নিউজ ডেস্ক, 20 মে': মস্কোৰ উত্তৰ পশ্চিম অঞ্চলত মঙলবাৰে সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হয় তিনিজনকৈ লোক । দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ খন Mi-8 আছিল বুলি জনাই জৰুৰী কালিন সেৱা বিভাগৰ মুখপাত্ৰই ।
নিহত হোৱা আটাইকেইজন লোক হেলিকপ্টাৰ খনৰ চালক আৰু সহযোগী আছিল বুলি মুখপাত্ৰ গৰাকীয়ে জনাইছে । আনহাতে হেলিকপ্টাৰখনৰ ব্লেক বক্সটো সন্তোষজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু এই ব্লেক বক্সটোৰ পৰা কল ৰেকৰ্ডিং আৰু তথ্য বিশ্লেষণৰ পৰা দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে জনিব পৰা যাব ।
ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগে অৱগত কৰা অনুসৰি লিন চহৰৰ পৰা 20 কিল মিটাৰ দূৰত অনুশীলন চলাই থকাৰ সময়ত Mi-8 হেলিকপ্টাৰ খনে অৱতৰণ কৰিবলৈ অসুবিধা পাইছিল ।
প্ৰাথমিক অনুসন্ধানৰ পাচত কাৰিকৰী বিজুতিৰ বাবেই হেলিকপ্টাৰ খন দুৰ্ঘটনাগ্ৰস্থ হোৱা বুলি জানিব পৰা গৈছে ।