ইন্টাৰনেশ্যনেল ডেস্ক, 28 মাৰ্চ : ল'কডাউন আৰু সামাজিৰ দূৰত্বৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ এক পঞ্চমাংশ লোক আছুতীয়া কক্ষত বাস কৰাৰ সময়তে বৃদ্ধি পাইছে ঘৰুৱা হিংসা ৷ এই সময়ছোৱাত সমগ্ৰ বিশ্বৰ আইন-শৃংখলা বিভাগসমূহে ঘৰুৱা হিংসাৰ বহু অভিযোগ লাভ কৰা বুলি জানিব পৰা গৈছে ৷ আমেৰিকাৰ টেক্সাছৰ অধিবক্তাসকলে ঘৰুৱা হিংসাজনিত বহু অভিযোগ লাভ কৰা বুলি জানিবলৈ দিছে ৷ ইয়াৰ ফলত ঘৰুৱা হিংসাৰ বলিসকলৰ বাবে এই সময়ছোৱা অধিক জটিল হোৱাৰ সম্ভাৱনা আছে বুলি সন্দেহ কৰা হৈছে ৷
Family Crisis Center of East Texas in Lufkin বিভাগৰ সদস্যা গ্লেনা হাৰ্কনেছে মন্তব্য কৰে, "হিংসাৰ বলিসকল বৰ্তমান সংকটত, যিহেতু লকডাউনৰ ফলত তেওঁলোক একেলগে ঘৰৰ ভিতৰত বন্দী বৈ থাকিবলগা হৈছে ৷" হাৰ্কনেছে জানিবলৈ দিয়া অনুসৰি, তেওঁৰ সংস্থাৰ 24 ঘন্টীয়া ফোন সেৱাত এনেধৰণৰ অভিযোগ 20 শতাংশলৈ বৃদ্ধি পাইছে ৷ তেওঁ কয়, "এয়া কেৱল শাৰীৰিক নহয়, আৱেগিক শোষণো হব পাৰে ৷ এয়া মানসিক আৰু একোটা ঘৰৰ ভিতৰত বন্দী হৈ থাকিলে এনে ঘটনা সংঘটিত হয় ৷" ব্ৰাজিলৰ পৰা জাৰ্মানী, ইটালীৰ পৰা চীনলৈ এনে ঘটনা বহু হাৰত বৃদ্ধি পোৱা বুলি তথ্য লাভ কৰা হৈছে ৷ France24 এ প্ৰদান কৰা তথ্য অনুসৰি, "বহু ফ্ৰেন্স মহিলা আৰু পৰিয়ালে এই সময়ছোৱাত ঘৰুৱা হিংসাৰ সন্মুখীন হ'বলগা হৈছে ৷" পেৰিছৰ মনোবিজ্ঞানী মেৰী ফ্ৰান্স হিৰিগোয়েনে জানিবলৈ দিয়া অনুসৰি, "ল'কডাউনৰ সময়ছোৱাত বহু মহিলাই স্বামীৰ হিংসাৰ বলি হ'বলগা হৈছে ৷" ইয়াৰোপৰি,চীনতো বৃদ্ধি পাইছে ঘৰুৱা হিংসাৰ হাৰ ৷ এক প্ৰতিবেদন অনুসৰি, ল'কডাউনৰ ফলত চীনত ঘৰুৱা হিংসাৰ লগতে মানসিক চাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷
আনহাতে, বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰাৰ ফলত জাৰ্মানীত শিশুসকলৰ বিৰুদ্ধে শোষণ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ ইয়াৰ ফলত কিছুসংখ্যক শিশুৰ জীৱনলৈও শংকা আহি পৰিছে বুলি মন্তব্য কৰিছে জাৰ্মান শিশু সংস্থাৰ মুখ্য কাৰ্যবাহী ৰেইনাৰ ৰেটিনগাৰে ৷ এই জটিল সময়ছোৱাত এনে বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাৰ লগতে সকলো পৰিয়ালে সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত সকলোবোৰ তথ্য সময়ে সময়ে লাভ কৰি থাকিবলৈ বহুকেইটা সহায়ক গোট তথা যুৱচামে ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷
আৰু পঢ়ক : COVID-19 : গাওঁসমূহক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা