ETV Bharat / international

Hamas Israel War : ইজৰাইল-হামাছৰ সংঘৰ্ষত ১১ আমেৰিকানৰ মৃত্যু, বাইডেনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ - Joe Biden on Israel Hamas war

ইজৰাইল আৰু হামাছৰ সংঘৰ্ষত প্ৰায় ১১ গৰাকী আমেৰিকান নিহত হৈছে । ইজৰাইলৰ নাগৰিকত্ব থকা বহুতো আমেৰিকানৰো এই যুদ্ধত নিহত হোৱাৰ আশংকা কৰা হৈছে । যাৰ বাবে ৰাষ্ট্ৰপতি জ' বাইডেনে আমেৰিকাৰ নাগৰিকৰ সুৰক্ষাৰ বাবে প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

Hamas Israel War
ইজৰাইল-হামাছৰ সংঘৰ্ষত ১১ আমেৰিকান মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 11:17 AM IST

Updated : Oct 10, 2023, 11:52 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ : পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে শনিবাৰে দক্ষিণ ইজৰাইলত কেইবাটাও ৰকেট আক্ৰমণ কৰে । ফলস্বৰূপে প্ৰায় ৭০০ গৰাকী লোক নিহত হয় আৰু ২,০০০ ৰো অধিক লোক আহত হয় । আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে দাবী কৰা মতে হামাছ সন্ত্ৰাসবাদী সংগঠন আৰু ইহুদী ৰাষ্ট্ৰৰ মাজত চলি থকা যুদ্ধত প্ৰায় ১১ গৰাকী আমেৰিকান নিহত হৈছে ।

ৰাষ্ট্ৰপতি জ' বাইডেনে হোৱাইট হাউছৰ এক বিবৃতি উল্লেখ কৰি কয় যে ইজৰাইলৰ নাগৰিকত্ব থকা বহুতো আমেৰিকানো এই যুদ্ধত নিহত হৈছে । নিহত আমেৰিকানসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে বুলি তেওঁ দাবী কৰে । বাইডেনৰ মতে দেশত হওঁক বা বিদেশত হওঁক আমেৰিকান নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা তেওঁৰ প্ৰধান কৰ্তব্য । ইফালে হামাছে বন্দী কৰা সকলৰ মাজত আমেৰিকান নাগৰিক থকাৰো সম্ভাৱনা ব্যক্ত কৰিছে বাইডেনে । তেওঁ আমেৰিকাৰ বিষয়াসকলক প্ৰতিটো ক্ষেত্ৰতে ইজৰাইলী কৰ্তৃপক্ষৰ সৈতে কাম কৰিবলৈ নিৰ্দেশ দিছে । একে সময়তে, বাইডেনে ইজৰাইলৰ বিৰুদ্ধে হামাছৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে ।

ৰাষ্ট্ৰপতি পদৰ সম্ভাব্য ৰিপাব্লিকান প্ৰাৰ্থী নিকি হেলি আৰু বিবেক ৰামস্বামীকে ধৰি অন্যান্য বিশিষ্ট ভাৰতীয়-আমেৰিকান নেতাসকলেও হামাছৰ এই আক্ৰমণৰ পাছত ইজৰাইলক সমৰ্থনৰ আশ্বাস দিছে । হেলীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে হামাছ আৰু তেওঁলোকক সমৰ্থন কৰা ইৰাণ চৰকাৰে ইজৰাইল আৰু আমেৰিকাক ধ্বংস কৰাৰ শ্ল'গান দিছে । আমেৰিকাই সেই কথা মনত ৰাখিব । তেওঁ উল্লেখ কৰা মতে আমেৰিকা সদায় ইজৰাইলৰ সৈতে আছে কাৰণ হামাছ, হিজবুল্লাহ আৰু ইৰাণ পন্থীসকলে আমেৰিকাক হিংসা কৰে ।

ইজৰাইলৰ সৈতে যি ঘটিছে সেয়া আমেৰিকাতো ঘটিব পাৰে । সেয়ে তেওঁ আশা কৰে যাতে সকলোৱে একত্ৰিত হৈ ইজৰাইলৰ সৈতে থিয় দিয়ে । এই মুহূৰ্তত ইজৰাইলক এই সমৰ্থনৰ প্ৰয়োজন বুলিও তেওঁ দাবী কৰে । হামাছৰ বিৰুদ্ধে কঠোৰ হ'বলৈ তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক আহ্বান জনায় ।

উল্লেখ্য যে গাজা ষ্ট্ৰিপৰ জনসংখ্যা প্ৰায় ২.৩ নিযুত । ইয়াক ইজৰাইল, ইজিপ্ত আৰু ভূমধ্য সাগৰে আৱৰি আছে । গাজা ৪১ কিলোমিটাৰ দীঘল আৰু ১০ কিলোমিটাৰ বহল এলেকাত আছে । ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতিৰ সম্ভাব্য প্ৰাৰ্থী ৰামস্বামীয়ে কয় যে ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰক সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ শিক্ষা দিছে ।

লগতে পঢ়ক :UN concern over Hamas attack : পেলেষ্টাইনত মানৱীয় প্ৰয়োজনীয়তাক লৈ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰ সংঘৰ

Last Updated : Oct 10, 2023, 11:52 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.