ETV Bharat / international

Baltimore Catholic churches to close : বন্ধ হ'ব বাল্টিমোৰৰ ঐতিহাসিক কেথলিক গীৰ্জা

যৌন নিৰ্যাতনৰ অভিযোগৰ তথ্য পোহৰলৈ অহাৰ পাছতে ৪০ বছৰ ধৰি সেৱা আগবঢ়োৱা পাদুৰীক নিলম্বন কৰা হয় । কৰ্তৃপক্ষই নতুন পাদুৰী নিযুক্তি নিদিয়াৰ সিদ্ধান্ত লয় । অৱশ্যে বাল্টিমোৰৰ গীৰ্জাটোত সামূহিক অনুষ্ঠান আৰু প্ৰচাৰ কাৰ্যসূচী আয়োজন কৰি থাকিব ।

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:44 PM IST

Baltimore Catholic churches to close
বন্ধ হ'ব বাল্টিমোৰৰ ঐতিহাসিক কেথলিক গীৰ্জা

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : আমেৰিকাৰ বাল্টিমোৰৰ এটা ঐতিহাসিক কেথলিক গীৰ্জা বন্ধ কৰা হ'ব । কিয়নো শেহতীয়াকৈ গীৰ্জাটোৰ এগৰাকী বহু পুৰণি পাদুৰীক চৰকাৰে নিলম্বন কৰিছে । পাদুৰীজনৰ বিৰুদ্ধে কেইবা বছৰ পূৰ্বে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছিল ।

উল্লেখ্য যে যোৱা মাহত, যৌন নিৰ্যাতনৰ এক গোচৰত জড়িত থকাৰ বাবে পাদুৰী পাচল মৰ্লিনোক দক্ষিণ-পশ্চিম বাল্টিমোৰৰ ছেইণ্ট বেনেডিক্ট গীৰ্জাৰ তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল । য'ত তেওঁ প্ৰায় ৪০ বছৰ ধৰি সেৱা আগবঢ়াইছিল । আনহাতে গীৰ্জাৰ সমীপৰ দৰিদ্ৰ লোকসকলক সহায় কৰাৰ প্ৰচেষ্টাৰ বাবেও তেওঁ জনাজাত আছিল । কিন্তু মৰ্লিনোৰ বিৰুদ্ধে ২০১৮ চনৰ এক যৌন নিৰ্যাতনৰ অভিযোগৰ বিষয়ে শেহতীয়াকৈ তথ্য প্ৰকাশ পাইছিল ।

ছেইণ্ট বেনেডিক্ট দেশৰ আটাইতকৈ পুৰণি বেনেডিক্টাইন গীৰ্জা পেনচিলভেনিয়াৰ ছেইণ্ট ভিনচেণ্ট আৰ্কবেৰ মালিকানাধীন আৰু পৰিচালিত এই গীৰ্জাটো । শনিবাৰে আৰ্চিডিঅ'চিছৰ এক যুটীয়া বিবৃতিত গীৰ্জাৰ বিষয়াসকলে কয় যে তেওঁলোকে মৰ্লিনোৰ স্থানত নতুন পাদুৰীক নিযুক্তি নিদিয়ে । তেওঁলোকে কয় যে পাদুৰীৰ সংখ্যা সীমিত হোৱাৰ বাবে এনে সিদ্ধান্ত ল'বলগীয়া হয় । সমগ্ৰ বিষয়টোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰো সৃষ্টি হৈছে । স্থানীয় লোকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে নিলম্বন হোৱাৰ পাছত ৮৫ বছৰীয়া মৰ্লিনো পেনচিলভেনিয়াৰ মঠলৈ উভতি গৈছে । বিষয়াসকলে জনোৱা মতে পাদুৰীগৰাকীক নিলম্বন কৰা হৈছে যদিও বাল্টিমোৰৰ গীৰ্জাটোৱে সামূহিক অনুষ্ঠান আৰু প্ৰচাৰ কাৰ্যসূচী আয়োজন কৰি থাকিব । বিষয়াসকলে জনোৱা মতে পাদুৰীজন যৌন নিৰ্যাতন গোচৰৰ অভিযুক্ত বুলি জনাৰ পাছতে তেওঁলোকে এক আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰে আৰু অৱশেষত তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয় ।

লগতে পঢ়ক :Nobel Peace Prize laureate on hunger strike: চিকিৎসাৰ দাবীত কাৰাৰুদ্ধ অৱস্থাতে অনশনত বহিল নোবেল বঁটা বিজয়ী নাৰ্গিছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.