নিউজ ডেস্ক, ২০ জুলাইঃ ইৰাণৰ সৈতে বিশ্বাসঘাটকতা কৰাৰ বাবেই মৃত্যুদণ্ডৰে দণ্ডিত মহমুদ মুছাবী মাজিদ নামৰ এজন ইৰাণৰ ব্যক্তি । ইৰাণৰ জনপ্ৰিয় জেনেৰেল কাছিম ছুলেমানী ইৰাণত থকা তথ্য ধনৰ বিনিময়ত আমেৰিকাৰ আগত সদৰি কৰাৰ অভিযোগতে মৃত্যুদণ্ড দিয়া হয় মহমুদ মুছাবী মাজিদক । যাৰ বাবে সোমবাৰে ইৰাণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মাজিদক মৃত্যুদণ্ড দিয়া হ'ব বুলি ঘোষণা কৰে । কিন্তু মাজিদক কেতিয়া মৃত্য়ুদণ্ড দিয়া হ'ব সেয়া দিন তথা তাৰিখ উল্লেখ নকৰে ইৰাণ চৰকাৰে ।
উল্লেখ্য যে, ইৰাকৰ জনপ্ৰিয় জেনেৰেল কাছিম ছুলেমানীক বাগদাদ বিমানবন্দৰত সমীপৱৰ্তী অঞ্চলত নিজৰ গাড়ীৰে গৈ থকা সময়তে আমেৰিকাই ড্ৰোণৰ সহায়ত মাৰাণাস্ত্ৰ স্থাপন কৰি হত্যা কৰে । আৰু তাৰ পাচতে ইৰাণে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ হুংকাৰ প্ৰদান কৰে ।
লগতে চাওকঃ পুৰুষৰ যৌন ৰোগে প্ৰভাৱ পেলাব পাৰে হৃদযন্ত্ৰত