ETV Bharat / international

বসবাসৰ অযোগ্য হৈ পৰিছে গাজা; ৰাষ্ট্ৰসংঘৰ সাহায্য প্ৰধান গ্ৰিফিথছ - United Nations

Griffiths on Gaza : "গাজা এতিয়া বসবাসৰ অযোগ্য হৈ পৰিছে । ইয়াৰ লোকসকলে তেওঁলোকৰ অস্তিত্বৰ প্ৰতি দৈনিক ভাবুকিৰ সৃষ্টি হৈছে, যিটো সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে ।" তেওঁ কয় ।

বসবাসৰ অযোগ্য হৈ পৰিছে গাজা; ৰাষ্ট্ৰসংঘৰ সাহায্য প্ৰধান গ্ৰিফিথছ

author img

By ANI

Published : Jan 6, 2024, 8:57 AM IST

ইণ্টাৰনেচনেল ডেস্ক, ৬ জানুৱাৰী : ৭ অক্টোবৰৰ ভয়ংকৰ আক্ৰমণৰ তিনি মাহ পাৰ হৈ গ'ল । তাৰ প্ৰতিশোধ এতিয়াও চলি আছে গাজাত । এই কথা উল্লেখ কৰি ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা আৰু জৰুৰীকালীন সাহায্য সমন্বয়ক মাৰ্টিন গ্ৰিফিথছে কয় যে গাজা 'বসবাসৰ অযোগ্য' হৈ পৰিছে । তেওঁ লগতে শত্ৰুতা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আহ্বান জনাইছে ।

আক্ৰমণৰ সময়ত দহ হাজাৰ লোক নিহত বা আহত হৈছে । ইয়াৰে বেছিভাগ মহিলা আৰু শিশু । তদুপৰি, তাপমাত্ৰা হ্ৰাস হোৱাৰ লগে লগে মুকলিত শুই থকা পৰিয়ালবোৰৰ সমস্যাৰ সৃষ্টি হৈছে । গ্ৰিফিথছে জোৰ দি কয় । "গাজা এতিয়া বসবাসৰ অযোগ্য হৈ পৰিছে । ইয়াৰ লোকসকলে তেওঁলোকৰ অস্তিত্বৰ প্ৰতি দৈনিক ভাবুকিৰ সৃষ্টি হৈছে যিটো সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে ।" তেওঁ কয় ।

ইয়াৰ উপৰি পূতিদুৰ্গন্ধময় পৰিৱেশৰ বাবে জনবহুল আশ্ৰয়স্থলত সংক্ৰামক ৰোগ বিয়পি পৰাৰ ফলত ৰাজহুৱা স্বাস্থ্যৰ দুৰ্যোগে দেখা দিছে । তদুপৰি যিবোৰ অঞ্চলত অসামৰিক লোকসকলক তেওঁলোকৰ সুৰক্ষাৰ বাবে স্থানান্তৰিত হ'বলৈ কোৱা হৈছিল, সেইবোৰতো এতিয়া বোমাবর্ষণ চলিছে । চিকিৎসা সুবিধাসমূহ নিৰন্তৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, "আংশিকভাৱে কাৰ্যক্ষম হৈ থকা কেইখনমান চিকিৎসালয় আঘাতৰ পৰা ৰক্ষা পৰিছে, সকলো সামগ্ৰী কমি আহিছে । আনহাতে, সুৰক্ষা বিচৰা লোকসকল নিৰাশ হৈ পৰিছে ।"

তদুপৰি, এই বিশৃংখলতাৰ মাজত প্ৰায় ১৮০ গৰাকী পেলেষ্টাইনী মহিলাই দৈনিক সন্তান জন্ম দি আছে । লগতে জনসাধাৰণে এতিয়ালৈকে নথিভুক্ত কৰা সৰ্বোচ্চ স্তৰৰ খাদ্য নিৰাপত্তাহীনতাৰ সন্মুখীন হৈছে । গ্ৰিফিথছে লগতে কয়, "দুৰ্ভিক্ষ একেবাৰে ওচৰত আছে । যুদ্ধবিধ্বস্ত শিশুসকলৰ চলিত পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে বিগত ১২ সপ্তাহ তেওঁলোকৰ বাবে যথেষ্ট বেদনাদায়ক ।"

"খাদ্য নাই । পানী নাই । কোনো বিদ্যালয় নাই । দিনৰ পিছত দিন যুদ্ধৰ ভয়ংকৰ শব্দৰ বাহিৰে আন একো নাই ।" তেওঁ কয় । লগতে তেওঁ গুৰুত্ব আৰোপ কৰি কয়, "আমি কেৱল গাজাৰ লোক আৰু ইয়াৰ ভাবুকিপ্ৰাপ্ত চুবুৰীয়াসকলৰ বাবেই নহয়, কিন্তু আগন্তুক প্ৰজন্মৰ বাবে যুদ্ধৰ তাৎক্ষণিক সমাপ্তিৰ দাবী অব্যাহত ৰাখিছোঁ । এওঁলোকে এই ৯০ দিনৰ নৰক আৰু মানৱতাৰ আটাইতকৈ মৌলিক উপাদানবোৰৰ ওপৰত আক্ৰমণৰ কথা কেতিয়াও পাহৰিব নোৱাৰে ।"

লগতে পঢ়ক48 ঘন্টাত প্ৰতিবাদ, ধৰ্ণাৰে কঁপিব বাংলাদেশৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.