ETV Bharat / international

G7 ৰাষ্ট্ৰৰ বৈঠক বিলম্ব কৰাৰ সিদ্ধান্ত ট্ৰাম্পৰ

author img

By

Published : May 31, 2020, 10:53 AM IST

G7 ৰাষ্ট্ৰৰ বৈঠক বিলম্ব কৰাৰ সিদ্ধান্ত ট্ৰাম্পৰ ৷ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইন হৈছে G7 ৰাষ্ট্ৰৰ সদস্য ৷ ট্ৰাম্পে ৰাছিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া আৰু ভাৰতক এই দলৰ সম্ভাব্য সদস্য হিচাপে নিৰ্বাচিত কৰিছে ৷

G7 ৰাষ্ট্ৰ
G7 ৰাষ্ট্ৰৰ বৈঠক বিলম্ব কৰাৰ সিদ্ধান্ত ট্ৰাম্পৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 31 মে': আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শনিবাৰে মন্তব্য কৰে যে, Group of 7 nations ৰ বৈঠক বিলম্ব কৰাৰ প্ৰয়োজন আছে ৷ তেওঁ কয় যে, বৰ্তমানৰ দলটোৰ সদস্যসকল পুৰণি হৈছে ৷ এই দলটোৰ সদস্যসকলে বিশ্বৰ বিভিন্ন অঞ্চলত হৈ থকা বিষয় সমূহক ভালদৰে প্ৰতিনিধিত্ব কৰিব নোৱাৰে বুলি ট্ৰাম্পে মন্তব্য কৰে ৷

কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইন হৈছে G7 ৰাষ্ট্ৰৰ সদস্য ৷ ট্ৰাম্পে ৰাছিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া আৰু ভাৰতক এই দলৰ সম্ভাব্য সদস্য হিচাপে নিৰ্বাচিত কৰিছে ৷

উল্লেখ্য যে, এই বছৰতে বিশ্বৰ অৰ্থনৈতিক ভাৱে শক্তিশালী দেশ কেইখনে বৈঠকৰ বাবে মিলিত হোৱাৰ কথা আছিল ৷ কিন্তু, কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বৈঠক স্থগিত ৰখা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.