ETV Bharat / international

53rd International Film Festival : 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে সাজু হৈছে গোৱা - Alma and Oscar

20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ'ব ভাৰতৰ 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । ইতিমধ্য সাজু হৈ উঠিছে সপোনৰ নগৰী গোৱা (53rd International Film Festival)৷

53rd International Film Festival
৫৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে সাজু হৈছে গোৱা
author img

By

Published : Nov 14, 2022, 10:50 PM IST

নিউজ ডেস্ক, 14 নৱেম্বৰ : অধিক ৰঙীণ হৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে সাজু হৈছে সপোনৰ নগৰী গোৱা ৷ আগন্তুক 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ'ব ভাৰতৰ 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Goa International Film Festival) ।

চলচ্চিত্ৰ মহোৎসৱখনৰ শুভাৰম্ভনি হ’ব অষ্ট্ৰিয়াৰ ‘আলমা এণ্ড অস্কাৰ’(Alma and Oscar) ছবিৰে আৰু পৰিসমাপ্তি হ’ব জাৰ্মানীৰ ‘ফিক্সেচন’ ছবিৰে(Fixation)৷ উক্ত চলচ্চিত্ৰ মহোৎসৱৰ অন্যতম আকৰ্ষণ হ’ব প্ৰথমবাৰৰ বাবে সাগৰৰ বুকুত স্থাপন হ’বলগীয়া পেভিলিয়ন (Pavillion in lap of sea)।

তাৎপৰ্যপূৰ্ণ যে, এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত(53rd International Film Festival) বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰোপৰি আন কেইবাটাও কাৰণত গোৱাৰ চলচ্চিত্ৰ মহোৎসৱ অনন্য হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷ য’ত মাৰ্কেট স্ক্ৰীনিং, হোমিঅ'পেথী আৰু আয়ুৰ্বেদিক সম্পৰ্কীয় প্ৰদৰ্শনীৰো ব্যৱস্থা কৰিছে আয়োজক মণ্ডলীয়ে ৷ আনহাতে মহোৎসৱৰ লগত সংগতি ৰাখি গোৱাৰ বিভিন্ন স্থানতো ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে, যিসমূহ সাধাৰণ দৰ্শকে উপভোগ ,কৰিব পাৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে জানিব পৰা মতে, গোৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাকিস্তান আৰু চীনৰ পৰা কোনো ছবি প্ৰদৰ্শিত নহয় ৷

লগতে পঢ়ক : Hrithik Roshan Fighter : তেজপুৰ বায়ুসেনা ঘাটিত বলিউডৰ অভিনেতা ঋত্ত্বিক ৰোশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.