ETV Bharat / international

Palestinian Refugees From Gaza : গাজাৰ পেলেষ্টাইনী শৰণাৰ্থীৰ মৰ্মন্তুদ কাহিনী; গ্ৰহণ কৰিবলৈ অনিচ্ছুক ইজিপ্ত, জৰ্ডান আৰু অন্যান্য আৰব দেশ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 2:22 PM IST

গাজা আৰু অধিকৃত পশ্চিম তীৰৰ সৈতে পেলেষ্টাইনৰ সীমা থকা ইজিপ্ত আৰু জৰ্ডানে পেলেষ্টাইনী শৰণাৰ্থীসকলক গ্ৰহণ কৰিব নিবিচাৰে । কিয়নো তেওঁলোকৰ আশংকা যে ইজৰাইলে পেলেষ্টাইনীসকলক তেওঁলোকৰ দেশলৈ স্থায়ীভাৱে বহিষ্কাৰ কৰিবলৈ বাধ্য কৰিব বিচাৰে । লগতে পেলেষ্টাইনীসকলৰ ৰাষ্ট্ৰৰ দাবী বাতিল কৰিব বিচাৰে । তেওঁলোকে লগতে ভাবে যে এনে এক গণ প্ৰস্থানৰ ফলত সন্ত্ৰাসবাদীসকলক ইজিপ্তৰ চিনাই উপদ্বীপলৈ অনাৰ আশংকা থাকিব, য'ৰ পৰা তেওঁলোকে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাব পাৰে । যাৰ ফলত দুয়োখন দেশৰ ৪০ বছৰ পুৰণি শান্তি চুক্তি বিপদাপন্ন হ'ব । ইজিপ্ত আৰু জৰ্ডানৰ স্থিতিক কিহে অনুপ্ৰাণিত কৰিছে এবাৰ চাওক ।

Palestinian Refugees From Gaza
Palestinian Refugees From Gaza

ইণ্টাৰনেচনেল ডেস্ক, ১৯ অক্টোবৰ : ৭ অক্টোবৰত হামাছৰ নিৰ্মম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ইজৰাইলে গাজাত নিৰন্তৰ বোমাবর্ষণ কৰি আছে । যাৰ ফলত গাজাত থকা পেলেষ্টাইনীসকলে সুৰক্ষিত আশ্ৰয় বিচাৰিবলৈ চেষ্টা কৰিবলগা হৈছে । কিন্তু সেই সময়তে কিছুমানে এক প্ৰশ্ন কৰিছে যে চুবুৰীয়া ইজিপ্ত আৰু জৰ্ডানে তেওঁলোকক কিয় নিজৰ দেশত আশ্ৰয় দিব নোৱাৰে ।

উল্লেখ্য যে এই দুয়োখন দেশৰ বিপৰীত দিশত আছে ইজৰাইল আৰু ক্ৰমান্বয়ে গাজা আৰু অধিকৃত পশ্চিম তীৰৰ সৈতে সীমা আছে । সেয়ে তেওঁলোকে কঠোৰভাৱে শৰণাৰ্থীক আশ্ৰয় দিয়াৰ কথা অস্বীকাৰ কৰিছে । আনহাতে, জৰ্ডানত ইতিমধ্যে এক বৃহৎসংখ্যক পেলেষ্টাইনী লোক আছে ।

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিয়ে বুধবাৰে তেওঁৰ শেহতীয়া কঠোৰ মন্তব্য কৰি কয় যে বৰ্তমানৰ যুদ্ধৰ উদ্দেশ্য কেৱল গাজা ষ্ট্ৰিপ শাসন কৰা হামাছৰ বিৰুদ্ধে যুঁজ দিয়াই নহয়, কিন্তু লগতে নাগৰিকসকলক ৰাষ্ট্ৰখনৰ পৰা উলিয়াই বাহিৰ কৰি দিয়াৰ এক প্ৰয়াস... যাতে ইজিপ্তলৈ প্ৰব্ৰজন কৰে । তেওঁ সতৰ্ক কৰি দিয়ে যে ই অঞ্চলটোত শান্তি ধ্বংস কৰিব পাৰে । জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহে এদিন পূৰ্বে একে ধৰণৰ বাৰ্তা দি কৈছে, "জৰ্ডানত কোনো শৰণাৰ্থী নাই, ইজিপ্ততো কোনো শৰণাৰ্থী নাই ।"

তেওঁলোকৰ এই অস্বীকাৰৰ মূল কথা হৈছে এই ভয় যে ইজৰাইলে পেলেষ্টাইনীসকলক তেওঁলোকৰ দেশলৈ স্থায়ীভাৱে বহিষ্কাৰ কৰিবলৈ বাধ্য কৰিব বিচাৰে আৰু পেলেষ্টাইনীসকলৰ দেশৰ দাবী বাতিল কৰিব বিচাৰে । এল-চিচিয়ে লগতে কয় যে এনে এক গণ প্ৰস্থানৰ ফলত সন্ত্ৰাসবাদীসকলক ইজিপ্তৰ চিনাই উপদ্বীপলৈ অনাৰ আশংকা থাকিব, য'ৰ পৰা তেওঁলোকে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাব পাৰে । যাৰ ফলত দুয়োখন দেশৰ ৪০ বছৰ পুৰণি শান্তি চুক্তি বিপদাপন্ন হ'ব ।

কিন্তু ইজিপ্ত আৰু জৰ্ডানৰ এই স্থিতিক কিহে অনুপ্ৰাণিত কৰিছে ?

প্ৰব্ৰজনৰ ইতিহাস

প্ৰব্ৰজন হৈছে পেলেষ্টাইনী ইতিহাসৰ এক মুখ্য বিষয় । ১৯৪৮ চনত ইজৰাইলে সৃষ্টি কৰা যুদ্ধত আনুমানিক ৭,০০,০০০ পেলেষ্টাইনীক বহিষ্কাৰ কৰা হৈছিল বা বৰ্তমানৰ ইজৰাইলৰ পৰা পলাই গৈছিল । পেলেষ্টাইনীসকলে এই কাৰ্যক আৰবীত 'নাকবা' বা বিপৰ্যয় বুলি উল্লেখ কৰে ।

১৯৬৭ চনৰ মধ্যপ্ৰাচ্যৰ যুদ্ধত যেতিয়া ইজৰাইলে পশ্চিম তীৰ আৰু গাজা ষ্ট্ৰিপ দখল কৰিছিল তেতিয়া আৰু ৩,০০,০০০ পেলেষ্টাইনী পলাই গৈছিল । তাৰে বেছিভাগ গৈছিল জৰ্ডানলৈ ।

শৰণাৰ্থী আৰু তেওঁলোকৰ বংশধৰসকলৰ সংখ্যা বৰ্তমান প্ৰায় ৬ নিযুত । ইয়াৰে বেছিভাগে পশ্চিম তীৰ, গাজা, লেবানন, চিৰিয়া আৰু জৰ্ডানৰ শিবিৰ আৰু সম্প্ৰদায়বোৰৰ মাজত বাস কৰে । এই প্ৰবাসীসকল আৰু অধিক বিয়পি পৰিছে । বহুতো শৰণাৰ্থীয়ে উপসাগৰীয় আৰব দেশ বা পশ্চিম প্ৰান্তত জীৱন-নিৰ্বাহ কৰিছে ।

১৯৪৮ চনৰ যুদ্ধ বন্ধ হোৱাৰ পিছত ইজৰাইলে শৰণাৰ্থীসকলক তেওঁলোকৰ ঘৰলৈ ঘূৰি যাবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰে । তেতিয়াৰে পৰাই ইজৰাইলে শান্তি চুক্তিৰ অংশ হিচাপে শৰণাৰ্থীসকলক ঘূৰাই অনাৰ পেলেষ্টাইনী দাবী নাকচ কৰি দেশখনৰ ইহুদী সংখ্যাগৰিষ্ঠতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বুলি যুক্তি প্ৰত্যাখ্যান কৰে ।

আনহাতে, ইজিপ্তে আশংকা কৰিছে যে ইয়াৰ দ্বাৰা ইতিহাসৰ পুনৰাবৃত্তি হ'ব আৰু গাজাৰ যোৱা পৰা বৃহৎ পেলেষ্টাইনী শৰণাৰ্থীয়ে দেশখনত পুনৰ বসতি স্থাপন কৰি থাকিব । তেওঁলোক ঘূৰি অহাৰ কোনো নিশ্চয়তা নাই, কিয়নো এই যুদ্ধ কেনেদৰে সমাপ্ত হ'ব তাৰ কোনো স্পষ্ট ইংগিত নাই ।

ইজৰাইলে কৈছে যে তেওঁলোকে হামাছক দক্ষিণ চহৰসমূহত কৰা ৰক্তক্ষয়ী আক্ৰমণৰ বাবে ধ্বংস কৰিব বিচাৰে । কিন্তু ইয়াৰ পিছত কি হ'ব পাৰে বা কোনে গাজা শাসন কৰিব তাৰ কোনো স্পষ্ট ইঙ্গিত দিয়া নাই । ইয়াৰ ফলত এই উদ্বেগ বৃদ্ধি পাইছে যে ইজৰাইলে অঞ্চলটো পুনৰ দখল কৰিব, যাৰ ফলত সংঘাত অধিক বৃদ্ধি পাব ।

ইফালে ইজৰাইলী সামৰিক বাহিনীয়ে কৈছে যে উত্তৰ গাজাৰ পৰা ষ্ট্ৰিপৰ দক্ষিণ অৰ্ধাংশলৈ পলাই যোৱাৰ আদেশ পালন কৰা পেলেষ্টাইনীসকলক যুদ্ধ সমাপ্ত হোৱাৰ পিছত তেওঁলোকৰ ঘৰলৈ ঘূৰি যাবলৈ অনুমতি দিয়া হ'ব । কিন্তু ইজিপ্তক আশ্বস্ত কৰা হোৱা নাই ।

এল-চিচিয়ে কৈছে যে যদি ইজৰাইলে যুক্তি দিয়ে যে তেওঁলোকে উগ্ৰপন্থীসকলক বিচৰা মতে কঁকাল ভাঙিব পৰা নাই, তেন্তে এই যুঁজ বহু বছৰ ধৰি চলিব পাৰে । তেওঁ প্ৰস্তাৱ দিয়ে যে যেতিয়ালৈকে সামৰিক অভিযান সমাপ্ত নকৰে তেতিয়ালৈকে ইজৰাইলে তেওঁলোকৰ নেগেভ মৰুভূমিত পেলেষ্টাইনীসকলক ৰাখিব পাৰে, যিটো গাজা ষ্ট্ৰিপৰ চুবুৰীয়া অঞ্চল ।

ক্ৰিচিছ গ্ৰুপ ইণ্টাৰনেচনেলৰ উত্তৰ আফ্ৰিকা প্ৰকল্প সঞ্চালক ৰিকাৰ্ডো ফাবিয়ানীয়ে কয়, "গাজাত নিজৰ উদ্দেশ্য সম্পৰ্কে ইজৰাইলৰ স্পষ্টতাৰ অভাৱ আৰু নাগৰিকক স্থানান্তৰ নিজেই সমস্যাজনক । এই বিভ্ৰান্তিয়ে চুবুৰীয়া অঞ্চলত ভয়ৰ ভাব কঢ়িয়াইছে ।"

আনহাতে, ইজিপ্তে ইজৰাইলক গাজাত মানৱীয় সহায় প্ৰদানৰ বাবে জোৰ দিছে । অৱশ্যে ইজৰাইলে বুধবাৰে কয় যে এয়া কৰা হ'ব । কিন্তু কেতিয়া হ'ব সেই বিষয়ে একো কোৱা নাই । ৰাষ্ট্ৰসংঘৰ মতে, এক সৰ্পিল অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰি থকা ইজিপ্তে ইতিমধ্যে প্ৰায় ৯ নিযুত শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীক আতিথ্য দিছে । যাৰ ভিতৰত আছে প্ৰায় ৩,০০,০০০ চুডানৰ নাগৰিক, যিসকলে এই বছৰ তেওঁলোকৰ দেশত সংঘটিত যুদ্ধৰ ফলত তাৰ পৰা পলায়ন কৰি আহিছে ।

কিন্তু আৰব দেশ আৰু বহুতো পেলেষ্টাইনীয়ে সন্দেহ কৰে যে ইজৰাইলে এই সুযোগটো গাজা, পশ্চিম তীৰ আৰু পূব জেৰুজালেমত পেলেষ্টাইনীসকলৰ দেশৰ দাবী মষিমূৰ কৰিবলৈ স্থায়ী জনগাঁথনিগত পৰিৱৰ্তন কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে, যিটো অঞ্চল ১৯৬৭ চনত ইজৰাইলে দখল কৰিছিল ।

এল-চিচিয়ে বুধবাৰে পুনৰবাৰে সতৰ্কবাণী দি কয়, 'গাজাৰ পৰা নাগৰিকসকলক ওলাই যাবলৈ দিয়াৰ উদ্দেশ্য হৈছে পেলেষ্টাইনী কাৰকটো আঁতৰ কৰা... যিটো আমাৰ অঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক ।" তেওঁ যুক্তি দিয়ে যে যদি আলোচনাৰ জৰিয়তে বহু আগতেই এখন পেলেষ্টাইন ৰাষ্ট্ৰ সৃষ্টি কৰা হ'লহেঁতেন, তেন্তে এতিয়া এই যুদ্ধ নহ'লহেঁতেন ।

কাৰ্নেগী এণ্ডোমেণ্ট ফৰ ইণ্টাৰনেচনেল পীচৰ জ্যেষ্ঠ সহযোগী সহকৰ্মী এইচ এ হেলিয়াৰে কয়, "সকলো ঐতিহাসিক দৃষ্টান্তই এই কথাটো দেখুৱাইছে যে যেতিয়া পেলেষ্টাইনীসকলক পেলেষ্টাইন এৰিবলৈ বাধ্য কৰা হয়, তাৰ পিছত কিন্তু তেওঁলোকক ঘূৰি আহিবলৈ অনুমতি দিয়া নহয় । সেয়ে ইজিপ্তে গাজাত জাতিগত নিষ্কাশনত জড়িত হ'ব নিবিচাৰে ।"

হামাছক লৈ চিন্তা

একে সময়তে ইজিপ্তে কয় যে গাজাৰ পৰা এক গণ প্ৰস্থানে হামাছ বা আন পেলেষ্টাইনী সন্ত্ৰাসবাদীসকলক তেওঁলোকৰ ভূমিলৈ নিব । ইয়াৰ ফলত চিনাইক অস্থিৰ কৰি তুলিব পাৰে, য'ত ইজিপ্তৰ সামৰিক বাহিনীয়ে ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বহু বছৰ ধৰি যুঁজ দিছিল । লগতে এটা সময়ত হামাছে তেওঁলোকক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

২০০৭ চনত হামাছে অঞ্চলটোত দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা ইজিপ্তে গাজাত ইজৰাইলৰ অৱৰোধক সমৰ্থন জনাইছে । লগতে সামগ্ৰীৰ প্ৰৱেশ আৰু অসামৰিক লোকৰ আগ্ৰাসনক দৃঢ়ভাৱে নিয়ন্ত্ৰণ কৰিছে । ই সীমান্তৰ তলত থকা সুৰংগৰ নেটৱৰ্ক ধ্বংস কৰিছে, যিটো হামাছ আৰু অন্যান্য পেলেষ্টাইনীসকলে গাজালৈ সামগ্ৰী সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰিছিল ।

"চিনাই বিদ্ৰোহ কমি যোৱাৰ পিছত কাইৰোৱে এই সমস্যাপূৰ্ণ অঞ্চলটোত আন এক নতুন নিৰাপত্তা সমস্যা সৃষ্টি হ'বলৈ দিয়াটো নিবিচাৰে ।" ফাবিয়ানীয়ে কয় ।

এল-চিচিয়ে আৰু অধিক অস্থিৰ পৰিস্থিতিৰ বিষয়ে সতৰ্ক কৰি দি কৈছে ইজিপ্ত আৰু ইজৰাইলৰ ১৯৭৯ চনৰ শান্তিচুক্তি ধ্বংস । তেওঁ কয় যে পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ উপস্থিতিৰ লগে লগে চিনাই অঞ্চল ইজৰাইলৰ ওপৰত আক্ৰমণৰ আধাৰ হৈ পৰিব । এই ক্ষেত্ৰত ইজৰাইলৰ নিজকে ৰক্ষা কৰাৰ অধিকাৰ থাকিব আৰু ইজিপ্তৰ অঞ্চলত আক্ৰমণ কৰিব ।

তেওঁ কয়, "আমি যি শান্তি অৰ্জন কৰিছোঁ সেয়া আমাৰ হাতৰ পৰা নাইকিয়া হ'ব । এই সকলোবোৰ হ'ব পেলেষ্টাইনীসকলক আঁতৰ কৰাৰ ধাৰণাৰ আঁৰত থকা উদ্দেশ্যৰ বাবে ।"

লগতে পঢ়ক :Hezbollah Israel War : ইজৰাইলৰ লক্ষ্যত ক্ষেপণাস্ত্ৰ নিক্ষেপ হিজবুল্লাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.