ETV Bharat / international

চিৰিয়াত পুনৰ ইজৰাইলৰ মিছাইল আক্ৰমণ

author img

By

Published : Aug 20, 2021, 10:11 AM IST

চিৰিয়াত এতিয়া যুদ্ধ সদৃশ পৰিৱেশ । শেহতীয়াভাৱে ইজৰাইলে চিৰিয়াৰ ওপৰত বিভিন্ন ধৰণে আক্ৰমণ অব্যাহত ৰাখিছে । যোৱা দুটা দিনত চিৰিয়াত দুবাৰকৈ মিছাইল আক্ৰমণ কৰিছে ইজৰাইলে ।

Israel launches missile strikes
চিৰিয়াত পুনৰ ইজৰাইলৰ মিছাইল আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ আগষ্ট : ইফালে আফগানিস্তানত তালিবানৰ (Taliban) নিয়ন্ত্ৰণ আৰু আনফালে চিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ । চিৰিয়াৰ চৰকাৰী সংবাদমাধ্যমৰ মতে বৃহস্পতিবাৰে নিশা পুনৰ ইজৰাইলে চিৰিয়াত মিছাইল আক্ৰমণ (missile strikes) কৰে । চিৰিয়াৰ ৰাজধানী দামাস্কাছ আৰু হোমছচ কেন্দ্ৰীয় প্ৰদেশৰ কিছুমান স্থানত ইজৰাইলে মিছাইল নিক্ষেপ কৰে ।

চিৰিয়াৰ বায়ু সেনাই এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই আৰু কেইবাটাও ইজৰাইলী মিছাইল ধ্বংস কৰিবলৈ সক্ষম হয় । মিছাইল আক্ৰমণৰ ফলত ক্ষয়ক্ষতিৰ তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও জানিব পৰা মতে চিৰিয়াই ইয়াৰ মূল্যাংকণ কৰি আছে । ইফালে চিৰিয়াৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে (Syrian air defense) আক্ৰমণ প্ৰতিহত কৰাৰ বাবে চেষ্টা অব্যাহত ৰখাৰ মাজতে দামাস্কাছত বিস্ফোৰণৰ শব্দ স্পষ্টভাৱে শুনা গৈছিল বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

অৱশ্যে মিছাইলবোৰ ধ্বংস কৰাৰ বাবে বায়ু প্ৰতিৰক্ষা বাহিনীয়ে যথেষ্ট পৰিমাণে সফল হৈছিল ।

ইফালে যোৱা মঙলবাৰেও দেশখনৰ দক্ষিণ-পশ্চিম প্ৰদেশ কুনিত্ৰাৰ সামৰিক স্থানসমূহক লক্ষ্য কৰি ইজৰাইলে মিছাইল নিক্ষেপ কৰিছিল । অৰ্থাৎ দুটা দিনৰ ভিতৰত ইজৰাইলে চিৰিয়াত দুবাৰকৈ আক্ৰমণ কৰিছে । উল্লেখ্য যে, ইজৰাইলে ইৰাণ পন্থী সেনা (pro-Iran militias) থকা স্থানসমূহক লক্ষ্য কৰি প্ৰায়ে চিৰিয়াৰ ওপৰত আক্ৰমণ চলাই আহিছে ।

লগতে পঢ়ক:তালিবানে নহয়, অমৰুল্লাহ চালেহে চলাব আফগানিস্তান: পিছে কোন এই চালেহ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.