ETV Bharat / international

Israeli ready for ground invasion: গাজাত স্থল আক্ৰমণৰ বাবে সাজু ইজৰাইল - Israel Hamas war

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্থল সেনাক গাজা আক্ৰমণ কৰিবলৈ সাজু হ'বলৈ নিৰ্দেশ দিছে । হামাছ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সমালোচনা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ।

Israeli ready for ground invasion
গাজাত স্থল আক্ৰমণৰ বাবে সাজু ইজৰাইল
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 6:16 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ অক্টোবৰ : গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে । ইতিমধ্যে পেলেষ্টাইনীসকলক আশ্ৰয় ল'বলৈ দক্ষিণলৈ যাবলৈ আহ্বান জনাইছে ইজৰাইলে । লগতে ইজৰাইলে বিমান আক্ৰমণো অব্যাহত ৰাখিছে । ইয়াৰ মাজতে গাজা চহৰৰ এটা গ্ৰীক অৰ্থোডক্স গীৰ্জাত বোমা বিস্ফোৰণ । য'ত একাংশ লোকে আশ্ৰয় লৈ আছিল । ইয়াৰ পাছতো ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্থল সেনাক আক্ৰমণ কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ দিছে । অৱশ্যে স্থল আক্ৰমণ কেতিয়া হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

ইফালে গাজাৰ চিকিৎসালয়সমূহে জেনেৰেটৰৰ লগতে চিকিৎসা সামগ্ৰী আৰু ইন্ধনৰ বাবে অপেক্ষা কৰি আছে । গাজাৰ চিকিৎসকসকলে মোবাইল ফোনৰ পোহৰেৰে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে লগতে সংক্ৰমিত আঘাতৰ চিকিৎসাৰ বাবে তেওঁলোকে ভিনেগাৰ ব্যৱহাৰ কৰিছে । এনে পৰিস্থিতিৰ মাজতে আকৌ ৰাষ্ট্ৰপতি জ' বাইডেনে ইজৰাইলক সহায়ৰ প্ৰতিশ্ৰুতি দিছে । ৰাষ্ট্ৰপতিগৰাকীৰ মতে সমগ্ৰ বিশ্বই আৱদ্ধ গাজা ষ্ট্ৰিপত নিৰীহ পেলেষ্টাইনীসকলৰ মানৱতাক উপেক্ষা কৰিব নোৱাৰে ।

ইজৰাইল-হামাছৰ যুদ্ধ আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সম্পৰ্ক স্থাপন কৰি বাইডেনে পুটিন পক্ষ আৰু হামাছক একে বুলি অভিহিত কৰিছে । বাইডেনৰ মতে তেওঁলোকে চুবুৰীয়া গণতন্ত্ৰক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰে ।

ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱাৰ মূল্যায়নত প্ৰকাশ পাইছে যে গাজাৰ হাস্পতালত হোৱা বিস্ফোৰণত ১০০ ৰ পৰা ৩০০ জন লোকৰ মৃত্যু হৈছে । আমেৰিকাৰ চোৰাংচোৱা বিষয়াসকলে এছ'চিয়েটেড প্ৰেছক জনোৱা মতে মৃত্যুৰ সংখ্যাই সকলোকে আচৰিত কৰিছে । অৱশ্যে চোৰাংচোৱা বিষয়াসকলে প্ৰমাণৰ মূল্যাংকন কৰি আছে আৰু তেওঁলোকৰ হতাহতৰ অনুমান বৃদ্ধি পাব পাৰে । বাইডেন আৰু আমেৰিকাৰ অন্যান্য বিষয়াসকলে ইতিমধ্যে কৈছে যে আল-আহলি চিকিৎসালয়ত হোৱা বিস্ফোৰণ ইজৰাইলী বিমান আক্ৰমণৰ ফলত হোৱা নাছিল ।

লক্ষণীয়ভাৱে ইজৰাইলৰ সামৰিক বাহিনীয়ে দক্ষিণ ইজৰাইলত ৭ অক্টোবৰত হামাছৰ বিধ্বংসী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে গাজাত নিৰন্তৰ আক্ৰমণ চলাই আহিছে । আনকি ইজৰাইলে পেলেষ্টাইনীসকলক গাজাৰ উত্তৰে ঠাই খালি কৰিবলৈ আৰু দক্ষিণৰ ফালে আশ্ৰয় ল'বলৈ আহ্বান জনাইছে । ফলস্বৰূপে অঞ্চলটোৰ ২.৩ নিযুত লোকৰ মাজত আশংকা বৃদ্ধি পাইছে ।

ইয়াৰ মাজতে পেলেষ্টাইনী সন্ত্ৰাসবাদীসকলে গাজা আৰু লেবাননৰ পৰা ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিছে আৰু ইজৰাইল অধিকৃত পশ্চিম তীৰত উত্তেজনা বিয়পি পৰিছে । গাজা সীমান্তত ইজৰাইলী সেনা বাহিনীক প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে সংগঠিত হ'বলৈ আৰু আভ্যন্তৰত প্ৰৱেশ কৰিবলৈ সাজু হ'বলৈ আহ্বান জনাইছে । ইজৰাইলে সীমান্তত হাজাৰ হাজাৰ সেনা মোতায়েন কৰিছে ।

আনহাতে যুদ্ধবিধ্বস্ত গাজাত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে । বাসিন্দাসকলৰ সুৰক্ষিত স্থানৰ অভাৱ হৈছে । আহাৰ আৰু খোৱাপানীৰ নাটনি দেখা গৈছে । ৰাফাৰ ইজিপ্ত-গাজা সীমান্ত বন্ধ হোৱাৰ লগে লগে গাজাৰ দ্বিতীয় বৃহত্তম চিকিৎসালয়খনত ইতিমধ্যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বেছিভাগ চিকিৎসালয়ত বিদ্যুৎ যোগান বন্ধ হৈছে ।

লগতে পঢ়ক :Biden supports Israel and Ukraine : ইজৰাইল আৰু ইউক্ৰেইনৰ পক্ষত আছে আমেৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.