ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট: অন্ত পৰা নাই পেলেষ্টাইন-ইজৰাইলৰ সংঘাত ৷ পেলেষ্টাইনী শৰণাৰ্থী শিবিৰত বছৰ বছৰ ধৰি ইজৰাইলে সামৰিক অভিযান চলোৱাৰ পিছত পেলেষ্টাইনীসকলে নিজৰ ক্ৰোধ নিজৰ নিৰাপত্তা বাহিনীৰ ওপৰত দেখুৱায় । 3 জুলাইৰ বিধ্বংসী অভিযান আৰু ইজৰাইলৰ সৈতে দীৰ্ঘদিনীয়া, নিৰাপত্তা মিত্ৰতাৰ পৰা পেলেষ্টাইন কৰ্তৃপক্ষই তেওঁলোকক ৰক্ষা কৰিব নোৱাৰাৰ বিৰুদ্ধে ক্ষোভৰ ঢৌৱে তেওঁলোকে পেলেষ্টাইনৰ নিৰাপত্তা ভৱনসমূহত বন্দুকৰ গুলী, অগ্নি বোমা আৰু পাইপ বোমা নিক্ষেপ কৰে । জেনিনৰ আৰক্ষী মুৰব্বী ব্ৰি. জেনেৰেল আজ্জাম জেবাৰাই এক অনুষ্ঠানত এইদৰে কয় ।

‘‘এইটো এটা সতৰ্কবাণী আছিল ।’’ তেওঁ লগতে কয়, "ইজৰাইলৰ বাবে হামাছ এক ডাঙৰ ভাবুকি আৰু ফাটাহৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী দুয়োটা । জুলাইৰ অশান্তিয়ে পেলেষ্টাইনীসকলৰ অৰ্ধ-স্বায়ত্ত শাসিত চৰকাৰৰ প্ৰতি পুঞ্জীভূত হৈ থকা ক্ষোভ উদঙাই দিলে আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা নিৰাপত্তা বাহিনীৰ হিচাপ ল’বলৈ বাধ্য কৰালে ৷ যিয়ে নিজৰ নীলা ছদ্মবেশৰ ইউনিফৰ্ম পিন্ধি পেলেষ্টাইনী সমাজত ছিন্নভিন্ন উত্তেজনাক মূৰ্ত কৰি তুলিবলৈ আহিছে ।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াহু উগ্ৰ সোঁপন্থী চৰকাৰৰ অধীনত ইহুদী বসতিপ্ৰধান লোকৰ আমূল আক্ৰমণ আৰু ইজৰাইলৰ সামৰিক অভিযান বৃদ্ধি পোৱাৰ লগে লগে জেনিনৰ আইন প্ৰয়োগকাৰী ব্যৱস্থাটো পতনৰ দিশে আগবাঢ়িছে ৷ “যদি আমি ভাবো যে আমি এতিয়া নিয়ন্ত্ৰণ স্থাপন কৰিছো, তেন্তে আমি নহয় নিজকে বোকা পানী খুৱাই লৈছো ৷" জেনিনৰ ঘৰুৱা চোৰাংচোৱা সংস্থা প্ৰিভেণ্টিভ ছিকিউৰিটিৰ উপ-মূৰব্বী ইব্ৰাহিম আবাহৰেই এইদৰে কয় ।
“যিকোনো মুহূৰ্ততে ইজৰাইলী সেনাই প্ৰৱেশ কৰিব পাৰে আৰু বিস্ফোৰণ ঘটিব পাৰে । যোৱা বছৰৰ পৰা পেলেষ্টাইনী বাহিনীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা জেনিন শৰণাৰ্থী শিবিৰৰ পৰা উগ্ৰপন্থীয়ে পশ্চিম পাৰ আৰু ইজৰাইলত প্ৰচণ্ড গুলীচালনা কৰিছে । ইজৰাইলৰ সৈন্যই বাৰে বাৰে অভিযান চলাই সন্দেহযুক্ত উগ্ৰপন্থীক হত্যা কৰি বন্দী কৰি আহিছে ৷ 3 জুলাইত ইজৰাইলৰ বিশেষ বাহিনীয়ে ড্ৰোন আক্ৰমণৰ শিবিৰটোত প্ৰৱেশ কৰাত 12 জন পেলেষ্টাইনী নিহত হয়, ইয়াৰে কমেও 8 জন উগ্ৰপন্থী ৷ এই ঘটনাৰ ফলত কেইবা ডজন লোক আহত হোৱাৰ লগতে ধ্বংসস্তুপত পৰিণত হয় বহু সা-সামগ্ৰী ৷

এই অভিযানত এজন ইজৰাইলী সৈনিকো নিহত হয় জানিব পৰা গৈছে । প্ৰায় দুটা দশকৰ ভিতৰত এই ভূখণ্ডৰ সৰ্বাধিক মৃত্যুৰ সংখ্যা । ইজৰাইলৰ ওপৰত পেলেষ্টাইনী আক্ৰমণত এই বছৰ 27 জন লোকৰ মৃত্যু হৈছে ৷ ইজৰাইলে কয় যে, তেওঁলোকৰ আক্ৰমণ সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টা যিটো পেলেষ্টাইনী নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: US presidential polls : ভাৰতীয়মূলৰ বিবেক ৰামাস্বামীক যোগ্য প্ৰাৰ্থী হিচাপে প্ৰশংসা মাস্কৰ