ETV Bharat / international

ট্ৰাকবোমা বিস্ফোৰণত নিহত ৫ জন অসামৰিক লোক

author img

By

Published : May 14, 2020, 7:26 PM IST

আফগানিস্তানত সংঘটিত হোৱা এক ট্ৰাকবোমা বিস্ফোৰণত পাঁচগৰাকী সাধাৰণ লোক নিহত হোৱাৰ লগতে বহুটো বাসগৃহ তথা এখন সামৰিক আদালত, বিত্ত আৰু কৰ বিভাগৰ কাৰ্যালয়ৰ লগতে বহুসংখ্যক যান-বাহনৰ বিস্তৰ ক্ষতিসাধন হয় ।

নিউজ ডেস্ক, ১৪ মে' : আফগানিস্তানৰ পাক্তিয়া ৰাজ্যৰ ৰাজধানী চহৰ গাৰদেজত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ানক আক্ৰমণৰ ঘটনা । ট্ৰাকবোমা বিস্ফোৰণৰ দ্বাৰা সংঘটিত এই আক্ৰমণত সেনাকে ধৰি প্ৰায় ৪৬ গৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ৫ গৰাকী সাধাৰণ লোক নিহত হয় ।

ৰাতিপুৱাৰ ভাগত সংঘটিত এই বিস্ফোৰণত চহৰখনৰ আকাশত বহু দুৰৰ পৰাই ক'লা ধোৱা ওলোৱা পৰিলক্ষিত হয় । আনহাতে আক্ৰমণৰ ফলত আফগানিস্তানৰ প্ৰতিৰক্ষা বিভাগৰ এখন আদালত, বিত্ত আৰু কৰ বিভাগৰ এটা কাৰ্যালয় আৰু বহুসংখ্যক যান-বাহনৰ বিস্তৰ ক্ষতিসাধন হয় ।

বৰ্তমানলৈ এই ঘটনাৰ দায়িত্ব কোনো সংগঠনে গ্ৰহণ কৰা নাই । অৱশ্যে আফগানিস্তানৰ এগৰাকী মুখপাত্ৰ তাৰিখ আৰিয়ানে এই আক্ৰমণৰ বাবে হাক্কানী সন্ত্ৰাসবাদীৰ দলক জগৰীয়া কৰিছিল ।

উল্লেখ্য যে, যোৱাকালিও দেশখনত কেবাটাও বিস্ফোৰণ সংঘটিত হৈছিল । কাবুলৰ এখন হস্পিতাল আৰু আন তিনিটা স্থানত সংঘটিত বিস্ফোৰণত নৱজাতক শিশুসহ বহুকেইগৰাকী লোক নিহত হৈছিল আৰু সমগ্ৰ ঘটনা পাকিস্তানৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসাবাদী সংগঠন আৰু তালিবানে সংঘটিত কৰিছিল ।

আফগানিস্তানৰ চোৰাংচোৱা সংস্থা, National Directorate of Securityয়ে প্ৰকাশ কৰা অনুসৰি, আমেৰিকাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিচৰে পৰাই তালিবানে দেশখনত ৩.৭১২ টা আক্ৰমণ সংঘটিত কৰিছে । এই আক্ৰমণৰ ফলত ৪৯৬ গৰাকী অসামৰিক লোক নিহত হোৱাৰ লগতে ৯৪৮ গৰাকী লোক আহত হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.