ETV Bharat / international

তৃতীয়টো লকডাউনৰ মাজতে নেতান্যাহুৰ বিৰুদ্ধে প্ৰতিবাদ ইজৰাইলবাসীৰ

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ইজৰাইলবাসীৰ প্ৰতিবাদ ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে ইজৰাইলবাসীৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ক'ৰণা ভাইৰাছ সংকটক অপব্যৱহাৰ কৰাৰ লগতে দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ ৷ নেতান্যাহুৰ বিৰুদ্ধে ঘোচ, জালিয়াতিৰ লগতে বিশ্বাস ভংগৰ অভিযোগ ৷

author img

By

Published : Jan 10, 2021, 9:05 PM IST

Israelis protest against Netanyahu amid 3rd virus lockdown
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৰ বিৰুদ্ধে ইজৰাইলবাসীৰ প্ৰতিবাদ

নেচনেল ডেস্ক,10 জানুৱাৰী: ক'ৰণা ভাইৰাছ সংকটক অপব্যৱহাৰ কৰাৰ লগতে দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ইজৰাইলৰ হাজাৰ হাজাৰ লোকে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পদত্যাগৰ দাবী উত্থাপন কৰি পুনৰ সাপ্তাহিক প্ৰতিবাদ আৰম্ভ কৰিছে ৷

ইজৰাইলত তৃতীয়টো লকডাউন চলি থকাৰ সময়তে শনিবাৰে নেতান্যাহুৰ চৰকাৰী বাসভৱনৰ কাষৰ জেৰুজালেম স্কুৱেৰত প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ বিশ্বৰ নেতৃস্থানীয় ভেকচিনেশ্যন ড্ৰাইভৰ দিশে আগুৱাই গৈ থকাৰ মাজতে এই তৃতীয়টো লকডাউনত বিদ্যালয় সমূহ কঠোৰভাৱে বন্ধ কৰা হৈছে ৷ নেতান্যাহুৰ বিচাৰ প্ৰক্ৰিয়া এই সপ্তাহত পুনৰ আৰম্ভ হোৱাৰ কথা আছিল যদিও কঠোৰ নিষেধাজ্ঞাৰ বাবে বিচাৰ প্ৰক্ৰিয়া অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হয় ৷

দীৰ্ঘ দিন ধৰি চলা তিনিটা তদন্তত ঘোচ, জালিয়াতিৰ লগতে বিশ্বাস ভংগৰ অভিযোগত নেতান্যাহুৰ অভিযুক্ত কৰা হৈছে ৷ অৱশ্যে নিজৰ বিৰুদ্ধে উঠা অপকৰ্মৰ অভিযোগ অস্বীকাৰ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে যে তেওঁ মিডিয়া, আইন শৃংখলা ৰক্ষাকাৰী বাহিনীৰ লগতে বিভাগীয় কৰ্মকৰ্তা 'ডাইনী হত্যা' ৰ চিকাৰ হৈছে ৷ নেতান্যাহুৰ এই স্থিতিৰ পৰিৱৰ্তে প্ৰতিবাকাৰী সকলে অভিযোগ কৰে যে প্ৰধামমন্ত্ৰী গৰাকী অভিযুক্ত হিচাপে থকাৰ সময়ত কেতিয়াও দেশ খন সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰে ৷

উল্লেখ্য যে বিশ্বৰ আটাইতকৈ দ্ৰুততম প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা স্বত্বেও শেহতীয়াকৈ ইজৰাইলত পুনৰ ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:নাইট মোড: পাকিস্তানত বিদ্যুৎ সংযোগ বিচ্ছিন্ন;ঘোৰ অন্ধকাৰত বহু চহৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.