ETV Bharat / international

ফিফা বিশ্বকাপ 2026 কোৱালিফায়াৰত কুৱেইটৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 12:42 PM IST

ফিফা বিশ্বকাপ 2026 ৰ কোৱালিফায়াৰত দ্বিতীয় ৰাইণ্ডত জয়েৰে আৰম্ভ ভাৰতৰ ৷ 1-0 গ’লত পৰাস্ত কৰে ঘৰুৱা দলটোক ৷ মানবীৰে দিয়ে একমাত্ৰ গ’লটো ৷

FIFA World Cup 2026 qualifiers
ফিফা বিশ্বকাপ 2026 কোৱালিফায়াৰত কুৱেইটৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

স্পোৰ্টছ ডেস্ক, 17 নৱেম্বৰ: ফিফা বিশ্বকাপ 2026ৰ কোৱালিফায়াৰত দ্বিতীয় ৰাউণ্ডত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ ৷ কুৱেইটৰ জাবেৰ অল আহমদ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা খেলখনত 1-0 গ’লত ঘৰুৱা দলটোক পৰাস্ত কৰে ভাৰতে ৷ খেলখনত ললিয়ানজুয়ালা ছাংটেৰ ক্ৰছৰ সৈতে সংযোগ কৰি 75 মিনিটত বাওঁভৰিৰ শ্বটেৰে মানবীৰে গ’ল দিয়ে । বৃহস্পতিবাৰৰ নিশা মোহন বাগানৰ ফৰৱাৰ্ডগৰাকীয়ে ফৰৱাৰ্ড লাইনৰ বাবে হোল্ডিংমেন হৈ ভাৰতক খেলখনৰ একমাত্ৰ গ’লটো দি ফিফা বিশ্বকাপ 2026 ৰ দ্বিতীয় ৰাউণ্ডত জয়ী হয় ৷

কুৱেইটে 10 জনীয়া খেলুৱৈৰে খেলখন সমাপ্ত কৰিবলৈ বাধ্য হয়, যিহেতু তেওঁলোকৰ খেলুৱৈ ফৈজল আলহাৰ্বিক অতিৰিক্ত সময় ঘোষণা হোৱাৰ তিনি মিনিটত দ্বিতীয়খন হালধীয়া কাৰ্ড দেখুওৱা হৈছিল আৰু খেলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল । ভাৰতীয় ফুটবলাৰ ছাংটেক বুট জোতাৰে গচকাৰ পিচতে দলটোৰ খেলুৱৈ ফৈজল আলহাৰ্বিক বাহিৰ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে খেল কৰ্তৃপক্ষই ৷

ভাৰতে পৰৱৰ্তী খেলখন 21 নৱেম্বৰত ভূৱনেশ্বৰত এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে খেলিব। কাটাৰ, কুৱেইট আৰু আফগানিস্তানৰ সমান্তৰালকৈ গ্ৰুপ এ ত ভাৰতক স্থান দিয়া হৈছে আৰু এই গ্ৰুপটোৰ পৰা শীৰ্ষ দুটা দলে ফিফা বিশ্বকাপৰ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ’ব ।

প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে 2027 চনৰ এ এফ চি এছিয়ান কাপৰ বাবেও যোগ্যতা নিশ্চিত কৰিব । উল্লেখ্য যে, এ এফ চিৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডলৈ কেতিয়াও আগবাঢ়িব পৰা নাই ব্লু টাইগাৰছ ।

বিশ্ব তালিকাৰ 106 নম্বৰ স্থানত থকা ভাৰতে জুলাই মাহত অনুষ্ঠিত হোৱা এছ এ এফ চেম্পিয়নশ্বিপ 2023 ৰ ফাইনেলত পেনাল্টি শ্বুটআউটত কুৱেইটক পৰাস্ত কৰিছিল ৷ বিশ্ব তালিকাত বৰ্তমান দেশখনৰ স্থান 149 ।

লগতে পঢ়ক: প্ৰত্যাহ্বানৰ শিকলি ছিঙি দুৰ্দান্ত শক্তিৰে যুঁজত নমা এগৰাকী পৰাক্ৰমী যোদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.