নিউজ ডেস্ক , ২৩ জানুৱাৰী : ইৰাকৰ বাগদাদত পুনৰ যুদ্ধ সদৃশ পৰিবেশ । ৰাজধানী চহৰত দুটাকৈ আত্মঘাটী বোমা বিস্ফোৰণ হোৱাৰ মাত্ৰ তিনি দিন পিছত পুনৰ বাঘদাদ বিমানবন্দৰত তিনিটা ৰকেট নিক্ষেপ কৰিছে । শুকুৰবাৰে নিশা ৰকেট আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ইৰাকৰ সামৰিক বাহিনীয়ে । এটা সংবাদ প্ৰতিস্থানক ইৰাকৰ যুটীয়া অপাৰেছন কমাণ্ডাৰে বিবৃতিযোগে জনোৱা মতে বিমানবন্দৰৰ বাহিৰত নিক্ষেপ কৰা হৈছে কাত্য়ুচা ৰকেট । সংবাদ মাধ্যমক জনোৱা মতে এটা ৰকেট ওচৰৰ আল-জিহাদ জিলাৰ এটা অট্টালিকাত আঘাত কৰাৰ ফলত ক্ষতিগ্ৰস্ত হয় অট্টালিকাটো । অৱশ্যে কোনো গোটে এতিয়ালৈকে আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰা নাই ।
ইফালে বৃহস্পতিবাৰে ৰাতিপুৱা বাঘদাদ চহৰৰ বাব আল-শৰ্জী অঞ্চলৰ এখন বজাৰত দুটাকৈ আত্মঘাটী বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল য'ত ৩২ জন লোক নিহত হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল । ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী গোটটোৱে অঞ্চলটোত এটা চিয়া সমাবেশক লক্ষ্য কৰা আক্ৰমণ কৰা বুলি দায়িত্ব স্বীকাৰ কৰিছিল । এই বোমা বিস্ফোৰণৰ পিছতে তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে দেশখনত কিয়নো ২০১৭ চনৰ শেষৰ ফালে ইৰাকৰ নিৰাপত্তা বাহিনীয়ে সমগ্ৰ দেশত আই এছক সম্পূৰ্ণৰূপে পৰাজিত কৰাৰ পিছত নিৰাপত্তা পৰিস্থিতি কিছু উন্নত হৈছিল ।
লগতে পঢ়ক :ব্ৰাজিলে লাভ কৰিলে ভাৰতৰ কোভিড প্ৰতিষেধক