ETV Bharat / international

Sukhdool Singh killed: কানাডা আৰক্ষীয়ে নিশ্চিত কৰিছে গেংষ্টাৰ সুখদুল সিং গিলৰ মৃত্যু - Canada PM

হৰদীপ সিং নিজ্জাৰৰ পাছত এইবাৰ আন এটা গেংষ্টাৰ সুখদুল সিঙক হত্যা । কানাডাৰ তেওঁ বাসগৃহতে অচিনাক্ত আক্ৰমণকাৰীয়ে হত্যা কৰি থৈ যায় । কানাডা আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে ।

Sukhdool Singh killed
কানাডা আৰক্ষীয়ে গেংষ্টাৰ সুখ ডুনেকেৰ মৃত্যু নিশ্চিত কৰিছে
author img

By ANI

Published : Sep 22, 2023, 11:40 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ ছেপ্টেম্বৰ : কানাডিয়ান শিখ নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কত বিভেদ আহিছে । ইয়াৰ মাজতে কানাডাত আন এজন শিখ নেতাৰ মৃত্যু । কানাডাৰ আৰক্ষীয়ে উইনিপেগত গেংষ্টাৰ সুখদুল সিং গিল ওৰফে সুখ ডুনেকেৰ মৃত্যু নিশ্চিত কৰিছে । আৰক্ষীয়ে উল্লেখ কৰা মতে ইতিমধ্যে তেওঁৰ পৰিয়ালৰ সদস্যসকলক তেওঁৰ হত্যাৰ বিষয়ে অৱগত কৰা হৈছে । আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ।

এক বিবৃতিত উইনিপেগ আৰক্ষী কয় যে নিহত শিখ নেতাজনক ৩৯ বছৰীয়া সুখদুল সিং গিল বুলি চিনাক্ত কৰা হৈছে । বিবৃতি অনুসৰি ২০ ছেপ্টেম্বৰত উত্তৰ ইংকষ্টাৰ ঔদ্যোগিক এলেকাত ঘটনাটো সংঘটিত হৈছিল ।

উইনিপেগ আৰক্ষীয়ে বিবৃতিত কয় যে টেক্টিকেল চাপোৰ্ট দলৰ সদস্যসকলৰ সহায়ত নৰ্থ ডিষ্ট্ৰিক্ট জেনেৰেল পেট্ৰ'ল বিষয়াসকলে হেজেলটন ড্ৰাইভৰ ২০০ খণ্ডৰ এটা বাসগৃহত উপস্থিত হৈছিল । য'ত তেওঁলোকে শিখ নেতাজনৰ মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহটো লগে লগে চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় । ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

ইফালে ভাৰতৰ ম'ষ্ট ৱাণ্টেড গেংষ্টাৰ সুখদুল সিং ওৰফে সুখ ডুনেকেৰ মৃত্যুৰ প্ৰতিবেদনৰ প্ৰতি ভাৰতীয় বিভিন্ন সংস্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সূত্ৰৰ মতে ডুনেকেক অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছে । ইফালে পঞ্জাৱত থকাৰ ডুনেকেৰ পৰিয়ালেও তেওঁৰ মৃত্যু নিশ্চিত কৰিছে ।

সূত্ৰৰ মতে আমেৰিকাৰ গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ নিকট আত্মীয় গুৰলাল ব্ৰাৰৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ সুখদুল সিঙক হত্যা কৰা হৈছে । বৃহস্পতিবাৰে লৰেন্স বিষ্ণোইৰ দলৰ এজন সদস্যই হত্যাৰ দায়িত্ব লয় আৰু দাবী কৰে যে সুখদুল সিঙক উইনিপেগ চহৰৰ তেওঁৰ ফ্লেটত থাকোতে হত্যা কৰা হৈছে । সূত্ৰৰ মতে দলৰ দুজন সদস্যই তেওঁৰ হত্যা কৰিছে ।

উল্লেখ্য যে সুখ ডুনেকে মোগা জিলাৰ দাভিন্দৰ বাম্বিহা দলৰ সদস্য আছিল । তেওঁ ২০১৭ চনত স্থানীয় আৰক্ষীৰ সহায়ত পাঞ্জাৱৰ পৰা পলায়ন কৰে । সুখ ডুনেকে আৰক্ষীৰ সহায়ত জাল নথি-পত্ৰৰে পাছপোৰ্ট আৰু আৰক্ষীৰ ক্লিয়াৰেন্স প্ৰমাণপত্ৰ লাভ কৰিছিল ।

লগতে পঢ়ক :Khalistani Terrorist Killed: উত্তেজনাৰ মাজতে এইবাৰ কানাডাত খালিস্তানী নেতা সুখ ডুনেকেৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.