ETV Bharat / international

পাকিস্তানলৈ ইৰাণৰ হুংকাৰ - ইৰাণ

পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি সন্ত্ৰাসবাদ সমূলে ধ্বংস কৰাৰ ভাবুকি ইৰাণৰ

etv bharat
author img

By

Published : Mar 4, 2019, 4:14 PM IST

Updated : Mar 4, 2019, 4:20 PM IST

নিউজ ডেস্ক, ৪ মাৰ্চ : ভাৰত-পাকিস্তানৰ যুদ্ধকালীন পৰিস্থিতিৰ মাজত পাকিস্তানলৈ ইৰাণৰ হুংকাৰ । পাকিস্তানে সন্ত্ৰাসবাদক দমন নকৰিলে ইৰাণে নিজেই পাকিস্তানস্থিত সন্ত্ৰাসবাদী দমনত নামি পৰিব বুলি ভাবুকি প্ৰদান কৰিছে ইৰাণে।

ইৰাণৰ আই আৰ জি চি কোৱাড ফৰ্চৰ কামাণ্ডাৰ জেনেৰেল কাচেম চুলেমানীয়ে পাকিস্তানলৈ পোনপটীয়া ভাবুকি প্ৰদান কৰি কয় যে, সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানে কেতিয়াও ভাবি চোৱা নাই ইয়াৰ পৰিণাম। সীমান্তত অশান্তি সৃষ্টি কৰিবলৈ সন্ত্ৰাসবাদক জন্ম দিয়া পাকিস্তানে কিয় এতিয়াও সন্ত্ৰাসবাদীক দমন কৰিবলৈ সক্ষম হোৱা নাই সেয়া লৈ দেশখনক প্ৰশ্ন কৰে কামাণ্ডাৰ চুলেমানীয়ে। ভাৰতৰ উপৰি আন সকলোবোৰ সীমান্ত ৰাষ্ট্ৰয়ে পাকিস্তানৰ সন্ত্ৰাসৰ কবলত জুৰুলা বুলিও দেশখনক ইতিকিং কৰে ইৰাণে।

এটম বোমাৰ অধিকাৰী ৰাষ্ট্ৰ হিচাপে দপদপাই ফুৰা পাকিস্তানে নিজেই জন্ম দিয়া সন্ত্ৰাবাদ দমনত কিয় আজিকোপতি সক্ষম নহ'ল সেয়া অতি লাজৰ কথা বুলিও পাকিস্তানক ইতিকিং কৰে ভাৰতৰ মিত্ৰ ৰাষ্ট্ৰ ইৰাণে । পাকিস্তানৰ সৈতে থকা সীমাত ইৰাণে পকী বেৰ বান্ধিব বুলিও প্ৰকাশ কৰিছে ইৰাণৰ বৈদেশিক আঁচনিৰ আয়ুক্ত হেচমাতুল্লা ফালাহতপিচে । পাকিস্তানে নিজৰ কু-কৰ্ম বন্ধ নকৰিলে তেহৰাণে পাকিস্তানত সোমাই সন্ত্ৰাসবাদৰ শিপা উভালিব বুলিও দেশখনক ভাবুকি দিয়ে ইৰাণে।

undefined

উল্লেখ্য যে, সন্ত্ৰাসবাাদ নিৰ্মূলকৰণৰ বাবে ভাৰত আৰু ইৰাণে যৌথভাৱে মিলিত হৈ আহিছে বিভিন্ন আলোচনাত । ভাৰতৰ বৈদেশিক সচিব বিজয় গোখালে চলিত দিনত ইৰাণ ভ্ৰমণলৈ ৰাওনা হোৱা কথা আছিল যদিও ভাৰত-পাকিস্তানৰ অশান্তময় পৰিস্থিতিৰ বাবে বাতিল কৰিবলগীয়াত পৰে নিজৰ ভ্ৰমণসূচী।

Iran threatens action against Pakistan-based terrorist group

পাকিস্তানলৈ ইৰাণৰ হুংকাৰ

পাকিস্তান ভূমিত প্ৰৱেশ কৰি সন্ত্ৰাসবাদ সমূলে ধ্বংস কৰাৰ ভাবুকি ইৰাণৰ 

নিউজ ডেস্ক, ৪ মাৰ্চ : ভাৰত-পাকিস্তানৰ যুদ্ধকালীন পৰিস্থিতিৰ মাজত পাকিস্তানলৈ ইৰাণৰ হুংকাৰ । পাকিস্তানে সন্ত্ৰাসবাদক দমন নকৰিলে ইৰাণে নিজেই পাকিস্তানস্থিত সন্ত্ৰাসবাদী দমনত নামি পৰিব বুলি ভাবুকি প্ৰদান কৰিছে ইৰাণে।

ইৰাণৰ আই আৰ জি চি কোৱাড ফৰ্চৰ কামাণ্ডাৰ জেনেৰেল কাচেম চুলেমানীয়ে পাকিস্তানলৈ পোনপটীয়া ভাবুকি প্ৰদান কৰি কয় যে, সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানে কেতিয়াও ভাবি চোৱা নাই ইয়াৰ পৰিণাম। সীমান্তত অশান্তি সৃষ্টি কৰিবলৈ সন্ত্ৰাসবাদক জন্ম দিয়া পাকিস্তানে কিয় এতিয়াও সন্ত্ৰাসবাদীক দমন কৰিবলৈ সক্ষম হোৱা নাই সেয়া লৈ দেশখনক প্ৰশ্ন কৰে কামাণ্ডাৰ চুলেমানীয়ে। ভাৰতৰ উপৰি আন সকলোবোৰ সীমান্ত ৰাষ্ট্ৰয়ে পাকিস্তানৰ সন্ত্ৰাসৰ কবলত জুৰুলা বুলিও দেশখনক ইতিকিং কৰে ইৰাণে।

এটম বোমাৰ অধিকাৰী ৰাষ্ট্ৰ হিচাপে দপদপাই ফুৰা পাকিস্তানে নিজেই জন্ম দিয়া সন্ত্ৰাবাদ দমনত কিয় আজিকোপতি সক্ষম নহল সেয়া অতি লাজৰ কথা বুলিও পাকিস্তানক ইতিকিং কৰে ভাৰতৰ মিত্ৰ ৰাষ্ট্ৰ ইৰাণে । পাকিস্তানৰ সৈতে থকা সীমাত ইৰাণে পকী বেৰ বান্ধিব বুলিও প্ৰকাশ কৰিছে ইৰাণৰ বৈদেশিক আঁচনিৰ আয়ুক্ত হেচমাতুল্লা ফালাহতপিচে । পাকিস্তানে নিজৰ কু-কৰ্ম বন্ধ নকৰিলে তেহৰাণে পাকিস্তানত সোমাই সন্ত্ৰাসবাদৰ শিপা উভালিব বুলিও দেশখনক ভাবুকি দিয়ে ইৰাণে।

উল্লেখ্য যে,  সন্ত্ৰাসবাাদ নিৰ্মূলকৰণৰ বাবে ভাৰত আৰু ইৰাণে যৌথভাৱে মিলিত হৈ আহিছে বিভিন্ন আলোচনাত । ভাৰতৰ বৈদেশিক সচিব বিজয় গোখালে চলিত দিনত ইৰাণ ভ্ৰমণলৈ ৰাওনা হোৱা কথা আছিল যদিও ভাৰত-পাকিস্তানৰ অশান্তময় পৰিস্থিতিৰ বাবে বাতিল কৰিবলগীয়াত পৰে নিজৰ ভ্ৰমণসূচী।
Iran_flagmar3.jpg
 
Last Updated : Mar 4, 2019, 4:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.