ETV Bharat / international

Turkey Earthquake: কুৰি হাজাৰ অতিক্ৰম কৰিলে ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই - earthquake in turkey syria deaths tolls update

সোমবাৰ পৰ্যন্ত তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ২০,৭৮৩ লৈ (Turkey Syria quake death toll rises)৷ চিএনএনে হোৱাইট হেলমেট আৰু ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ পৰা এই পৰিসংখ্যা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ।

turkey syria earthquake
তুৰস্ক ছিৰিয়াত মৃতকৰ সংখ্যা বৃদ্ধি পালে ২০৭৮৩ জনলৈ
author img

By

Published : Feb 10, 2023, 3:38 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী : ভূমিকম্প বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়াৰ আকাশত এতিয়া প্ৰতিনিয়ত বাজিছে মৃত্যু ঘণ্টা ৷ সোমবাৰৰ পুৱাৰে পৰা দেশ দুখন পৰ্যবসিত হৈছে মৃত্যু উপত্যকালৈ ৷ শেহতীয়া এক তথ্য অনুসৰি তুৰস্ক আৰু ছিৰিয়াৰ ভূমিত হোৱা তীব্ৰ জোকাৰণিত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ২০,৭৮৩ লৈ (Turkey Syria quake death toll rises) । ছিৰিয়া আৰু তুৰস্কত মুঠ আহত লোকৰ সংখ্যা ৭৫,৫৯২ জন । তুৰস্কত মৃতকৰ সংখ্যা কমেও ১৭,৪০৬ জনলৈ বৃদ্ধি পাইছে । চৰকাৰী উদ্ধৃতিৰে সংবাদ গোষ্ঠী প্ৰতিষ্ঠান চিএনএনে (CNN report) ভূমিকম্পৰ ফলত মুঠ ৭০,৩৪৭ জন লোক আহত হৈছে বুলি প্ৰকাশ কৰে ৷ চিএনএনে হোৱাইট হেলমেট আৰু ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ পৰা এই পৰিসংখ্যা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে । ছিৰিয়াত মুঠ আহত লোকৰ সংখ্যা ৫,২৪৫ জন, চৰকাৰী নিয়ন্ত্ৰিত অঞ্চলত ২,২৯৫ জন আৰু বিদ্ৰোহীৰ অধীনস্থ অঞ্চলত ২,৯৫০ জন বুলি সংবাদপত্ৰত প্ৰকাশ (Turkey Syria earthquake update)।

হোৱাইট হেলমেট আৰু ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্যৰ উদ্ধৃতিৰে চিএনএনে প্ৰকাশ কৰা তথ্যত ছিৰিয়াত মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে কমেও ৩,৩৭৭ লৈ, য’ত বিদ্ৰোহীৰ অধীনস্থ অঞ্চলত ২,০৩০ জন আৰু চৰকাৰী নিয়ন্ত্ৰিত অঞ্চলত ১,৩৪৭ জন লোকৰ মৃত্যু হৈছে ।

বৃহস্পতিবাৰে সাংসদসকলৰ পৰা অনুমোদন লাভ কৰাৰ পিছতে তুৰস্কৰ ভূমিকম্পত আক্ৰান্ত প্ৰদেশসমূহত উদ্ধাৰ আৰু সাহায্যৰ প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ বাবে তিনি মাহৰ জৰুৰীকালীন অৱস্থা কাৰ্যকৰী হয় বুলি চৰকাৰী সূত্ৰত প্ৰকাশ (Turkeys disaster management agency)। মঙলবাৰে দেশখনৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে ভূমিকম্প প্ৰভাৱিত প্ৰদেশসমূহত অনুসন্ধান আৰু উদ্ধাৰৰ প্ৰচেষ্টা ক্ষীপ্ৰ কৰাৰ বাবে তিনিমাহৰ জৰুৰীকালিন অৱস্থা ঘোষণা কৰে বুলি দেশখনৰ সংবাদপত্ৰত প্ৰকাশ পাইছে (Turkish President Recep Tayyip Erdogan)।

সূত্ৰই জানিবলৈ দিয়া অনুসৰি কহৰামানমাৰাছ প্ৰদেশক কেন্দ্ৰ কৰি ৭.৭ আৰু ৭.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্প আদানা, আদিয়ামান, দিয়াৰবাকিৰ, গাজিয়ানেপ, হাটাই, কিলিছ, মালত্য, ওছমানিয়ে, ছানলিউৰফাকে ধৰি ১০খন প্ৰদেশত অনুভূত হয় আৰু ১.৩ কোটি লোকে সেয়া অনুভৱ কৰে (Earthquake jolts Turkey) । ছিৰিয়া আৰু লেবাননকে ধৰি তুৰস্কৰ চুবুৰীয়া দেশসমূহেও এই কঁপনি অনুভৱ কৰিছিল বুলি পৰৱৰ্তী সময়ত জানিবলৈ পৰা গৈছিল (Turkey earthquake epicenter)।

তুৰ্কীৰ বৈদেশিক মন্ত্ৰী মেভলুত কাভুছ’গলুৱে বৃহস্পতিবাৰে কয় যে তুৰস্কৰ ভূমিকম্পই দেশখনক জোকাৰি যোৱাৰ পিচত ৭৫ খন ৰাষ্ট্ৰ আৰু ১৬ টা আন্তঃৰাষ্ট্ৰীয় সংস্থাই তুৰস্কক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । ৫৬ খন দেশৰ ৬৪৭৯ গৰাকী উদ্ধাৰ কৰ্মী বৰ্তমান সাহায্য অভিযানত ব্যস্ত হৈ আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । তেওঁ উল্লেখ কৰে যে ১৯ খন দেশৰ সাহায্যকাৰী দল ২৪ ঘণ্টাৰ ভিতৰত আমেৰিকাত উপস্থিত হ’ব । কাভুছ’গ্লুৰ উদ্ধৃতিৰে চিএনএন সংবাদ গোষ্ঠীটোৱে ২৪ ঘণ্টাৰ ভিতৰত আৰু ১৯খন দেশৰ দল তেওঁলোকৰ দেশত সাহায্য প্ৰদানৰ বাবে উপস্থিত হ’ব বুলি উল্লেখ কৰে ।

সোমবাৰৰ দুৰ্যোগৰ পিছত বিশ্বৰ বিভিন্ন দেশে তুৰস্কক সহায় কৰিবলৈ আগবঢ়ি অহা দেখিবলৈ পোৱা গৈছে ৷ বৰ্তমানলৈকে দেশখন আৰু চুবুৰীয়া ৰাষ্ট্ৰ ছিৰিয়াত ২০ হাজাৰতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে ৭০ হাজাৰৰো অধিক লোক আহত হৈছে । ভূমিকম্পই দেশখনক জোকাৰি যোৱাৰ পিচত ভাৰতেও তুৰস্কক উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে । ভাৰতীয় সেনাই (The Indian Army) দুৰ্যোগ সাহায্য দল মোতায়েন কৰাৰ লগতে এখন ফিল্ড হাস্পতাল স্থাপন কৰি শেহতীয়াকৈ দেশখনত সংঘটিত হোৱা ভূমিকম্পৰ বলি হোৱা লোকসকললৈ সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

ভাৰতৰ অতিৰিক্ত জন তথ্য সঞ্চালকালয়ে বৃহস্পতিবাৰে টুইটযোগে ভাৰতীয় সেনাৰ এগৰাকী মহিলা বিষয়াই তুৰস্কৰ ভূমিকম্প প্ৰভাৱিত অঞ্চলত এগৰাকী তুৰ্কী মহিলাক সাৱটি ধৰাৰ এখন আৱেগিক ছবি টুইট কৰে । টুইটটোত - "#OperationDost We Care. #IndianArmy #Turkiye বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : Tiwa students union 34th Central Foundation Day: ২৫ ফেব্ৰুৱাৰীৰ পৰা সোণাপুৰৰ জালুকবাৰীত অনুষ্ঠিত হ'ব তিৱা মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.