ETV Bharat / international

Terrorist killed: পাকিস্তানত সেনাৰ গুলীচালনাত নিহত ৮ সন্ত্ৰাসবাদী - Inter Service Public Relations

সেনাৰ গুলীচালনাত পাকিস্তানৰ ৱাজিৰিস্তান জিলাৰ জাৰমিলান অঞ্চলত নিহত ৮ সন্ত্ৰাসবাদী (8 militants killed in Pakistan army firing) । প্ৰকাশিত এক তথ্য অনুসৰি সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ২ গৰাকী সেনা জোৱানো ।

8 militants killed in Pakistan army firing
পাকিস্তানত সেনাৰ গুলীচালনাত নিহত ৮ সন্ত্ৰাসবাদী
author img

By

Published : Apr 16, 2023, 10:24 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ দক্ষিণ ৱাজিৰিস্তান জিলাৰ জাৰমিলান অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা । গুলীবৰ্ষণত নিহত আঠটাকৈ সন্ত্ৰাসবাদী (8 militants killed in Pakistan army firing) । ডন বাতৰি কাকত প্ৰকাশিত তথ্য অনুসৰি উক্ত গুলীচালনাৰ ঘটনাত নিহত হয় দুগৰাকী নিৰাপত্তা বিষয়াও ।

আন্তঃসেৱা জনসম্পৰ্কৰ পৰা তথ্য অনুসৰি, সামৰিক বাহিনীৰ সংবাদ মাধ্যমৰ বিষয়ৰ শাখাই কয় যে ঘটনাটোত দুজন নিৰাপত্তা বিষয়া নিহত হৈছে । আইএছপিআৰৰ মতে (Inter-Service Public Relations), নিহত সৈনিক দুজন, কুৰম জিলাৰ পাৰাচিনাৰৰ বাসিন্দা এজন ২৫ বছৰীয়া লেন্স নায়েক ছোৱেব আলী আৰু লাক্কি মাৰ্ৱাট জিলাৰ বাসিন্দা ২২ বছৰীয়া চিপাহী ৰফি উল্লাহ ।

উল্লেখ্য যে উক্ত অঞ্চলত নিৰীহ লোকক হত্যা আৰু বিভিন্ন কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ ক্ষেত্ৰত সততে সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে সেনা বিষয়াসকল । শনিবাৰে নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সক্ৰিয় গুলী তথা বন্দুক (Eight terrorists killed in army firing) । ডন বাতৰি কাকতত প্ৰকাশিত তথ্য় অনুসৰি কে পি ৰ বাজাউৰ জিলাৰ লোচাম অঞ্চলত মঙলবাৰেও এটা আইবিঅ'ৰ সময়ত নিৰাপত্তাৰক্ষীয়ে তিনিটাকৈ সন্ত্ৰাসবাদীক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে সোমবাৰে তেওঁলোকে কেপিৰ বান্নু জিলাত এটা আইবিঅ'ৰ সময়তো তিনিটা সন্ত্ৰাসবাদীক ধৰাশায়ী কৰিছিল । বাতৰি কাকতখনে প্ৰকাশ কৰে যে যোৱা কেইমাহমানৰ পৰা দেশৰ আইন-শৃংখলাপৰিস্থিতি অধিক বেয়া হৈ পৰিছে কিয়নো সন্ত্ৰাসবাদী সংগঠনসমূহে সমগ্ৰ দেশতে প্ৰায় নিয়ন্ত্ৰণহীনভাৱে আক্ৰমণ চলাই আছে । তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) নামৰ এক উগ্ৰপন্থী সংগঠনে যোৱা বছৰৰ নৱেম্বৰত তেওঁলোকৰ সৈতে আলোচনা সমাপ্ত হোৱাৰ পিচত ইয়াৰ আক্ৰমণ বৃদ্ধি কৰিছে । মুখ্যতঃ আফগানিস্তানৰ সীমান্তৱৰ্তী কেপি আৰক্ষী আৰু অঞ্চলসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাবাদীয়ে ।

লগতে পঢ়ক: Sudan clash: সেনা আৰু পেৰা মিলিটাৰী গ্ৰুপৰ সংঘৰ্ষত নিহত ২৫ জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.