ETV Bharat / international

Earthquake jolts Turkey: শক্তিশালী ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত প্ৰাণ হেৰুৱালে 2,300 গৰাকী লোকে - Death troll in Turkey earthquake

7.8 ৰিখটাৰ স্কেলৰ এটা প্ৰবল ভূমিকম্পই সোমাবাৰে পুৱাতেই জোঁকাৰি গ’ল মধ্য তুৰস্কক (Earthquake jolts Turkey)। ভূমিকম্পৰ কেন্দ্ৰবিন্দু 18 কিলোমিটাৰ গভীৰত বুলি । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জানিবলৈ দিছে (Turkey earthquake epicenter) ৷ 2,300 গৰাকী লোকৰ মৃত্যু, এতিয়াও ধ্বংসস্তূপত আবদ্ধ বহুলোক ৷

তুৰস্কত শক্তিশালী ভূমিকম্প
Earthquake jolts Turkey
author img

By

Published : Feb 6, 2023, 8:52 AM IST

Updated : Feb 6, 2023, 10:47 PM IST

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী: সোমাবাৰে পুৱাৰ ভাগতে এক শক্তিশালী ভূমিকম্পই জোঁকাৰি যায় দক্ষিণ-পূৱ তুৰস্কক ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল 7.8 ৷ ইয়াৰ ঠিক পাচতেই আন এটা ভূমিকম্পই জোঁকাৰি যায় একেটা অঞ্চল ৷ তুৰস্কৰ কেইবাখনো প্ৰদেশত এই কম্পন অনুভূত হয় আৰু বহু কেইটা অট্টালিকা এই ভূমিকম্পৰ ফলত ভাগি পৰা বুলি তথ্য পোৱা গৈছে (Earthquake jolts Turkey) ৷ বৰ্তমানলৈকে তুৰস্ক আৰু ছিৰিয়াত 2,300 গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও বৃদ্ধি হৈ আছে মৃতকৰ সংখ্যা ৷ প্ৰায় 7,600 লোক আহত ৷

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে প্ৰাদেশিক ৰাজধানী গাজিয়ানটেপৰ পৰা প্ৰায় 33 কিলোমিটাৰ দূৰত্বত । নুৰদাগী চহৰৰ পৰা প্ৰায় 26 কিলোমিটাৰ দূৰত্বত আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ মতে, 18 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি হয় (Turkey earthquake epicenter) । প্ৰায় 10 মিনিটৰ পিচত 6.7 প্ৰাবল্যৰ আন এটা ভূমিকম্পৰ সৃষ্টি হয় একেটা অঞ্চলত (Earthquake in Nurdagi in Turkey) ৷

তুৰস্কৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা সংস্থা এএফএডিয়ে জনোৱা মতে, ভূমিকম্পৰ গতি 7.8 আৰু ইয়াৰ কেন্দ্ৰবিন্দু হৈছে কাহৰামানমাৰাছ প্ৰদেশৰ পাজাৰচিক চহৰ । হাবেৰটাৰ্ক টেলিভিছনৰ বাতৰি অনুসৰি চুবুৰীয়া প্ৰদেশ মালত্য, দিয়াৰবাকিৰ আৰু মালত্যত কেইবাটাও অট্টালিকা ভাঙি পৰে । বৰ্তমানলৈকে 2,300 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (Turkey tremor news) । তুৰস্কত 284 জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে যদিও এই সংখ্যা ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে ৷

ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ছিৰিয়াৰ চৰকাৰী অধীনস্থ অঞ্চলত মৃত্যুৰ সংখ্যা 237 লৈ বৃদ্ধি পাইছে আৰু 630 জনতকৈ অধিক লোক আহত হৈছে। বিদ্ৰোহীৰ অধীনস্থ অঞ্চলত কমেও 47 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । তুৰস্কত ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ এৰি যাবলৈ চেষ্টা কৰা লোকসকলে যান-জঁটৰ সৃষ্টি কৰে ৷ যাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ যাবলৈ চেষ্টা কৰা জৰুৰীকালীন দলসমূহৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছিল ।

কৰ্তৃপক্ষই বাসিন্দাসকলক ৰাজপথলৈ নাযাবলৈ আহ্বান জনায় । আতংকৰ মাজতে ক্ষতিগ্ৰস্ত ঘৰলৈ উভতি যাব নোৱাৰা লোকসকলৰ বাবে আশ্ৰয় শিবিৰ হিচাপে মুকলি কৰা হৈছিল অঞ্চলটোৰ চাৰিওফালে মছজিদসমূহ । ভূমিকম্পই গাজিয়ান্টেপৰ আটাইতকৈ বিখ্যাত লেণ্ডমাৰ্ক, চহৰৰ মাজমজিয়াত থকা এটা পাহাৰৰ ওপৰত অৱস্থিত ইয়াৰ ঐতিহাসিক দুৰ্গটোৰ যথেষ্ট ক্ষতিসাধন কৰে । দুৰ্গসমূহৰ দেৱাল আৰু ৱাচ টাৱাৰৰ কিছু অংশ সমতল কৰি তোলাৰ লগতে আন কিছু অংশ যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি চহৰখনৰ ছবিসমূহে প্ৰকাশ কৰিছে ।

দিয়াৰবাকিৰত উদ্ধাৰকাৰী দলে 11 মহলীয়া অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত জীৱিত লোকৰ আৰ্তনাদ শুনিবলৈ চেষ্টা কৰি মৌনতা অৱলম্বন কৰে । উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযানক উদ্বিগ্নভাৱে চাই থকা শ শ লোকৰ ঘন ভিৰৰ মাজেৰে ষ্ট্ৰেচাৰত এজন লোকক উলিয়াই আনে । এগৰাকী ধূসৰ চুলিৰ মহিলাই এজন পুৰুষে তেওঁক লৈ যোৱাৰ আগতে কান্দিছিল ৷ আনহাতে, বগা হেলমেট পিন্ধা এজন উদ্ধাৰকাৰীয়ে কান্দি থকা ছোৱালী এজনীক শান্ত কৰিবলৈ চেষ্টা কৰিছিল, যিগৰাকীক দুজন বন্ধুৱে আলিংগন কৰিছিল ।

উত্তৰ-পশ্চিম ছিৰিয়াত এই ভূমিকম্পই বছৰ বছৰ ধৰি ঘেৰি ৰখা ইডলিব প্ৰদেশক কেন্দ্ৰ কৰি বিদ্ৰোধীৰ অধীনস্থ এনক্লেভত নতুন দুৰ্দশা সংযোজন কৰিলে ৷ য’ত সঘনাই ৰাছিয়া আৰু চৰকাৰী বিমান আক্ৰমণ চলি থাকে । খাদ্যৰ পৰা আৰম্ভ কৰি চিকিৎসা সামগ্ৰীলৈকে সকলো কামৰ বাবে ওচৰৰ ছিৰিয়াৰ পৰা সাহায্যৰ প্ৰবাহৰ ওপৰত এই ভূখণ্ড নিৰ্ভৰশীল । ছিৰিয়াৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে বিদ্ৰোধীৰ অধীনত থকা অঞ্চলৰ পৰিস্থিতিক “বিপৰ্যয়জনক” বুলি অভিহিত কৰি লগতে কয় যে, সমগ্ৰ অট্টালিকাবোৰ ভাঙি গৈছে আৰু মানুহ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰিছে ।

এই ভূমিকম্পই লেবাননত প্ৰায় 40 ছেকেণ্ডৰ বাবে অট্টালিকাবোৰ কঁপাইছিল । বেইৰুটৰ বহু বাসিন্দাই ঘৰ এৰি ৰাজপথলৈ ওলাই আহিছিল বা গাড়ীৰে অট্টালিকাৰ পৰা আঁতৰি গৈছিল । মধ্যপ্ৰাচ্যত বৃহস্পতিবাৰলৈকে অব্যাহত থকাৰ সম্ভাৱনা থকা সময়তে এই ভূমিকম্পৰ সৃষ্টি হৈছে । তুৰস্ক ডাঙৰ ডাঙৰ ফল্ট লাইনৰ ওপৰত বহি আছে আৰু সঘনাই ভূমিকম্পৰ ফলত জোঁকাৰি যায় । 1999 চনত উত্তৰ-পশ্চিম তুৰস্কত হোৱা শক্তিশালী ভূমিকম্পত প্ৰায় 18 হাজাৰ লোকৰ মৃত্যু হয় (Turkey earthquake 1999) । (AP)

লগতে পঢ়ক: Earthquake hits Northwest Iran: ইৰাণত ভূমিকম্পৰ ফলত নিহত 7 গৰাকী; আহত 400 ৰো অধিক

Last Updated : Feb 6, 2023, 10:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.