ইণ্টাৰনেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্ৰত বন্দুকধাৰীৰ আতংক অব্যাহত আছে (Gunmen scare in America)। চলিত বছৰটোতে কেইবাটাও বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । যাৰ ফলত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰপতি জ' বিডেন ।
আক্ৰমণৰ বাবে ব্যৱহৃত বন্দুক আদি অস্ত্ৰ দেশখনত নিষিদ্ধ কৰাৰ বাবে পুনৰ এবাৰ আহ্বান জনাইছে ৰাষ্ট্ৰপতিগৰাকীয়ে (Biden renews call to ban assault weapons)। বৃহস্পতিবাৰে মেচাচুচেটছৰ নানটাকেটত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় পৰিদৰ্শনৰ সময়ত বিডেনে সাংবাদিকসকলক কয় যে আক্ৰমণত ব্যৱহৃত অস্ত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ চেষ্টা কৰিব । মাত্ৰ কেইদিনমানৰ ভিতৰতে দেশখনত সংঘটিত কেইবাটাও গুলীচালনাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।
শেহতীয়াকৈ কলোৰাডো স্প্ৰিংছৰ নাইট ক্লাবত এজন বন্দুকধাৰীয়ে AR-15 ষ্টাইলৰ ৰাইফলেৰে গুলীচালনা কৰিছিল (Colorado Springs nightclub firing)। য'ত পাঁচজন লোক নিহত হৈছিল আৰু আন ১৯ গৰাকী আহত হৈছিল । এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই গুলীচালনাৰ বাবে তেওঁ যথেষ্ট দুঃখিত ।
দেশখনত বন্দুক আইন অধিক কঠোৰ হোৱা উচিত বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰত অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা অদূৰ ভৱিষ্যতে অসম্ভৱ হিচাপে অনুমান কৰা হৈছে । কিন্তু এটা কথা নিশ্চিত বন্দুক আদি অস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰ প্ৰশাসন কঠোৰ নহ'লে ই ভৱিষ্যতে অতি ভয়ংকৰ ৰূপ ল'ব ।
কিয়নো ৰিপাব্লিকানসকল পৰৱৰ্তী কাৰ্যকালত হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভৰ নিয়ন্ত্ৰণত থাকিব আৰু বন্দুকৰ অধিকাৰ নিয়ন্ত্ৰণৰ বাবে আইনৰ বিৰোধিতা কৰাৰ সম্ভাৱনা আছে । গান ভায়োলেন্স আৰ্কাইভৰ মতে এই বছৰ এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত ৬০০ তকৈও অধিক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে (Mass shooting case in US this year)। যোৱা বছৰ, দেশখনত ৬৯০ টা গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ।২০২০ চনত এই সংখ্যা আছিল ৬১০ আৰু ২০১৯ চনত ৪১৭ টা আছিল ।
লগতে পঢ়ক :Kim Sister Threatening Seoul: নিষেধাজ্ঞাৰ বাবে ছিউলক ভাবুকি কিমৰ ভগ্নীৰ