ETV Bharat / international

ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নাফটালি বেনেট - ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু

ইজৰাইলৰ ১২০ জনীয়া চিনেটে (সদন) দেওবাৰে ৬০-৫৯ টা ভোটৰ ব্যৱধানত নাফটালি বেনেটেক ইজৰাইলৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷ ইয়াৰ পূৰ্বে বেঞ্জামিন নেতানিয়াহুৱে প্ৰায় 12 বছৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

Naftali Bennett is Israel's new PM, Netanyahu ousted
ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচনত নাফটালি বেনেট
author img

By

Published : Jun 14, 2021, 10:19 AM IST

ইণ্টাৰনেছনেল ডেস্ক, 14 জুন : ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দেওবাৰে নাফটালি বেনেটে (Naftali Bennett) শপত গ্ৰহণ কৰে ৷ ইজৰাইলত প্ৰায় ১২ বছৰ ক্ষমতাত থকা প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ (Benjamin Netanyahu) শাসনৰ অৱসান ঘটাই ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় নাফটালি বেনেট (Naftali Bennett) ।

ইজৰাইলৰ ১২০ জনীয়া চিনেটে (সদন) ৬০-৫৯ টা ভোটৰ ব্যৱধানত তেওঁক ইজৰাইলৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷ ইজৰাইলৰ সোঁ পন্থী য়ামিনা দল (Right-Wing Yamina party)ৰ নেতা নাফটালি বেনেট (Naftali Bennett) মন্ত্ৰীসভাখন ২৭ জন মন্ত্ৰীৰে গঠন কৰা হৈছে ৷ ইয়াৰে ৯ গৰাকী মহিলা মন্ত্ৰী । নতুন চৰকাৰখনত সোঁপন্থী, বাওঁপন্থী আৰু কেন্দ্ৰৰ লগত এটা আৰৱ দলৰ সমৰ্থনত ভিন্ন ৰাজনৈতিক দলৰ মিত্ৰজোঁটত 120 জনীয়া চিনেটৰ দ্বাৰা গঠন কৰা হৈছে ৷ ৬৭ জন আইনী উপদেষ্টাৰ সমৰ্থনত য়েশ আতিদ দল (Yesh Atid party)ৰ মিকি লেভিক সদনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় ৷

নাফটালি বেনেটে (Naftali Bennett) চিনেটত নতুন মন্ত্ৰীসভাৰ আগত দিয়া ভাষণত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু (Benjamin Netanyahu)ৰ দ্বাৰা বিভিন্ন সময়ত সন্মুখীন হোৱা বাধাৰ বিষয়ে উল্লেখ কৰে ৷ তেওঁ প্ৰতিদ্বন্দী মন্ত্ৰীসকলৰ নিৰন্তৰ বিদ্বেষৰ মাজত বিভিন্ন মতামতৰ লোকৰ সৈতে বহিব পৰা ক্ষমতাৰ বাবে গৌৰৱান্বিত বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে । তেওঁ লগতে দলে নিৰ্ণায়ক মুহুৰ্তত দায়িত্ব লোৱাৰ কথা উল্লেখ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ দায়িত্বশীল নেতাসকলে এই উন্মাদনা বন্ধ কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.