ETV Bharat / international

Russia Ukraine War : ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ মাৰিয়াপ’ল চহৰ - ৰাছিয়া সেনাৰ দখলত ইউক্ৰেইনৰ মাৰিয়াপ’ল চহৰ

ইউক্ৰেইনৰ মাৰিয়াপ’ল চহৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ (Russia attacks on Mariupol city of Ukraine)। চহৰখন এক প্ৰকাৰ দখল কৰিছে ৰাছিয়াৰ সেনাই । যাৰ বাবে চহৰখনৰ বহু লোকে পলায়ন কৰিছে । প্ৰায় ৬,৬২৩ গৰাকী লোকক আন স্থানলৈ প্ৰেৰণ কৰা হৈছে । বহু লোকক উত্তৰ-পশ্চিমৰ জাপোৰিজজিয়ালৈ লৈ যোৱা হৈছে ।

Russia Ukraine War
ৰাছিয়া সেনাৰ দখলত ইউক্ৰেইনৰ মাৰিয়পোল চহৰ
author img

By

Published : Mar 20, 2022, 11:12 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২০ মাৰ্চ : ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ অব্যাহত আছে (Russia Ukraine War)। ৰাছিয়াৰ সামৰিক অভিযানে ইতিমধ্যে ২৪ দিন অতিক্ৰম কৰিলে । দুয়োখন দেশৰ মাজৰ এই যুদ্ধৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে ইউক্ৰেইনৰ বহু চহৰ । শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ বিখ্যাত চহৰ মাৰিয়াপ’লত ভয়ংকৰ আক্ৰমণ কৰিছে (Russia attacks on Mariupol city of Ukraine)।

এই আক্ৰমণৰ পাছত বহু লোকে পলায়ন কৰিছে । ইউক্ৰেইনৰ উপ-প্ৰধানমন্ত্ৰী ইৰিনা ভেৰেশ্চুকে জনোৱা মতে চহৰখনৰ পৰা প্ৰায় ৬,৬২৩ গৰাকী লোকক স্থানান্তৰ কৰা হৈছে । ইয়াৰে ৪,১২৮ গৰাকী লোকক সুৰক্ষিতভাৱে উত্তৰ-পশ্চিমে থকা জাপোৰিজজিয়ালৈ লৈ যোৱা হৈছে ।

উল্লেখ্য যে, শনিবাৰে ৰাছিয়াৰ সৈন্য চহৰখনৰ ভিতৰ ভাগলৈ সোমাই আহিছিল । সেনাৰ আক্ৰমণৰ ফলত এটা মুখ্য তীখা প্ৰকল্প বন্ধ হৈ গৈছে । ইফালে স্থানীয় প্ৰশাসনে পশ্চিমীয়া দেশবোৰৰ পৰা সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছে ।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এয়া ইউৰোপত আটাইতকৈ ডাঙৰ আক্ৰমণ হিচাপে বিবেচিত হৈছে । এই যুদ্ধত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বহু লোকৰ মৃত্যু হৈছে । মাৰিয়াপ’লৰ আৰক্ষী বিষয়া মিচাইল ভাৰ্শ্বনিনে পশ্চিমীয়া নেতাসকলক সম্বোধন কৰি এটা ভিডিঅ' প্ৰকাশ কৰিছে । য'ত চহৰখনৰ ধ্বংসস্তূপবোৰ দেখুওৱা হৈছে । তেওঁ উল্লেখ কৰা মতে চহৰখন ধ্বংস কৰি দিয়া হৈছে আৰু পৃথিৱীৰ মানচিত্ৰৰ পৰা একপ্ৰকাৰ নিচিহ্ন হোৱাৰ পথত চহৰখন ।

আনহাতে মাৰিয়াপ’লৰ নগৰ পৰিষদে দাবী কৰা মতে ৰাছিয়াৰ সৈন্যসকলে কেইবা হাজাৰ লোকক ৰাছিয়ালৈ যাবলৈ বাধ্য কৰিছে । বিবৃতি অনুসৰি লোকসকলক ইউক্ৰেইন এৰি ৰাছিয়াৰ ভূ-খণ্ডলৈ যাবলৈ বাধ্য কৰোৱা হৈছে (People are forced to leave Ukraine)। বোমা বিস্ফোৰণৰ ভয়ত এটা ক্ৰীড়া প্ৰকল্পৰ অট্টালিকাত আশ্ৰয় লৈ থকা এহাজাৰৰো অধিক লোকক ৰাছিয়ান বাহিনীয়ে অবৈধভাৱে লেভোবেৰেজনি জিলাৰ পৰা বাহিৰলৈ লৈ গৈছে । য'ত অধিকাংশ মহিলা আৰু শিশু আছে ।

লগতে পঢ়ক :হাৰ নামানে: নিজৰ স্থিতিত অচল-অটল জেলেনস্কি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.