ETV Bharat / international

কৰ‘ণা ভাইৰাছঃ ছৌদি আৰবৰ ৰজা বিন চলমানৰ G20 ভিডিঅ‘ কনফাৰেন্স - ৰাষ্ট্ৰসংঘ,বিশ্ব বেংক,বিশ্ব স্বাস্থ্য সংস্থা

অৰ্থনৈতিক সংকট সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা কৰিবলৈ বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিনিধিত্বত চলা G-20 শিখৰ সন্মিলনৰ ৰিয়াদ চহৰৰ পৰা এক ভিডিঅ‘ কনফাৰেন্সৰ আয়োজন কৰিছে ছৌদি আৰৱৰ ৰজা বিন চলমানে ৷

কৰ‘ণা ভাইৰাছঃ ছৌদি আৰবৰ ৰজা বিন চলমানৰ G20 ভিডিঅ‘ কনফাৰেন্স

author img

By

Published : Mar 25, 2020, 12:10 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 25 মাৰ্চঃ কৰ‘ণা ভাইৰাছে বিশ্বজুৰি সম্প্ৰতি ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ এই মহামাৰীৰ ফলত বিধ্বস্ত হৈছে বিশ্বৰ প্ৰায়বোৰ দেশৰ অৰ্থনীতিক ব্যৱস্থা ৷ এই অৰ্থনৈতিক সংকট সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা কৰিবলৈ বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিনিধিত্বত চলা G20 শিখৰ সন্মিলনৰ ৰিয়াদ চহৰৰ পৰা এক ভিডিঅ‘ কনফাৰেন্সৰ আয়োজন কৰিছে ছৌদি আৰৱৰ ৰজা বিন চলমানে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব এই জৰুৰীকালীন কনফাৰেন্স ৷ এই ভিডিঅ‘ কনফাৰেন্সত অধ্যক্ষতা কৰিব ছৌদিৰ ৰজাগৰাকীয়ে ৷ বিশ্বই সন্মুখীন হোৱা অৰ্থনৈতিক সংকটৰ পৰা হাত সাৰিবলৈ উপায় সন্দৰ্ভত আলোচনা কৰা হ‘ব এই কনফাৰেন্সত ৷ ভিডিঅ‘ কনফাৰেন্সত অংশগ্ৰহণ কৰিব সন্মিলনৰ অন্য সদস্য দেশ স্পেইন,জৰ্দান,ছিংগাপুৰ আৰু ছুইজাৰলেণ্ডৰ লগতে অন্য প্ৰভাৱিত দেশসমূহ উপস্থিত থাকিব ৷ এই কনফাৰেন্সত অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেবাটাও সংস্থা যেনে: ৰাষ্ট্ৰসংঘ,বিশ্ব বেংক,বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব বাণিজ্য সংস্থায়ো অংশগ্ৰহণ কৰিব ৷ এই ভি্ডিঅ‘ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ অৰ্থব্যৱস্থাৰ ভাৰসাম্য ৰক্ষা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া সংগ্ৰহ কৰি পৰ্যালোচনা কৰা হ‘ব ৷

লগতে চাওকঃ বন্ধ থাকিব বাংলাদেশ সীমান্ত, ভাৰতীয় ছাত্ৰই হোষ্টেলতে কটাব লাগিব সময় : বিভাগীয় কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.