নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ : ডুবাইত অনুষ্ঠিত চিঅ'পি ২৮ৰ বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ডুবাইত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । জলবায়ু সম্পৰ্কীয় বিষয়ত তেওঁ এই সন্মিলনত ভাষণ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে ১২ দিনীয়া এই সন্মিলনত সময়ত ৭ খন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । তদুপৰি তেওঁ বিশ্বৰ নেতাসকলৰ সৈতে অনানুষ্ঠানিক বৈঠকতো মিলিত হ'ব ।
পুৱা চিঅ'পি ২৮ৰ সন্মিলনত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছৰ সৈতে ফটোৰ বাবে প'জ দিয়ে । পাছত নেতাসকলেও সামুহিক ফটোৰ বাবে প'জ দিয়ে । ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব জলবায়ু সন্মিলনৰ কাৰ্যৰ উদ্বোধনী অধিবেশনত ভাষণ দিব ৷ বিশ্ব জলবায়ু কাৰ্য সন্মিলন হৈছে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন (ইউএনএফচি)ৰ ২৮ সংখ্যক দলৰ সন্মিলনৰ (চিঅ'পি ২৮) উচ্চ-স্তৰীয় খণ্ড ৷
প্ৰধানমন্ত্ৰী মোদীয়ে জলবায়ু বিত্ত পৰিৱৰ্তনৰ ওপৰত অধ্যক্ষতাৰ অধিবেশনত অংশগ্ৰহণ কৰিব আৰু সেউজ ক্ৰেডিট কাৰ্যসূচীৰ ওপৰত এক উচ্চ-পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। অনুষ্ঠানটো ভাৰত আৰু ইউএইৰ সহযোগিতাৰে আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ছুইডেনৰ দ্বাৰা আয়োজিত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰেঞ্জিচন (লীডআইটি) অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ।
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ডুবাই বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীক ইউএইৰ উপ-প্ৰধানমন্ত্ৰী ছেইফ বিন জায়েদ আল নাহিয়ানে আদৰণি জনায়। ইফালে এখন হোটেলৰ বাহিৰত অপেক্ষা কৰি থকা ভাৰতীয় প্ৰবাসীসকলে তেওঁক উষ্ম আদৰণি জনায় ।
উল্লেখ্য যে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন (ইউএনএফচি)ৰ অংশীদাৰৰ সন্মিলনৰ (চিঅ'পি) ২৮ সংখ্যক বৈঠক এই বছৰ ৩০ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ ইউএইৰ ডুবাইত অনুষ্ঠিত হৈছে। সন্মিলনখনত প্ৰায় ২০০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত থাকিব । ইউএনএফচিৰ এই সন্মিলনে জলবায়ু পৰিৱৰ্তনৰ অংশীদাৰী প্ৰত্যাহ্বানৰ মোকাবিলাৰ দিশত সামূহিক পদক্ষেপৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।
লগতে পঢ়ক :ডুবাইত প্ৰধানমন্ত্ৰী মোদী; জলবায়ু সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত কৰিব অংশগ্ৰহণ