ETV Bharat / international

Hamas attack on Israel : ইজৰাইলত হামাছৰ আক্ৰমণ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা - death toll increased in Israel after Hamas attack

হামাছৰ ভয়ংকৰ আক্ৰমণক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া । আক্ৰমণত নিহতৰ সংখ্যা ৩০০ৰো অধিক হৈছে । ইজৰাইলৰ সামৰিক বাহিনীয়েও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

Hamas attack on Israel
ইজৰাইলত হামাছৰ আক্ৰমণ
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 5:22 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ : ইজৰাইলত হামাছৰ আক্ৰমণৰ ফলত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে । চিকিৎসা বিষয়াসকলৰ উদ্ধৃতি দি সংবাদ মাধ্যমে এই তথ্য প্ৰকাশ কৰিছে । আনহাতে নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে । প্ৰায় ১,৫৯০ গৰাকী লোক আহত হৈছে আৰু তাৰ ভিতৰত বহু লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ।

সংবাদ মাধ্যমে সন্দেহ কৰা মতে সাধাৰণ নাগৰিকৰ উপৰিও ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ বহু সেনাক অপহৰণ কৰি গাজালৈ লৈ যোৱা হৈছে । ইতিমধ্যে হামাছে দাবী কৰিছে যে ইজৰাইলত বন্দীৰ সংখ্যাতকৈ তেওঁলোকে বন্দী কৰা লোকৰ সংখ্যা অধিক । উল্লেখ্য যে শনিবাৰে পুৱাৰে পৰা গাজাৰ পৰা ইজৰাইললৈ ৰকেটৰ আক্ৰমণ আৰম্ভ হয় । যাৰ ফলত তেল আভিভ, ৰেহোভট, গেডেৰা আৰু আশ্কেলনকে ধৰি কেইবাখনো চহৰ ক্ষতিগ্ৰস্ত হয় ।

তাৰ পাছতে বহু হামাছ সন্ত্ৰাসবাদী গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলত প্ৰৱেশ কৰে আৰু ইজৰাইলী চহৰসমূহ দখল কৰে । হামাছৰ সামৰিক কমাণ্ডাৰ মুহাম্মাদ আল-দেইফে এই অভিযানক 'আল-আকছা ষ্টৰ্ম' বুলি অভিহিত কৰি কয় যে ইজৰাইলৰ ওপৰত হোৱা এই আক্ৰমণ মহিলাৰ ওপৰত হোৱা আক্ৰমণ, জেৰুজালেমৰ আল-আকছা মছজিদক অপবিত্র কৰা আৰু গাজাৰ চলিত অৱৰোধৰ প্ৰতিশোধ ।

কিছুমান ভিডিঅ'ত পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত দক্ষিণৰ চহৰ ডেৰোটৰ ৰাস্তাত বহু মৃতদেহ পৰি থকা দেখা গৈছে । একাংশ বাহন গুলীৰে ভৰি আছিল আৰু কিছুমান জ্বলি আছিল ।

ইফালে, ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়েও সন্ত্ৰাসবাদী বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । সামৰিক বাহিনীৰ মতে গাজাৰ ঠিক উত্তৰে জিকিম বীচহৈ ইজৰাইলত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত হৈছে । ইফালে সন্ত্ৰাসবাদীসকলক ইজৰাইলী অঞ্চলত অনুপ্ৰৱেশত বাধা দিয়া হৈছে । সামৰিক বাহিনীয়ে লগতে কয় যে শেহতীয়াকৈ গাজাত হামাছে ব্যৱহাৰ কৰি থকা ৩ টা কাৰ্যক্ষম স্থানত সামৰিক বাহিনীয়ে আক্ৰমণ কৰিছে ।

লগতে পঢ়ক :Israel crisis : হামাছৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাবুকি ইজৰাইলৰ, গাজাত ভয়ংকৰ আক্ৰমণৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.