ETV Bharat / international

First death in Omicron: অ’মিক্ৰণত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

author img

By

Published : Dec 13, 2021, 8:03 PM IST

কাল কৰ’ণাৰ ত্ৰাসৰ পাচত এইবাৰ আহিছে অ’মিক্ৰণ (New variant of corona virus) ৷ আকৌ এবাৰ শংকিত হৈ পৰিছে মানৱ জাতি ৷ ক’ভিডৰ ত্ৰাসৰ পৰা সম্পূৰ্ণ মুক্ত হ’বলৈ নৌপাওঁতেই অ’মিক্ৰণত এজন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে (First death in Omicron)৷

First death in Omicron
First death in Omicron

নিউজ ডেস্ক, 13 ডিচেম্বৰ : কৰ’ণাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (First death in Omicron) ৷ ক’ভিড মহামাৰীয়ে সমগ্ৰ মানৱ জাতিক ত্ৰাসিত কৰাৰ পাচত নতুনকৈ অ’মিক্ৰণে আকৌ এবাৰ শংকা নমাইছে সমগ্ৰ বিশ্বৰ মানৱ সমাজলৈ ৷ ভাৰততো ধৰা পৰিছে অ’মিক্ৰণত আক্ৰান্ত ৰোগী ৷ বৰ্তমানলৈকে ভাৰতত অ’মিক্ৰণত আক্ৰান্ত হৈছে 38 গৰাকী (Omicron positive cases in India)৷ তাৰ মাজতেই প্ৰথমগৰাকী ৰোগীৰ মৃত্যুৰ খবৰ ৷

অৱশ্যে এইগৰাকী ৰোগীৰ ভাৰতত মৃত্যু হোৱা নাই ৷ ইউনাইটেড কিংদমৰ পৰা আহিছে এই মৃত্যুৰ খবৰ (One died in Omicron in Unite Kingdom)৷ লণ্ডনত ক’ভিডৰ এই নতুন ভেৰিয়েন্টত আক্ৰান্তৰ সংখ্যা মঙলবাৰলৈ প্ৰায় 50 শতাংশ হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে ৷ এই সমগ্ৰ তথ্য প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনচনে ৷

প্ৰধানমন্ত্ৰী জনচনে উল্লেখ কৰিছে যে, অ’মিক্ৰণত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে এগৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ এই ভাইৰাচটোক এটা মৃদু ভেৰিয়েন্ট বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ পৰা বাচিবলৈ হ’লে সজাগতাৰ লগতে এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত সকলক নিখুঁটভাৱে চিনাক্ত কৰিব লাগিব ৷ বৰ্তমান লণ্ডনত অ’মিক্ৰণৰ 40 শতাংশ প্ৰভাৱ পৰিছে আৰু মঙলবাৰলৈ ই 50 শতাংশ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ইফালে ভাৰতত বৰ্তমানলৈকে 38 জন অ’মিক্ৰণৰ দ্বাৰা আক্ৰান্ত ৰোগী চিনাক্ত হৈছে ৷ কেৰালা, অন্ধ্ৰপ্ৰদেশ, চণ্ডীগড়, কৰ্ণাটক, দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰত ধৰা পৰিছে এই ৰোগীসকল ৷ জানিব পৰা মতে, মহাৰাষ্ট্ৰত সৰ্বাধিক 18 গৰাকী, ৰাজস্থানত 9 গৰাকী, কৰ্ণাটকত 3 গৰাকী, দিল্লীত 2 গৰাকী, কেৰালাত 1 গৰাকী, অন্ধ্ৰপ্ৰদেশত 1 গৰাকী আৰু চণ্ডীগড়ত 1 গৰাকী ৰোগী চিনাক্ত হৈছে ৷

লগতে পঢ়ক : Covid 19 Update : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.