ETV Bharat / international

বাগদাদত ISৰ আক্ৰমণত ১১ জন লোক নিহত

পুনৰ আতংকময় পৰিস্থিতি ইৰাকৰ ৰাজধানী বাগদাদত । মঙলবাৰে বাগদাদৰ এখন গাঁৱত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ আক্ৰমণ । এই বৰ্বৰ আক্ৰমণত ১১ জন লোক নিহত । আহত হৈছে ৬ জন লোক ।

author img

By

Published : Oct 27, 2021, 10:38 AM IST

11 killed in IS attack northeast of Baghdad
বাগদাদত ISৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: মঙলবাৰে সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট(IS)ৰ অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় ইৰাকৰ ৰাজধানী বাগদাদৰ উত্তৰ-পূৱ দিশত থকা এখন গাঁৱত । ইৰাকৰ নিৰাপত্তা বাহিনীয়ে জানিবলৈ দিয়া মতে, দিয়ালা প্ৰদেশৰ বাকুবাৰ উত্তৰ-পূৱৰ দিশত থকা আল-ৰছদৰ শিয়া গাঁৱত মেচিনগানেৰে নিৰ্বিচাৰ গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত গাঁওখনৰ ১১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৬ জন লোক নিহত হয় ।

আই এছে(IS) প্ৰথমে গাঁওখনৰ দুজন বাসিন্দাক আক্ৰমণ কৰিছিল আৰু মুক্তিপণৰ দাবী জনাইছিল । কিন্তু দাবী পূৰণ নোহোৱাত সন্ত্ৰাসবাদীয়ে গাওঁখনত আক্ৰমণ কৰে । নিৰীহ জনতাক আক্ৰমণৰ লক্ষ্য কৰি লয় আই এছে ।

উল্লেখ্য যে, ২০১৭ চনত ইৰাকত ইছলামিক ষ্টেটে পৰাজিত হোৱাৰ পিছত সাধাৰণ লোকৰ ওপৰত আক্ৰমণৰ ঘটনাও হ্ৰাস পাই আহিছিল । অৱশ্যে বহু অঞ্চলত এতিয়াও স্লিপাৰ চেলৰ জৰিয়তে সংগঠনটো সক্ৰিয় হৈ আছে ।

চুন্নী মুছলমান সন্ত্ৰাসবাদী গোটৰ সদস্যসকলে এতিয়াও প্ৰায়ে আক্ৰমণ চলায় । নিৰাপত্তা বাহিনীৰ লগতে অন্যান্য আন্তঃগাঁথনিলৈ লক্ষ্য কৰি গুলীচালনা কৰে । যোৱা জুলাই মাহত বাগদাদত পথৰ কাষত হোৱা বোমা বিস্ফোৰণত প্ৰায় ৩০ জন লোক নিহত হৈছিল ।

আনহাতে, জানুৱাৰী মাহত ইৰাকৰ ৰাজধানী চহৰখনৰ এখন বজাৰত দুটা আত্মঘাতী বোমা বিস্ফোৰণ হয় । এই ভয়াৱহ বিস্ফোৰণত প্ৰায় ৩২ জন লোক নিহত হয় আৰু ১২ জনৰো অধিক লোক আহত হয় । ইৰাকৰ নিৰাপত্তা বাহিনীৰ বিষয়াসকলে এইসমূহ আক্ৰমণৰ বাবে আই এছকে দোষাৰোপ কৰিছিল ।

আই এছ দেশখনত ২০১৭ চনতে মুখ থেকেচা খাইছে যদিও নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সময়ে সময়ে এনে আক্ৰমণ কৰি আহিছে । ফলত এতিয়াও দেশখনৰ বহু অঞ্চলৰ ৰাইজে নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে ।

লগতে পঢ়ক:সুস্মিতা দেৱক আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ত্ৰিপুৰা আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.