ETV Bharat / international

নিউয়ৰ্কৰ ৰে’ল ষ্টেচনত 5 জনক গুলীয়াই হত্যা

মঙলবাৰে পুৱা নিউয়ৰ্কৰ ব্ৰুকলিনৰ এটা চাবৱে ষ্টেচনত পাঁচজন লোকক গুলীয়াই হত্যা কৰিছে কোনো অচিনাক্ত লোকে ৷ একাধিক বিভাগীয় সূত্ৰই তদন্তৰ পিছত অৱগত কৰা অনুসৰি, এজন সন্দেহযুক্ত ব্যক্তি সেই স্থানৰ পৰা কনষ্টাকচনৰ কাম কৰা সাজ আৰু গেছ মাস্ক পিন্ধি পলাই গৈছিল (suspect fled wearing construction vest and gas mask) ।

5-shot-unexploded-devices-found-at-nyc-train-station
নিউয়ৰ্কৰ ৰেল ষ্টেচনত 5 জনক গুলীয়াই হত্যা
author img

By

Published : Apr 12, 2022, 9:24 PM IST

নিউয়ৰ্ক, 12 এপ্ৰিল : নিউয়ৰ্কৰ ব্ৰুকলিনৰ এটা চাবৱে ষ্টেচনত মঙলবাৰে ৰাতিপুৱা পাঁচজন লোকক গুলীয়াই হত্যা কৰা হৈছে (5 shot at NYC train station) । নিউয়ৰ্ক চিটিৰ অগ্নি নিৰ্বাপক বাহিনীৰ (New York City Fire Department ) এজন মুখপাত্ৰই কয় যে, চানছেট পাৰ্কৰ ৩৬ নং ষ্টেচনৰ পৰা ওলোৱা ধোঁৱাৰ বাবে উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে তাত একাধিক গুলীবিদ্ধ লোক তথা সজীৱ গুলী উদ্ধাৰ কৰে ।

অগ্নি নিৰ্বাপক বাহিনীয়ে সদৰি কৰে যে, এই ঘটনাত 13 জন লোক আহত হৈছে । একাধিক বিভাগীয় সূত্ৰই তদন্তৰ পিছত অৱগত কৰা অনুসৰি, এজন সন্দেহযুক্ত ব্যক্তি সেই স্থানৰ পৰা কনষ্টাকচনৰ কাম কৰা সাজ আৰু গেছ মাস্ক পিন্ধি পলাই গৈছিল । ঘটনাস্থলীৰ পৰা অহা এখন ফটোত বহু মানুহে ষ্টেচনৰ মজিয়াত গুলীবিদ্ধ অৱস্থাত পৰি থকা লোকসকলৰ যত্ন লোৱা দেখা গৈছে ৷

নিউয়ৰ্ক মহানগৰৰ মেয়ৰ এৰিক এডামছৰ কাৰ্যালয়ৰ পৰা তাৎক্ষণিকভাৱে এই ঘটনাৰ অধিক বিৱৰণ লাভ কৰা হোৱা নাই । এজন মুখপাত্ৰৰ মতে, এডামছ মঙলবাৰে ৰাতিপুৱা নিজৰ বাসগৃহত আছিল আৰু তাতেই তেওঁক ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছিল ।

লগতে পঢ়ক : পঞ্জাৱৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী হ’লগৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.