ETV Bharat / international

Israeli Airstrike on Hamas : ইজৰাইলৰ আক্ৰমণত নিহত হামাছৰ বায়ুসেনাৰ মুৰব্বী; ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ ঘোষণা - Israel Palestine conflict

এক্সৰ এটা পোষ্টত ইজৰাইলী বায়ুসেনাই কয়, "শেহতীয়া দিনটোত বায়ুসেনাৰ যুঁজাৰু বিমানে সন্ত্ৰাসবাদী সংগঠন হামাছৰ কাৰ্যকৰী মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰিছে । য'ৰ পৰা সংগঠনটোৰ আকাশী কাৰ্যকলাপ পৰিচালনা কৰা হৈছিল । আক্ৰমণৰ সময়ত যোৱা শনিবাৰে সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীসকলক নিৰ্দেশ দিয়া গাজা চহৰৰ বায়ুসেনাৰ মুৰব্বী মুৰাদ আবু মুৰাদ নিহত হয় ।"

ইজৰাইলৰ আক্ৰমণত নিহত হামাছৰ বায়ুসেনাৰ মুৰব্বী
Israeli Airstrike on Hamas
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 1:27 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ : ইজৰাইলৰ বায়ুসেনাই প্ৰকাশ কৰিছে যে তেওঁলোকে শনিবাৰে নিশা চলোৱা বিমান আক্ৰমণত হামাছৰ বায়ুসেনাৰ মুৰব্বী মুৰাদ আবু মুৰাদক হত্যা কৰিছে । এই আক্ৰমণ হামাছৰ এটা মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি কৰা হৈছিল, য'ৰ পৰা হামাছে গাজা ষ্ট্ৰিপত আকাশী আক্ৰমণ পৰিচালনা কৰিছিল । ইজৰাইলী বায়ুসেনাই লগতে জনাইছে যে মুৰাদ আবু মুৰাদে শনিবাৰে গণহত্যাৰ সময়ত সন্ত্ৰাসবাদীসকলক নিৰ্দেশ দিছিল ।

এক্সৰ এটা পোষ্টত ইজৰাইলী বায়ুসেনাই কয়, "শেহতীয়া দিনটোত বায়ুসেনাৰ যুঁজাৰু বিমানে সন্ত্ৰাসবাদী সংগঠন হামাছৰ এটা মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰে । তাৰ পৰাই সংগঠনটোৰ আকাশী আক্ৰমণ পৰিচালনা কৰা হৈছিল । এই আক্ৰমণৰ সময়ত যোৱা শনিবাৰে সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীসকলক নিৰ্দেশ দিয়া গাজা চহৰৰ বায়ুসেনাৰ মুৰব্বী মুৰাদ আবু মুৰাদ নিহত হয় ।"

আনহাতে, টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, নিশাটোৰ ভিতৰতে সংঘটিত পৃথক আক্ৰমণত ইজৰাইলৰ বায়ুসেনাই হামাছৰ কমাণ্ডো বাহিনীৰ কেইবাটাও স্থানত আঘাত কৰে, য'ৰ পৰা ৭ অক্টোবৰত ইজৰাইলত অনুপ্ৰৱেশৰ নেতৃত্ব দিছিল । ইজৰাইলৰ বায়ুসেনাই কৈছে যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী আৰু ইজৰাইলী বায়ুসেনাই হামাছ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ইজৰাইলক সুৰক্ষা দিবলৈ প্ৰয়োজন অনুসৰি কাম কৰি যাব ।

এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত ইজৰাইলী বায়ুসেনাই কয়, "যোৱানিশা আইএএফ যুঁজাৰু বিমানে সমগ্ৰ গাজা ষ্ট্ৰিপত ব্যাপক আক্ৰমণ চলায় । এই আক্ৰমণত হামাছৰ কেইবাটাও সন্ত্ৰাসবাদী লক্ষ্যৰ লগতে 'নুখবা' সন্ত্ৰাসবাদী জড়িত আছিল, যিবোৰ গাজা ষ্ট্ৰিপত আছিল ।" ইজৰাইলী বায়ুসেনাই এক্সৰ আন এক আপডেটত জনাইছে, "অলপ আগতে আইডিএফ সৈন্যসকলে এটা সন্ত্ৰাসবাদী গোট চিনাক্ত কৰে, যিয়ে লেবাননৰ পৰা ইজৰাইলী অঞ্চললৈ অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল । আইএএফৰ এটা ইউএভিয়ে সন্ত্ৰাসবাদী দলটোক লক্ষ্য কৰি লয় আৰু কেইবাজনো সন্ত্ৰাসবাদীক হত্যা কৰে ।"

ইফালে ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া তথ্যত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছে শনিবাৰে উল্লেখ কৰে যে গাজা ষ্ট্ৰিপৰ লোকসকলে ইজৰাইলৰ সতৰ্কবাণী শুনিছে আৰু সঠিক কাম কৰি আছে । দক্ষিণৰ ফালে পেলেষ্টাইনী নাগৰিকসকল আগবাঢ়ি যোৱা বুলিও উল্লেখ কৰে ।

"আমি দক্ষিণৰ ফালে পেলেষ্টাইনী নাগৰিকসকল আগবাঢ়ি যোৱা দেখিছোঁ । আমি তেওঁলোকক আমাৰ সতৰ্কবাণী শুনা আৰু বুজি পোৱা দেখিছোঁ । তেওঁলোকে সঠিকভাৱে কাম কৰিছে, বিপজ্জনক অঞ্চলৰ পৰা বাহিৰলৈ ওলাই গৈছে ।" তেওঁ কয় । উল্লেখ্য যে শুকুৰবাৰে ইজৰাইলী সামৰিক বাহিনীয়ে গাজা চহৰৰ পৰা সকলো নাগৰিকক আঁতৰি যাবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক :Israli Ground Attack : ইজৰাইলৰ স্থল আক্ৰমণ; উত্তৰ গাজাৰ পৰা পলায়ন পেলেষ্টাইনীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.