ETV Bharat / international

Airshow plane crash: এয়াৰশ্ব’ চলি থাকোতেই বিমান দুৰ্ঘটনাগ্ৰস্ত: পাইলটসহ 6 জনৰ মৃত্যু

author img

By

Published : Nov 13, 2022, 12:42 PM IST

শনিবাৰে টেক্সাছৰ ডালাছ কাৰ্যবাহী বিমানবন্দৰত এটা এয়াৰ শ্ব'ৰ মাজতে আকাশতে দুখন বিমানৰ সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত বিমানৰ সদস্যসহ 6 গৰাকী লোক মৃত্যু ঘটে (6 people including pilot feared dead)৷

America: 6 people including pilot feared dead in airshow plane crash
Airshow plane crash: এয়াৰশ্ব’ বিমান দুৰ্ঘটনাত পাইলটসহ 6 জন লোকৰ মৃত্যুৰ আশংকা

আন্ত:ৰাষ্ট্ৰীয় ডেস্ক, 13 নৱেম্বৰ: আমেৰিকাৰ টেক্সাছত এয়াৰ শ্ব’ৰ মাজতে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয় (Airshow plane crash)৷ শনিবাৰে টেক্সাছৰ ডালাছ কাৰ্যবাহী বিমানবন্দৰত এটা এয়াৰ শ্ব'ৰ মাজতে আকাশতে দুখন বিমানৰ সংঘৰ্ষ হয় ৷ এয়াৰ শ্ব’ৰমাজতে বোয়িং বি-১৭ বোমাৰু আৰু এখন সৰু বিমানৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত বিমান দুখন মাটিত পৰি বিস্ফোৰণ হয় ৷ এই সংঘৰ্ষত বিমানৰ সদস্যসহ 6 গৰাকী লোক মৃত্যু ঘটে(6 people including pilot feared dead )৷

এই সমগ্ৰ ঘটনা এয়াৰশ্ব’ চাবলৈ উপস্থিত হোৱা দৰ্শকসকলৰ কেমেৰাত বন্দী হয় ৷ ভিডিঅ’ত দেখা অনুসৰি বোয়িং বি-১৭ বোমাৰু বিমানখন সৰল ৰেখাতে আকাশমাৰ্গত উৰি আছিল ৷ বেল পি-63 কিংকোব্ৰা নামৰ সৰু যুজাঁৰু বিমানখনে গৈ বাওঁফালৰ পৰা ডাঙৰ বোমাৰু বিমানখনত খুন্দিয়াই দিয়ে ৷ লগে লগে বিমান দুখন আকাশমাৰ্গতে ভাগি টুকুৰা টুকুৰ হৈ অগ্নিসংযোগ হয় ৷

এই ঘটনাৰ পিছতে এয়াৰ শ্ব’ চাই থকা দৰ্শক আৰু স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ অগ্নিসংযোগ হোৱা বিমানখন মাটিত খহি পৰাৰ লগে লগে বিভাগীয় কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয়৷ ইতিমধ্যে এই ঘটনাত বিমানখনৰ ভিতৰত থকা পাইলটসহ ক্ৰু সদস্যসকল জীৱন্তে অগ্নিদগ্ধ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

এক টুইটযোগে ডালাছৰ মেয়ৰ এৰিক জনছনে ( Dallas Mayor Eric Johnson) কয় যে এই ঘটনাৰ সন্দৰ্ভত সম্পূৰ্ণ তথ্য এতিয়াও প্ৰকাশ কৰিব পৰা হোৱা নাই ৷ আজি আমাৰ চহৰখনত এয়াৰ শ্ব'ৰ সময়ত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই সময়ত সকলো তথ্য আমি শ্বেয়াৰ কৰিব পৰা নাই ৷ ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা বোৰ্ডে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখিছে ৷ ইয়াৰ লগতে ডালাছ আৰক্ষী বিভাগ আৰু ডালাছ অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

লগতে তেওঁ কয় যে দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ বিৰুদ্ধে বিমান যুদ্ধত জয়লাভ কৰাত চাৰি ইঞ্জিনৰ বোমাৰু বি-১৭-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ একে সময়তে পি-৬৩ কিংকোব্ৰা বেল এয়াৰক্ৰাফ্টৰ দ্বাৰা নিৰ্মাণ কৰা এখন যুঁজাৰু বিমান আছিল ৷ কিন্তু এই বিমানখন কেৱল ছোভিয়েট বায়ু সেনাই যুদ্ধত ব্যৱহাৰ কৰিছিল ৷

এই ঘটনাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেশ্যনে (এফ.এ.এ.) এজেণ্ট আৰু ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা বোৰ্ডক সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ উল্লেখ্য যে 2019 চনৰ 2 অক্টোবৰ তাৰিখে বি-17 যুঁজাৰু বিমানখন ডাঙৰ দুৰ্ঘটনাত পতিত হৈছিল৷কানেক্টিকাটৰ উইণ্ডছৰ লকছৰ এটা বিমানবন্দৰত হোৱা এই দুৰ্ঘটনাটোত 7 গৰাকী লোকৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক: Maldives garage fire: মালদ্বীপৰ ভয়ংকৰ অগ্নিকাণ্ডত ৮ ভাৰতীয়ৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.