ETV Bharat / international

India and Canada relation: ভাৰতৰ ওপৰত কানাডাৰ অভিযোগ গুৰুতৰ-আমেৰিকা - US on India Canada relations

খালিস্তানী নেতাৰ হত্যাত ভাৰতৰ এজেণ্ট জড়িত থকাৰ কানাডাৰ প্ৰধানমন্ত্ৰীৰ অভিযোগ গুৰুতৰ বুলি অভিহিত কৰিছে আমেৰিকাৰ ৰাজ্যিক বিভাগৰ হিন্দুস্তানী মুখপাত্ৰ মাৰ্গাৰেট মেকল'ডে । আমেৰিকাই এই সন্দৰ্ভত ভাৰত আৰু কানাডাৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ।

India and Canada relation
ভাৰতৰ ওপৰত কানাডাৰ অভিযোগ গুৰুতৰ
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 5:41 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২১ ছেপ্টেম্বৰ : ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্ক অৱনতি হোৱাক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে । কানাডাত শিখ নেতা নিজ্জাৰৰ হত্যাত ভাৰতৰ এজেণ্ট জড়িত থকাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ অভিযোগক গুৰুতৰ বুলি অভিহিত কৰি আমেৰিকাৰ ৰাজ্যিক বিভাগৰ হিন্দুস্তানী মুখপাত্ৰ মাৰ্গাৰেট মেকল'ডে কয় যে তেওঁলোকে কানাডিয়ান মুখপাত্ৰ আৰু ভাৰতৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে । মেকল’ডে কয় যে দোষীসকলক ন্যায়ৰ সন্মুখলৈ আনিব লাগিব ।

মেকল’ডে ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ কথাও উল্লেখ কৰে । দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী বুলি উল্লেখ কৰি তেওঁ কয় যে দুয়োখন দেশে বিজ্ঞান আৰু প্ৰযুক্তি, এআই, মহাকাশ আৰু শিক্ষাৰ ক্ষেত্ৰত বৃহৎ পৰ্যায়ত সহযোগিতা কৰি আছে আৰু ভৱিষ্যতেও একেধৰণে সম্পৰ্ক অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে জুন মাহত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰতীয় এজেণ্টৰ সম্ভাৱ্য জড়িত থকাৰ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ অভিযোগৰ পাছত ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক চাপত আছে । উক্ত অভিযোগত কানাডাই ভাৰতৰ এগৰাকী কূটনীতিবিদক বহিষ্কাৰো কৰিছে ।

অৱশ্যে ভাৰতে এই অভিযোগবোৰ অযৌক্তিক বুলি প্ৰত্যাখ্যান কৰিছে । তাৰ প্ৰত্যুত্তৰত ভাৰতেও এগৰাকী জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰিছে ।

উল্লেখ্য যে খালিস্তান টাইগাৰ ফ'ৰ্চৰ মুৰব্বী ৪৫ বছৰীয়া হৰদীপ সিং নিজ্জাৰক ১৮ জুনত পশ্চিম কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ চাৰেৰ এটা গুৰুদ্বাৰাৰ বাহিৰত গুলীয়াই হত্যা কৰা হয় । নেতাগৰাকীৰ এই হত্যাকাণ্ডক লৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্কত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : India-Canadian Row: কানাডাৰ নাগৰিকৰ বাবে ভিছা সেৱা অস্থায়ীভাৱে স্থগিত ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.