁজি আৰু সদস্য ভৰ্তিৰ সীমা দিয়া হৈছে (Electoral new law in Myanmar)। সামৰিক বাহিনীৰ নেতৃত্বাধীন চৰকাৰে অবৈধ ঘোষণা কৰা দলে কৰিব নোৱাৰিব পঞ্জীয়ন । পঞ্জীয়নৰ ৩ মাহৰ ভিতৰত ১ লাখ সদস্য ভৰ্তি কৰিব লাগিব । নতুন আইনক লৈ অসন্তুষ্ট দেশখনৰ প্ৰায়বোৰ ৰাজনৈতিক দল ।

Myanmar new law for Political party
ম্যানমাৰত নতুন নিৰ্বাচনী আইন

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ জানুৱাৰী : ম্যানমাৰত এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন । তাৰ প্ৰাকক্ষণত ম্যানমাৰৰ সামৰিক নিয়ন্ত্ৰিত চৰকাৰে ৰাজনৈতিক দলসমূহৰ পঞ্জীয়নৰ ক্ষেত্ৰত এখন নতুন আইন প্ৰণয়ন কৰিছে (New electoral law in Myanmar)। যাৰ ফলত বিৰোধী দলবোৰে সেনা সমৰ্থিত প্ৰাৰ্থীসকলক গুৰুতৰ প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব ।

শুকুৰবাৰে প্ৰকাশিত এক বাতৰি অনুসৰি নতুন নিৰ্বাচনী আইনে নিৰ্বাচনত অংশগ্ৰহণ কৰা দলসমূহৰ বাবে নিম্নতম পুঁজি আৰু সদস্যপদৰ স্তৰ নিৰ্ধাৰণ কৰে । আনহাতে চৰকাৰে নিষিদ্ধ বুলি ঘোষণা কৰা সংগঠনৰ সৈতে জড়িত অথবা বেআইনী কাৰ্যকলাপত জড়িত দল বা প্ৰাৰ্থীসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব (Political party registration law in Myanmar)।

উল্লেখ্য যে সেনাই ২০২১ চনৰ ফেব্ৰুৱাৰীত অং চান চু কীৰ নিৰ্বাচিত চৰকাৰৰ পৰা ক্ষমতা দখল কৰে (Aung San Suu Kyi govt)। আনহাতে তেওঁৰ লগতে ২০২০ চনৰ নৱেম্বৰৰ সাধাৰণ নিৰ্বাচনত দ্বিতীয় বাৰৰ বাবে বিপুল বিজয় লাভ কৰা নেচনেল লীগ ফৰ ডেমক্ৰেচি দলৰ শীৰ্ষ সদস্যসকলকো সেনাই গ্ৰেপ্তাৰ কৰে (National League for Democracy party leader arrest)।

ইফালে সামৰিক অধিগ্ৰহণৰ ব্যাপক বিৰোধিতাকো শক্তিশালী ৰূপত দমন কৰে নিৰাপত্তা বাহিনীয়ে । নিৰাপত্তা বাহিনীৰ অভিযান প্ৰায় ২,৯০০ নাগৰিক নিহত হোৱাৰ লগতে অহিংস প্ৰতিবাদত লিপ্ত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হয় । এই বৰ্বৰ অভিযানে দেশৰ বেছিভাগ অংশতে সশস্ত্ৰ প্ৰতিৰোধ আৰম্ভ কৰিছিল । সামৰিক চৰকাৰে সেনা শাসনৰ বিৰোধী মুখ্য সংগঠনবোৰক "সন্ত্ৰাসবাদী" বুলি গণ্য কৰিছিল আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰাটো অবৈধ বুলি ঘোষণা কৰিছিল (Political situation in Myanmar)।

ইফালে সেনাৰ দ্বাৰা পৰিচালিত চৰকাৰৰ নতুন আইনখনে দলবোৰক কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ওচৰত পুনৰ পঞ্জীয়ন কৰিবলৈ দুমাহ সময় দিছে । লগতে কোৱা হৈছে যে যিবোৰে পঞ্জীয়ন কৰিব নোৱাৰে তেওঁলোকক অবৈধ বুলি ঘোষণা কৰা হ'ব আৰু বিলুপ্ত বুলি বিবেচনা কৰা হ'ব । দেশজুৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলবোৰে পঞ্জীয়ন কৰাৰ তিনি মাহৰ ভিতৰত কমেও ১ লাখ সদস্যপদ লাভ কৰিব লাগিব । যি ২০২০ চনৰ নিৰ্বাচনৰ তুলনাত ১০০ গুণ অধিক । নতুন আইনখনৰ মতে দলবোৰে ৬ মাহৰ ভিতৰত দেশৰ ৩৩০ খন নগৰৰ কমেও আধা অংশত কাৰ্যালয় স্থাপন কৰিব লাগিব আৰু সকলো সমষ্টিৰ কমেও আধা অংশত প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষম হ'ব লাগিব ।

ইফালে বিভিন্ন সমালোচকে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সামৰিক বাহিনীয়ে পৰিকল্পনা কৰা এই নিৰ্বাচন মুক্ত বা নিৰপেক্ষ নহ'ব । কিয়নো চু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচি দলৰ বেছিভাগ নেতাকে গ্ৰেপ্তাৰ কৰা হৈছে । ৭৭ বছৰীয়া চু কীয়েও সামৰিক বাহিনীৰ এক গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত ৩৩ বছৰৰ কাৰাবাসত আছে (Aung San Suu Kyi in jail)।

নেচনেল লীগ ফৰ ডেমক্ৰেচিয়ে যোৱা নৱেম্বৰত ঘোষণা কৰিছিল যে তেওঁলোকে সামৰিক পৰিকল্পিত নিৰ্বাচন গ্ৰহণ বা স্বীকৃতি নিদিয়ে । তেওঁলোকে ইয়াক ভুৱা আখ্যা দিছে । তেওঁলোকে অভিযোগ কৰা মতে এই নিৰ্বাচন ৰাজনৈতিক বৈধতা আৰু আন্তৰ্জাতিক স্বীকৃতি লাভৰ বাবেহে সামৰিক বাহিনীয়ে কৰা এক প্ৰয়াস । দলটোৱে শুকুৰবাৰে এছ'চিয়েটেড প্ৰেছলৈ প্ৰেৰণ কৰা বাৰ্তাত নতুন আইনখন প্ৰত্যাখ্যান কৰে ৷ নেচনেল লীগ ফৰ ডেমক্ৰেচিৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ মতে সামৰিক পৰিষদৰ সকলো কাৰ্যকলাপ অবৈধ । অভিযোগ অনুসৰি সামৰিক পৰিষদৰ অভ্যুত্থানে বৰ্তমানৰ আইন উলংঘা কৰিছে আৰু মানুহে তেওঁলোকক একেবাৰে সমৰ্থন কৰা নাই ।

ইফালে ম্যানমাৰৰ নিষিদ্ধ মুখ্য গণতন্ত্ৰ পন্থী আন্দোলনৰ সশস্ত্ৰ শাখা পিপলছ ডিফেন্স ফ'ৰ্চৰ গ্ৰুপসমূহে ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ জনসংখ্যা জৰীপ চলাই থকা সামৰিক চৰকাৰৰ কৰ্মীসকলক আক্ৰমণ কৰি নিৰ্বাচনৰ প্ৰস্তুতি ব্যাহত কৰাৰ চেষ্টা কৰি আহিছে । সূত্ৰৰ মতে ৯ জানুৱাৰীত জনসংখ্যা জৰীপ আৰম্ভ হোৱাৰ পৰা কমেও ১৩ গৰাকী লোক নিহত হৈছে আৰু ৪ জন চৰকাৰী কৰ্মীক আটক কৰা হৈছে ।

২০২১ চনত ক্ষমতা দখলৰ নেতৃত্ব দিয়া দেশৰ সামৰিক শাসক জ্যেষ্ঠ জেনেৰেল মিন অং হ্লাইঙে এক নতুন আইনৰ বাবে কেবিনেট বৈঠকত আহ্বান জনোৱাৰ ৪ দিনৰ পিছত নতুন আইনৰ ঘোষণা কৰা হৈছে । যিয়ে ৰাজনৈতিক দলবোৰৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তেওঁ আশা প্ৰকাশ কৰা মতে এই মাহৰ শেষৰ ফালে সেনাৰ অধিগ্ৰহণ উঠাই লোৱা হ'ব পাৰে আৰু তাৰ পাছতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ব । তেনে পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে বুলি তেওঁ দাবী কৰে ।

উল্লেখ্য যে ম্যানমাৰত বৰ্তমান ৯০ টাতকৈও অধিক ৰাজনৈতিক দল আছে, কিন্তু সামৰিক সমৰ্থিত ইউনিয়ন ছলিডাৰিটি এণ্ড ডেভেলপমেণ্ট পাৰ্টি (Union Solidarity and Development Party), যি ২০২০ চনৰ নিৰ্বাচনত দুৰ্বল প্ৰদৰ্শন কৰিছিল । তেওঁলোকে নতুন আইনৰ সমৰ্থন জনোৱাৰ লগতে আইনৰ চৰ্তসমূহ পূৰণ কৰিবলৈ আগ্ৰহী একমাত্ৰ দল বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক :Pakistan Crisis : ১৯৯৯ চনৰ পাছত পাকিস্তানী মুদ্ৰাৰ সৰ্বাধিক পতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.