নিউজ ডেস্ক,২০ নৱেম্বৰ: চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা ৱাজিদক সাক্ষাৎ অসমৰ 32 জনীয়া বিধায়কৰ দলৰ (Assam MLA team at Bangladesh)৷ দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নীতকৰণ তথা দেশখনৰ বিভিন্ন দিশ নিৰীক্ষণ কৰাৰ উদ্দেশ্যৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত চুবুৰীয়া দেশখনলৈ যোৱা প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে(Bangladesh PM Sheikh Hasina Wazed) ৷

আজি দিনৰ ভাগত দেশখনৰ চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্বেখ হাচিনা ৱাজিদক অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম গণ পৰিষদ দলৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Asom Gana parishad) আৰু এ আই ইউ ডি এফ দলৰ হাফিজ বছিৰ আহমেদে সাক্ষাৎ কৰে ৷
বাংলাদেশৰ পৰা এই কথা জানিবলৈ দি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ই টিভি ভাৰতক কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অসমৰ প্ৰতিনিধি দলটোৱে দ্বিপাক্ষিক আলোচনাত মিলিত হৈ দুয়োখন দেশৰ সাংস্কৃতিক, অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে ৷

পৰৱৰ্তী সময়ত দলটোয়ে জাতীয় সংসদ পৰিদৰ্শন কৰে(Assam legislative assembly speaker Biswajit Daimary) ৷ বাংলাদেশৰ জাতীয় সংসদৰ অধ্যক্ষা ড৹ চিৰিন চাৰমীন চৌধুৰীৰ সৈতে দেশখনৰ জাতীয় সংসদ ভৱনত দুয়োখন দেশৰ বিভিন্ন সংসদীয় ব্যৱস্থাৰ ওপৰত আলোচনাত মিলিত হয় দলটো ।

অসমৰ পৰা যোৱা প্ৰতিনিধি দলটোক সংসদ ভৱনত এসাঁজ ভাতেৰে আপ্যায়ন কৰে বাংলাদেশ চৰকাৰে । অসমৰ এটি সাংস্কৃতিক দলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে চুবুৰীয়া দেশখনত । বাংলাদেশৰ বাণিজ্য মন্ত্ৰী তিপু মূনচীকো সাক্ষাৎ কৰে অসমৰ প্ৰতিনিধি দলটোৱে(Bangladesh trade and commerce minister Tipu Munshi) ৷

আজি সন্ধিয়া অসমৰ প্ৰতিনিধি দলটোৰ মনোৰঞ্জনৰ বাবে বাংলাদেশ চৰকাৰে সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ আয়োজন কৰে ৷ দেশখনৰ ৰাজধানী ঢাকাৰ কৃষিবিদ ইনষ্টিটিউশ্যনত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত বাংলাদেশৰ লগতে অসমৰো বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ পৰা গৈছে ৷ উল্লেখ্য যে, 18 নৱেম্বৰৰ দিনা অসমৰ 32 জনীয়া বিধায়কৰ দলটোৱে চুবুৰীয়া দেশ বাংলাদেশলৈ ৰাওনা হৈছিল প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা ৱাজিদক সাক্ষাতৰ উদ্দেশ্যৰে ৷
তদুপৰি এই ভ্ৰমণৰ সময়চোৱাত চুবুৰীয়া দেশখনত থকা অসমীয়া লোকসকলৰ জীৱন-ধাৰণ পদ্ধতি তথা আৰ্থ-সামাজিক পৰিস্থিতিও অধ্যয়ণ তথা নিৰীক্ষণ কৰে অসমৰ 32 জনীয়া বিধায়কৰ দলটোৱে ৷
লগতে পঢ়ক: Assam govt in debt: এপষেকত 1600 কোটিৰ ঋণ লৈ অভিলেখ অসম চৰকাৰৰ