ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ মে' : মাইক্ৰ’ছফটৰ সহ-প্ৰতিষ্ঠাপক তথ্য বিশ্বৰ ধনী উদ্যোগপতিসকলৰ ভিতৰত অন্যতম বিল গেটছ আক্ৰান্ত হৈছে কৰ’ণাত (Bil Gates tests Covid 19 positive) । মঙলবাৰে টুইটযোগে উদ্যোগপতিগৰাকীয়ে এই কথা সদৰি কৰে ।
তেওঁ জনোৱা মতে শৰীৰত সাধাৰণ লক্ষণ দেখিবলৈ পোৱা গৈছে । সুস্থ নোহোৱা পৰ্যন্ত তেওঁ আইচ'লেশ্যনত থাকিব বুলিও জনাইছে । গেটছে লগতে কৈছে যে তেওঁ সৌভাগ্যৱান কাৰণ ক’ভিডৰ দুয়োপালি টীকাকৰণ গ্ৰহণ কৰিছে ।
ছিয়েটল স্থিত বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন (Bill and Melinda Gates Foundation) হৈছে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিগত ফাউণ্ডেচন, যাৰ আয় প্ৰায় ৬৫ বিলিয়ন ডলাৰ । ক'ভিড মহামাৰীৰ সময়তে বিল গেটছে টীকাকৰণ আৰু ঔষধ প্ৰদানতো অধিক অৰিহণা যোগাইছিল । বিশেষকৈ দুখীয়া দেশবোৰৰ সহায়ৰ বাবে তেওঁ পদক্ষেপ লৈছিল ।
অক্টোবৰত গেটছ ফাউণ্ডেচনে কৈছিল যে, নিম্ন আয়ৰ দেশবোৰৰ বাবে মাৰ্কৰ এণ্টি ভাইৰেল ক'ভিড-১৯ টেবলেটৰ জেনেৰিক সংস্কৰণৰ যোগান বৃদ্ধি কৰিবলৈ ফাউণ্ডেচনে ১২০ নিযুত ডলাৰ ব্যয় কৰিব ।
লগতে পঢ়ক : Sri Lanka crisis: চুবুৰীয়া ৰাষ্ট্ৰ হিচাবে শ্ৰীলংকাক পূৰ্ণ সহযোগিতা আগবঢ়াব ভাৰতে