ইণ্টাৰনেচনেল ডেস্ক, ৩ আগষ্ট : কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফি গ্ৰেগোইৰ ট্ৰুডোৱে বুধবাৰে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে । তেওঁলোকৰ বিবাহৰ ১৮ বছৰৰ পিছত পৃথক হ'বলৈ গৈ আছে । তেওঁলোক দুয়োৱে ইনষ্টাগ্ৰামত পোষ্ট কৰা বিবৃতিত কৈছে যে তেওঁলোকে বহু আলোচনা আৰু অৰ্থপূৰ্ণ বুজাবুজিৰ মাজেৰে এই সিদ্ধান্ত লৈছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে দুয়োৱে এখন আইনী চুক্তিত স্বাক্ষৰ কৰিছে । তেওঁলোকে কয়, "আমি ইজনে সিজনৰ প্ৰতি গভীৰ মৰম আৰু সন্মানেৰে ইমান দিনে যি নিৰ্মাণ গঢ়িছোঁ তাৰ বাবে এক ঘনিষ্ঠ পৰিয়াল হৈ আছোঁ ।"
উল্লেখ্য যে, কানাডাৰ অন্যতম বিখ্যাত ৰাজনীতিবিদসকলৰ ভিতৰত এগৰাকী ৫১ বছৰীয়া জাষ্টিন ট্ৰুডোৱে ২০১৫ চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । তেওঁৰ পত্নী ছফি ট্ৰুডো এগৰাকী প্ৰাক্তন মডেল আৰু টিভিৰ অনুষ্ঠান আঁত ধৰোতা (এংকৰ) । তেওঁলোক ২০০৫ চনত বিবাহপাশত আবদ্ধ হৈছিল । জাষ্টিন ট্ৰুডোৰ তিনিটা সন্তান আছে । তেওঁলোক হৈছে ১৫ বছৰীয়া জেভিয়াৰ, ১৪ বছৰীয়া এলা-গ্ৰেছ আৰু ৯ বছৰীয়া হেড্ৰিয়ান । বিষয়টোৰ সৈতে পৰিচিত এজন বিষয়াই কয় যে, দুয়োৱে সন্তানকেইটাৰ লালন-পালনৰ বাবে যুটীয়াভাৱে জিম্মা লাভ কৰিব বুলি আশা কৰা হৈছে । তেওঁ অটাৱাৰ ৰিডাউ কটেজত থাকিব, য'ত তেওঁ ২০১৫ চনৰ পৰা বাস কৰি আছে । নাম প্ৰকাশ নকৰাৰ চৰ্তত বিষয়াজনে এই তথ্য প্ৰদান কৰিছে ।
তেওঁৰ পত্নী শেহতীয়া বছৰবোৰত অতি কমেহে ৰাজহুৱাভাৱে দৃষ্টিগোচৰ হৈছে । কেতিয়াবাহে চৰকাৰী ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ গৈছে । যোৱা মাহত অটাৱাত কানাডা দিৱসৰ অনুষ্ঠানত দুয়োকে একেলগে ৰাজহুৱাভাৱে দেখা গৈছিল । ট্ৰুডোৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, তেওঁলোক এক ঘনিষ্ঠ পৰিয়াল হৈ আছে আৰু ছফি আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সন্তানক এক সুৰক্ষিত, মৰমীয়াল আৰু সহায়ক পৰিবেশত ডাঙৰ-দীঘল কৰাৰ ওপৰত গুৰুত্ব দিছে । অহা সপ্তাহৰ পৰা পৰিয়ালটোৱে বন্ধৰ দিনবোৰত একেলগে থাকিব ।
আনহাতে, তেওঁৰ কাৰ্যালয়ে তেওঁৰ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনাইছে । জাষ্টিন ট্ৰুডো আৰু ছফি গ্ৰেগোইৰে তেওঁৰ কনিষ্ঠ ভাতৃ মিচেলৰ সহপাঠী হৈ থাকোঁতে লগ পাইছিল । তাৰ পিছত তেওঁলোক দুয়োৱে ২০০৩ চনত এক দাতব্য অনুষ্ঠানত লগ হৈছিল । ট্ৰুডো হৈছে দ্বিতীয় জন প্ৰধানমন্ত্ৰী যিয়ে কাৰ্যাকালত থাকোঁতেই তেওঁৰ বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে । ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ পিয়েৰ ট্ৰুডো আৰু মাতৃ মাৰ্গাৰেট ট্ৰুডো ১৯৭৯ চনত পৃথক হৈছিল ।
জাষ্টিন ট্ৰুডোৱে ২০১৫ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় দখল কৰে । আঠ বছৰ শাসনত থকাৰ পিছত কেলেংকাৰী, ভোটাৰৰ বিৰূপভাৱ আৰু অৰ্থনৈতিক মুদ্ৰাস্ফীতিয়ে তেওঁৰ জনপ্ৰিয়তাৰ ওপৰত প্ৰভাৱ পেলাইছে । কেইমাহমান পূৰ্বে ট্ৰুডোৱে তেওঁৰ পত্নীৰ সৈতে তেওঁলোকৰ বিবাহ বাৰ্ষিকীত হাত মিলাই থকা এখন ফটো পোষ্ট কৰি লিখিছিল, "এই যাত্ৰাৰ প্ৰতিটো মাইল একেলগে এক সাহসিক অভিযান । মই তোমাক ভালপাওঁ, ছফি । শুভ বাৰ্ষিকী !"
লগতে পঢ়ক :US on India Pakistan Issues: আমেৰিকাই বিচাৰে ভাৰত আৰু পাকিস্তানৰ পোনপটীয়া আলোচনা