ইণ্টাৰনেশ্যনেল ডেস্ক,26 এপ্ৰিল: বাগদাদত কৰ’ণা ভাইৰাছৰ ৰোগী থকা এখন চিকিৎসালয়ত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত নিহত হয় 82গৰাকী আৰু আহত হৈছে প্ৰায় 110তকৈ অধিক ৰোগী ৷ এই কথা ইৰাকীৰ অভ্যন্তৰীণ মন্ত্ৰনালয়ৰ মুখপাত্ৰ খালিদ আল-মাহানাই দেওবাৰে সংবাদমাধ্যমৰ আগত সদৰি কৰে ৷ ইৰাকীৰ অভ্যন্তৰীণ মন্ত্ৰনালয়ৰ মুখপাত্ৰ গৰাকীয়ে সদৰি কৰা অনুসৰি, আহত সকলৰ বহুতৰে অৱস্থাত অতি সংকটজনক ৷
এক আন্তঃৰাষ্ট্ৰীয় সংবাদ সন্থাই প্ৰকাশ কৰা বিবৃতি অনুসৰি, শনিবাৰে নিশা কেইবাটাও অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত চিকিৎসালয় খনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ য’ত কৰ’ণা ৰোগী চিকিৎসাধীন হৈ আছিল ৷ পৰৱৰ্তী সময়ত অসামৰিক প্ৰতিৰক্ষা আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷
লগতে পঢ়ক: বদ্ৰীনাথত শুকুলা বৰফৰ আচ্ছাদন