ETV Bharat / international

Florida mass shooting : ফ্ল'ৰিডাৰ গুলীচালনাত ১০ গৰাকী লোক আহত

author img

By

Published : Jan 31, 2023, 12:43 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডাৰ গুলীচালনা (Florida firing case)। দুৰ্বৃত্তৰ গুলীবৰ্ষণত প্ৰায় ১০ গৰাকীকৈ লোক আহত । ২ জনৰ অৱস্থা সংকটজনক । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ।

Florida mass shooting
ফ্ল'ৰিডাৰ গুলীচালনাত ১০ গৰাকী লোক আহত

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ জানুৱাৰী : আমেৰিকা যুক্তৰাষ্ট্ৰত গণহত্যা অব্যাহত আছে (America mass killing)। এইবাৰ ফ্ল'ৰিডা চহৰত ভয়ংকৰ গুলীবৰ্ষণৰ ঘটনা । দুৰ্বৃত্তৰ গুলীবৰ্ষণত প্ৰায় ১০ জনকৈ লোক আহত হয় (10 injured in mass shooting in Florida)। আনহাতে গুলীবিদ্ধ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । দুৰ্বৃত্তই গুলীবৰ্ষণত এখন নীলা ৰঙৰ চাৰিখন দৰ্জা থকা বিলাসী বাহন ব্যৱহাৰ কৰিছিল ।

উল্লেখ্য যে গুলীচালনাৰ ঘটনাটো ফ্ল'ৰিডা চহৰৰ লেকলেণ্ডত সংঘটিত হৈছে (Florida Lakeland firing)। আৰক্ষীয়ে সংবাদমাধ্যমক জনোৱা মতে সোমবাৰে এই গুলীচালনাৰ ঘটনাটো সংঘটিত হয় । আৰক্ষী বিভাগৰ মুৰব্বী ছেম টেইলৰে কোৱা মতে এখন নীলা ৰঙৰ চাৰিখন দৰ্জা থকা বিলাসী বাহন লেহেমীয়া গতিৰে আহি আছিল । এটা সময়ত বাহনখনৰ আটাইকেইখন গ্লাছৰ খিৰিকী তললৈ নমাই দিয়া হৈছিল ।

বাহনখনৰ ভিতৰত ৪ টা বন্দুকধাৰী দুৰ্বৃত্তক দেখা গৈছিল । কিছু মুহূৰ্তৰ পাছতে বাহনখনৰ পৰা দুৰ্বৃত্তকেইটাই নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে । ৰাজপথৰ দুয়োকাষে থকা সাধাৰণ নাগৰিকক লক্ষ্য কৰি দুৰ্বৃত্ত কেইটাই গুলীচালনা কৰিছিল ।

আৰক্ষীয়ে জনোৱা মতে নিৰ্বিচাৰ গুলীচালনা কৰিয়ে বাহনখন সেই স্থানৰ পৰা তীব্ৰগতিত পলায়ন কৰে । সম্প্ৰতি আৰক্ষীয়ে নীলা ৰঙৰ বিলাসী বাহনখন আৰু দুৰ্বৃত্ত কেইটাক বিচাৰি তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে জনোৱা মতে আবেলি প্ৰায় ৩.৪৩ বজাত আইৱা এভিনিউ নৰ্থ আৰু প্লাম ষ্ট্ৰীটৰ সমীপৰ অঞ্চলটোত গুলীচালনাৰ ঘটনাটোৰ তথ্য লাভ কৰিছিল । এই গুলীচালনাৰ ঘটনাটোত আহত আটাইকেইজনে পুৰুষ আছিল বুলি জানিব পৰা গৈছে । আনহাতে ভুক্তভোগীসকলৰ বয়স ২০ ৰ পৰা ৩৫ বছৰৰ ভিতৰত আছিল ।

আৰক্ষী বিষয়া টেইলৰে জনোৱা মতে ঘটনাটোৰ পাছতে দুৰ্বৃত্তৰ দলটোৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰা হৈছে (Police starts investigation on Florida firing case)। আনহাতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে কিছু গাঞ্জা উদ্ধাৰ কৰিছে । সেয়ে আৰক্ষীয়ে সন্দেহ কৰা মতে সেই সময়ত নিচাজাতীয় সামগ্ৰী বিক্ৰী বা গাঞ্জাৰ বিক্ৰী চলি আছিল । অৱশ্যে এয়া কিমান সঁচা এতিয়াও স্পষ্ট হোৱা নাই ।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে তেওঁৰ ৩৪ বছৰীয়া কৰ্মজীৱনত কেতিয়াও এনে ধৰণৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা দেখা নাই । লেকলেণ্ডৰ এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে ।

লগতে পঢ়ক :Explosion in Peshawar Mosque : পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণত নিহত ২৫

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.