ETV Bharat / international

Danger Landslide in China: ভূমিস্খলনত নিহত 19 জন; আৱদ্ধ 180 জন - ভূমিস্খলন

চীনৰ দক্ষিণ পশ্চিম চিচোৱান প্ৰদেশত ভংয়কৰ ঘটনা ৷ ভূমিস্খলনৰ ফলত 19 জনৰ মৃত্যু ৷ 180 জনক উদ্ধাৰ (China landslide) ৷ সবিশেষ আগলৈ-

19 killed in southwest China landslide
ভূমিস্খলন
author img

By

Published : Jun 5, 2023, 1:29 PM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 5 জুন : চীনৰ দক্ষিণ পশ্চিম চিচোৱান প্ৰদেশত ভংয়কৰ ঘটনা সংঘটিত হৈছে (China's Sichuan Province) ৷ দেওবাৰে এখন পাহাৰীয়া অঞ্চলত হোৱা ভয়ংকৰ ভূমিস্খলনত নিহত হৈছে 19 জনৰো অধিক লোক ৷ আনহাতে কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ লগতে আৱদ্ধ হৈ থকা 180 জনক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে (19 Death 180 Rescue in China landslide) ৷

লেহান চহৰৰ সমীপৰ জিনকওসি নামৰ অঞ্চলত সন্ধিয়া 6 বজাত পাহাৰৰ বৃহৎ এটা অংশ খহি পৰাত (Jinkouhe) দুৰ্ঘটনাটো সংঘটিত হয় ৷ উদ্ধাৰকাৰী দলে অভিযান চলাই আছে, কিন্তু বৰ্তমানেও 5 জনকৈ লোকৰ নাই সন্ধান (Five Missing) ৷ চীনৰ সংবাদ প্ৰতিষ্ঠন চিচিটিভিয়ে জনোৱা অনুসৰি, এই ঘটনাৰ অন্যতম কাৰণ পাহাৰখনত চলি থকা খনন কাৰ্য ৷ খনন কাৰ্যৰ ফলতে খহি পৰে পাহাৰৰ এটা অংশ (Sichuan)৷ ফলত নিচেই সমীপতে বসবাস কৰা লোকৰ বাসগৃহ পুতি পেলাই বোকা আৰু আৰ্বজনাই (Landslide injured Evacuated to a safe location) ৷

নিশা আঠ বজালৈ চলা উদ্ধাৰ অভিযানৰ পাচত আজি পুনৰ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে পথৰ পৰা আৰ্ৱজনা আঁতৰোৱাৰ চেষ্টা কৰি থকা হৈছে ৷ ইফালে বিভিন্ন প্ৰান্তত আৰু দুৰ্যোগ হোৱাৰ সম্ভাৱনা আছে বুলি সতৰ্কবাণী প্ৰদান কৰিছে বিভাগীয় বিষয়াই ।

ইয়াৰ আগতে 2008 চনত ফেব্ৰুৱাৰীত উত্তৰ মংগোলিয়া অঞ্চলৰ এটা খনিত পানী সোমাই যোৱাত খহি পৰে যাৰ ফলত 50 জনৰো অধিক লোকক সন্ধানহীন বা মৃত বুলি ঘোষণা কৰা হৈছিল ।

2017 চনত চিচোৱান প্ৰদেশত কেইবাটাও ভূমিস্খলনৰ সৃষ্টি হৈছিল (Landslides in China) ৷ তাৰ ভিতৰত অন্যতম আছিল জিনমো নামৰ পাহাৰীয়া গাওঁখনত হোৱা ভূমিস্খলনটো ৷ গাওঁখন সম্পূৰ্ণৰূপে সমাধিস্থৰ হোৱাৰ লগতে সমান্তৰালকৈ 60 জন লোক নিহত হৈছিল (Village of Xinmo)৷ একেদৰে 2019 চনতো ধাৰাষাৰ বৰষুণৰ ফলত কেইবাটাও ভূমিস্খলন হৈছিল, য’ত মুহূৰ্ততে পুতি পেলাইছিল মেৰামতি কৰি থকা এটা ৰে’লপথ (2019 Massive rains)।

লগতে পঢ়ক : Plane crashes in Virginia : ৱাশ্বিংটনৰ আকাশত এখন বিমানৰ সন্দেহজনক উৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.