ETV Bharat / international

Massive fire in central China : মধ্য চীনৰ ভয়ংকৰ অগ্নিকাণ্ডত ৩৬ জনৰ মৃত্যু

author img

By

Published : Nov 22, 2022, 1:05 PM IST

মধ্য চীনৰ হেনান প্ৰদেশৰ ৰাসায়নিক পদাৰ্থ আৰু অন্যান্য ঔদ্যোগিক সামগ্ৰীৰ এটা কোম্পানীত অগ্নিকাণ্ডৰ ফলত ৩৬ গৰাকী লোকৰ মৃত্যু হয় (36 killed in fire in China)। আবেলি প্ৰায় ৪ মান বজাত জুইৰ সূত্ৰপাত হৈছিল । অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় ৪ ঘণ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

China
মধ্য চীনৰ ভয়ংকৰ অগ্নিকাণ্ডত ৩৬ জনৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ নৱেম্বৰ : মধ্য চীনৰ হেনান প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in China Henan province)। ৰাসায়নিক পদাৰ্থ আৰু অন্যান্য ঔদ্যোগিক সামগ্ৰীৰ এটা কোম্পানীত অগ্নিকাণ্ডৰ ফলত ৩৬ গৰাকী লোকৰ মৃত্যু হৈছে (36 killed in fire in China)। আনয়াং চহৰত সংঘটিত অগ্নিকাণ্ডত দুজন লোক আহত হোৱাৰ লগতে আৰু দুজন সন্ধানহীন বুলি জানিব পৰা গৈছে । জানিব পৰা মতে আবেলি প্ৰায় ৪ মান বজাত জুইৰ সূত্ৰপাত হৈছিল । অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় ৪ ঘণ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

অৱশ্যে জুইৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে ঔদ্যোগিক ক্ষেত্ৰৰ বৰ্ধিত প্ৰতিযোগিতা আৰু সুৰক্ষা ব্যৱস্থাত বিষয়াসকলৰ দুৰ্নীতিৰ ফলতে এই ধৰণৰ অগ্নিকাণ্ড পূৰ্বেও সংঘটিত হোৱাৰ ইতিহাস আছে । ইয়াৰোপৰি অগ্নি নিৰ্বাপক সঁজুলিৰ অভাৱৰ বাবে প্ৰায়ে এই ধৰণৰ ঘটনা সংঘটিত হয় বুলিও সন্দেহ কৰা হৈছে (Fire at industrial wholesaler in central China)।

অগ্নিকাণ্ড সম্পৰ্কে উল্লেখ কৰা বিবৃতি অনুসৰি, ২০০ তকৈও অধিক উদ্ধাৰকাৰী জোৱান আৰু ৬০ গৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ জোৱালে হেনানৰ জুই নিৰ্বাপনত জড়িত হৈছিল । ঘন বসতিপূৰ্ণ আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলটোত প্ৰায়ে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে । যোৱা এপ্ৰিল মাহত প্ৰাদেশিক ৰাজধানী চাংছাৰ সমীপত এটা অট্টালিকা খহি পৰাৰ পাছত পাঁচগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ।

কোম্পানীটোৰ বাবে অনলাইন ব্যৱসায় চলোৱা কাইক্সিণ্ডাই ঘটনাৰ বিৱৰণ দি কয় যে কোম্পানীটো হৈছে এক পাইকাৰী বিক্ৰেতা যি বিভিন্ন ঔদ্যোগিক সামগ্ৰীৰ লেনদেন কৰে য'ত আছে কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থ । উল্লেখ্য যে ২০১৫ চনত উত্তৰ বন্দৰ চহৰ তিয়ানজিনৰ এটা ৰাসায়নিক গুদামত হোৱা এক বৃহৎ বিস্ফোৰণত ১৭৩ গৰাকী লোক নিহত হৈছিল, য'ত বেছিভাগেই অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী বিষয়া আছিল (Fire tragedy in China)। গুদামটোত ৰাসায়নিক পদাৰ্থবোৰ অবৈধভাৱে মজুত কৰি থোৱা আছিল ।

লগতে পঢ়ক :Jakarta Earthquake tremors : জাকাৰ্টাত ভূমিকম্পত 88 নিহত আৰু 300 আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.