নিউজ ডেস্ক, ২১ জানুৱাৰী: বৃহস্পতিবাৰে ইৰাকৰ ৰাজধানী বাগদাদত সংঘটিত হয় এক বিস্ফোৰণৰ । দুটাকৈ আত্মঘাটি বিস্ফোৰণত নিহত হয় প্ৰায় সাতজনকৈ লোক আৰু আহত হয় ২০ জন । আহতসকলৰ অৱস্থা অতি সংকটজনক । সম্প্ৰতি আটাইকেইজন চিকিৎসাধীন ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বাগদাদৰ বাণিজ্যিক কেন্দ্ৰত সংঘটিত হয় দুটাকৈ আত্মঘাটি বিস্ফোৰণ । ইৰাক চৰকাৰৰ তৰফৰ পৰা জনায় এই কথা ।
উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰ মাহত ইৰাকত অনুষ্ঠিত হ'ব নিৰ্বাচন ।
লগতে পঢ়ক: বাইডেনৰ ৰাষ্ট্ৰপতি কাল কেনেকুৱা হ’ব?