ETV Bharat / international

Earthquake hits Indonesia: পুৱাতেই প্ৰবল ভূমিকম্পই জোঁকাৰি গ’ল পশ্চিম ইণ্ডোনেছিয়াক

author img

By

Published : Jan 16, 2023, 8:00 AM IST

Updated : Jan 16, 2023, 8:30 AM IST

পশ্চিম ইণ্ডোনেছিয়াত ভূমিকম্প ৷ সোমবাৰে পুৱা 3.59 বজাত অনুভূত হয় এই ভূমিকম্পটো ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 6.2 (Earthquake hits Indonesian coast) ৷

Earthquake hits Indonesia
পশ্চিম ইণ্ডোনেছিয়াত ভূমিকম্প

ইন্টাৰনেশ্যনেল ডেস্ক, 16 জানুৱাৰী: সোমবাৰে পুৱাতেই এটা প্ৰবল ভূমিকম্পই জোঁকাৰি গ’ল পশ্চিম ইণ্ডোনেছিয়াক (Earthquake hits Indonesian coast) ৷ দেশখনৰ স্থানীয় সময় অনুসৰি দোকমোকালি প্ৰায় 3.59 বজাত অনুভূত হয় এই ভূমিকম্পটো ৷ বৰ্তমানলৈকে ভূমিকম্পটোত কোনো ক্ষয়-ক্ষতি হোৱাৰ খবৰ লাভ কৰা নাই ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 6.2 (Earthquake jolted the coast of Indonesia) ৷

আচে প্ৰদেশৰ উপকূলীয় জিলা ছিংকিলৰ পৰা দক্ষিণ-পূব দিশে প্ৰায় 40 কিঃমি দূৰত্বত ভূ-পৃষ্ঠৰ প্ৰায় 48 কিঃমিঃ গভীৰতাত উৎপত্তি হয় এই কম্পনৰ (Earthquake in Indonesia) ৷ ভূমিকম্পটোৰ প্ৰাবল্য বেছি যদিও ইণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান, জলবায়ু বিজ্ঞান আৰু জিঅ’ফিজিক্স বিভাগে কোনো চুনামিৰ আশংকা ব্যক্ত কৰা নাই ৷ ২৭ কোটিতকৈ অধিক লোকৰ বিশাল বসতিস্থল দ্বীপপুঞ্জ ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰীয় অৱবাহিকাত আগ্নেয়গিৰি প্ৰৱন আৰু ফল্ট লাইনত অৱস্থিত হোৱাৰ বাবে সঘনাই ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণৰ সন্মুখীন হয় (Indonesia Earthquake updates)।

লগতে পঢ়ক: Gadkari Death Threats : নীতিন গাডকাৰীক মৃত্যুৰ ভাবুকি, কৰ্ণাটকৰ কাৰাগাৰত অভিযুক্তৰ সন্ধান

যোৱা ২১ নৱেম্বৰত ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পত পশ্চিম জাভাৰ চিয়ানজুৰ চহৰত কমেও ৩৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৬০০ লোক আহত হৈছিল । ২০১৮ চনত চুলাৱেছিৰ ভূমিকম্প আৰু চুনামীৰ ফলত প্ৰায় ৪৩৪০ জন লোকৰ মৃত্যু হোৱাৰ পিছত ইণ্ডোনেছিয়াত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ দুৰ্যোগ (Strong earthquakes in Indonesia)।

২০০৪ চনত ভাৰত মহাসাগৰৰ এক অতিশয় শক্তিশালী ভূমিকম্পৰ ফলত এক ডজন দেশৰ ২ লাখ ৩০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে অধিকাংশই আছিল ইণ্ডোনেছিয়াৰ আচে প্ৰদেশৰ ।

লগতে পঢ়ক: Educational tour bus accident : গোৱালপাৰাত দুৰ্ঘটনাত পতিত হ’ল শিক্ষামূলক ভ্ৰমণৰ বাছ; আহত 100 ৰোধিক

Last Updated : Jan 16, 2023, 8:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.