-স্মিতা শৰ্মা
Covid-19 প্ৰতিষেধকৰ বাবে সমগ্ৰ বিশ্বই প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে কিছুসংখ্যক দেশত Covid-19 ৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱাৰ সময়তে বিশ্বজোৰা পৰ্যটনৰ সংকট ভয়াবহ হৈ উঠিছে ৷ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভ্ৰমণৰ খৰছ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞই ৷ দেশসমূহে ঘৰুৱা পৰ্যটন আৰম্ভ কৰিছে আৰু মালদ্বীপৰ দৰে দেশে এই মাহৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যটকৰ প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে ৷
পৰ্যটনৰ ওপৰতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সৰু দ্বীপ ৰাষ্ট্ৰখনৰ 80 শতাংশ অৰ্থনীতি নিৰ্ভৰ কৰে৷ এই ৰাষ্ট্ৰখনে বিদেশী পৰ্যটকৰ বাবে সুৰক্ষা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ভাৰতৰ সীমান্তত বৰ্তমান প্ৰতিবন্ধকতা আৰোপ কৰা বাবে ভাৰতীয় পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ হৈ পৰিছে ৷ জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত ভাৰতীয় উচ্চায়ুক্ত সঞ্জয় সুধীৰে মালেৰ পৰা কয় যে, আন্তৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে সীমান্ত মুকলি কৰিবৰ বাবে দেশৰ ভৌগোলিক অৱস্থিতিও বহু গুৰুত্বপূৰ্ণ ৷
সঞ্জয় সুধীৰে কয়, "বিদেশী পৰ্যটকৰ বাবে পৰ্যটনক্ষেত্ৰ মুকলি কৰি দিয়া প্ৰথমখন দেশ হৈছে মালদ্বীপ ৷ 15 জুলাইৰ পৰা দেশখনে 200 খন ৰিজৰ্টৰ 57-60 খন মুকলি কৰি দিছে ৷ যিহেতু এয়া এটা দ্বীপৰ মাজতে সীমাবদ্ধ সেয়েহে সকলোবোৰ নিয়ন্ত্ৰণ কৰাটো তেওঁলোকৰ বাবে সহজ ৷ কিন্তু একেটা সময়তে ৰাজধানী মালে ব্যাপকভাৱে জনবহুল অঞ্চল ৷ সেই অঞ্চলত ক'ভিড হ'লে ইয়াৰ নিয়ন্ত্ৰণ কৰা যথেষ্ট কষ্টকৰ হ'ব ৷ কিন্তু বিমানবন্দৰত উপস্থিত হোৱা পৰ্যটকসকলৰ বাবে তেওঁলোকে কিছু সুৰক্ষিত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেওঁলোকে পোনপটীয়াকৈ দ্বীপত উপস্থিত হ'ব, অৱসৰ বিনোদন কৰিব আৰু বিমানবন্দৰলৈ আহি প্ৰস্থান কৰিব ৷"
মালদ্বীপৰ মুঠ জনসংখ্যা 500,00 ৷ কিন্তু যোৱা বছৰ মালদ্বীপে 1.7 মিলিয়ন পৰ্যটকক আদৰণি জনাইছে ৷ ইয়াৰে ভাৰতবৰ্ষৰ পৰা পৰ্যটনৰ বাবে যোৱা লোকৰ সংখ্যাই দ্বিতীয় স্থান দখল কৰিছে ৷ মালদ্বীপেও অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে ভাৰতীয় পৰ্যটকৰ বাবে আগষ্টৰ মধ্যভাগৰ পৰা মুম্বাই আৰু কোচিৰ পৰা ব্যৱসায়িক বিমানসমূহ মুকলি কৰি দিব বুলি আশা ব্যক্ত কৰিছে ৷ সঞ্জয় সুধীৰে কয় যে, দুই দেশৰ মাজত এই সম্পৰ্কত আলোচনা চলি আছে ৷ "আমি পঞ্চম স্থানত আছিলো, তাৰ পাচত আমাৰ পৰ্যটকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাই আৰু বৰ্তমান আমি দ্বিতীয় স্থানত আছো ৷ কিন্তু আমাৰ দেশৰ ক'ভিড পৰিস্থিতি আৰু ভ্ৰমণ প্ৰতিবন্ধকতাৰ বাবে ভাৰতীয় পৰ্যটকে মালদ্বীপলৈ উৰা মৰা নাই ৷ ইয়াৰ বাবে আমি বৰ্তমান কাম কৰি আছো ৷ আমি ভাৰতীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয় আৰু এয়াৰ ইণ্ডিয়াৰ সৈতে আলোচনা কৰিছো ৷ এই আলোচনা সফল হ'লে অতি সোনকালে ভাৰত আৰু মালদ্বীপৰ মাজত অতি কমেও সীমিত পৰিমাণৰ বিমান পৰিবহণ হ'ব ৷"
তেওঁ কয়, "এয়া দুয়ো দেশৰ বাবেই অতি গুৰুত্বপূৰ্ণ ৷ দ্বীপ আৰ্হিৰ হোৱা বাবে এই দেশ বহুক্ষেত্ৰত সুৰক্ষিত ৷ সেই ফালৰ পৰা চাবলৈ গ'লে দেশখন সুৰক্ষিত বুলি ক'ব পৰা যায় ৷"
কিন্তু বিমান পৰিবহণ বিভাগে বৰ্তমানো আন্তৰাষ্ট্ৰীয় বিমান উৰণৰ ক্ষেত্ৰত আত্মবিশ্বাস আহৰণ কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ প্ৰখ্যাত পৰ্যটনথলী যেনে, থাইলেণ্ড আৰু ইউৰোপিয়ান দেশসমূহৰ ৰাজহ ঘৰুৱা পৰ্যটনৰ জৰিয়তে হয় ৷
স্মিতা শৰ্মাৰ সৈতে বাৰ্তালাপত দিল্লীস্থিত জাৰ্মান দূতাবাসৰ মুখপাত্ৰ হান্স ক্ৰিষ্টিয়ান উইংকলাৰে কয়, "প্ৰথমবাৰৰ বাবে জাৰ্মানীতে নাগৰিকসকলে অৱসৰ বিনোদন কৰিছে ৷ আনহাতে, দেশখনৰ প্ৰবাসী লোকসকলে ইটালী, স্পেইন, গ্ৰীছ আদিত অৱসৰ বিনোদন কৰিছে ৷ অন্য দেশৰ পৰা জাৰ্মানীলৈ আহিব লগা লোকসকল সম্পৰ্কত আমি আলোচনা কৰিছো ৷ তেওঁলোকক পৰীক্ষা আৰু কোৱাৰেন্টাইনত ৰখা উচিত নে ? জাৰ্মানীত কেৱল এছিয়াৰ থাইলেণ্ড আৰু ভিয়েটনামক যোগাত্মক তালিকাত ৰখা হৈছে ৷ জাৰ্মান পৰ্যটন বিভাগে সমস্যাত ভূগিছে যদিও জাৰ্মানসকল ঘৰতে বাস কৰা বাবে এই সমস্যা ভবাৰ দৰে বৃহৎ হোৱা নাই ৷"
তেওঁ সতৰ্কবাণী প্ৰেৰণ কৰে যে, এই সময়ছোৱাত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভ্ৰমণৰ খৰছ অধিক হৈ পৰিব পাৰে ৷ "জাৰ্মানীলৈ অহা অধিক সংখ্যক লোক চুবুৰীয়া দেশ যেনে, ফ্ৰান্স, নেদাৰলেণ্ড, ব্ৰিটেইন আৰু স্পেইনৰ ৷ এই লোকসকলৰ এতিয়া ভ্ৰমণ ব্যয়বহুল হৈ পৰিব ৷ ভাৰতেও হোটেল আৰু ৰেষ্টুৰেন্টসমূহত অধিক গ্ৰাহকক থাকিবলৈ অনুমতি নিদিয়ে ৷ আনহাতে, এয়াৰলাইন সমূহৰ সৈতেও আমি একেই পৰিস্থিতিৰ সন্মুখীন হৈছো ৷ বৰ্তমান এয়াৰলাইন আৰু ভ্ৰমণ অপাৰেটৰ সকলো জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ হোটেল আৰু ৰেষ্টুৰেন্টসমূহ যিকোনো উপায়েৰে বৰ্তি আছে যদিও জাৰ্মানীৰ কিছু সংখ্যক উল্লেখযোগ্য ৰেষ্টুৰেন্ট বন্ধ হৈ পৰিছে কিয়নো ইয়াৰ মূল্য পূৰ্বৰ তুলনাত বৃদ্ধি কৰিব লগা হৈছে৷ গ্ৰাহকৰ পৰা আপুনি এক নিৰ্দিষ্ট ধনহে সংগ্ৰহ কৰিব পাৰে সেয়েহে তেওঁলোক সমস্যাত ভূগিছে ৷"
ৰাষ্ট্ৰসংঘৰ ব্যৱসায় আৰু উন্নয়ন অধিৱেশনে (UNCTAD) প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, 1 জুলাইত বিশ্ব পৰ্যটন বিভাগে অতি কমেও 1.2 ট্ৰিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ বৈশ্বিক ঘৰুৱা আয়ৰ পৰা 1.5 শতাংশ লোকচানৰ সন্মুখীন হ'ব ৷ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংগঠনৰ অনুমান অনুসৰি, ভাৰতীয় পৰ্যটকৰ পৰা লাভ কৰা আয় 2019 চনত 29 মিলিয়নৰ পৰা 2020 চনত 10 মিলিয়নলৈ হ্ৰাস পাব ৷ ক'ভিডৰ পূৰ্বে অনুমান কৰা হৈছিল যে, প্ৰায় 50 মিলিয়ন ভাৰতীয়ই 2017 চনৰ 23 মিলিয়নতকৈ অধিক বিদেশ যাত্ৰা কৰিব ৷ ভাৰতীয় সকলৰ বাবে শীৰ্ষ পৰ্যটনস্থলী হৈছে ছিংগাপুৰ, থাইলেণ্ড, ইণ্ডোনেছিয়, মালদ্বীপ, নেপাল, শ্ৰীলংকা, ভূটান আদি দেশ ৷ দিল্লীস্থিত থাইলেণ্ড পৰ্যটন পৰিষদৰ অঞ্চালক ভাচ্চিৰাছাই ছিৰিচুম্পানে কয় যে, আন্তৰাষ্ট্ৰীয় পৰ্যটন অতি সোনকালে উদ্ধাৰ হোৱাৰ সম্ভাৱনা নাই ৷
এক বিশেষ আলোচনাত স্মিতা শৰ্মাক ছিৰিচুম্পানে কয়, "থাইলেণ্ডৰ ঘৰুৱা পৰ্যটন প্ৰায় সাধাৰণ পৰিস্থিতিলৈ ঘূৰি আহিছে ৷ সেয়েহে দেশৰ ভিতৰতে সকলোৱে মুকলিকৈ ঘূৰিব পাৰে ৷ আন্তৰাষ্ট্ৰীয় পৰ্যটনৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব ৷ কেতিয়া হ'ব ক'ব নোৱাৰো যদিও বৰ্তমানৰ পৰিস্থিতিত আমি সুৰক্ষা আৰু অৰ্থনৈতিক ভাৰসাম্যতাৰ ওপৰত চকু ৰাখিব লাগিব ৷ আমাৰ দেশৰ বাবে অৰ্থনৈতিক ভাৰসাম্যতা ৰক্ষা কৰাটো অতি প্ৰত্যাহ্বানমূলক ৷ সেয়েহে আমি লাহেকৈ সকলোবোৰ কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো ৷ আমি থাইলেণ্ডত কৰ্মৰত বিদেশী লোক আৰু চিকিৎসাৰ বাবে অহা লোকসকলৰ বাবে ভ্ৰমণ মুকলি কৰি দিছো ৷ থাই পৰ্যটনে এক ভয়ংকৰ লোকচানৰ সন্মুখীন হ'ল ৷"
বৈশ্বিক পৰ্যটনৰ উন্নয়নৰ বাবে আন্তৰাষ্ট্ৰীয় পৰ্যটকৰ ভৰসা আৰু বিশ্বাস জয় কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰি ছিৰিচুম্পানে কয় যে, অৰ্থ প্ৰদান কৰি সঠিক মানদণ্ড লাভ কৰিবলৈ সক্ষম হ'লেহে ভ্ৰমণ কৰিবলৈ সকলোৱে ইচ্ছা প্ৰকাশ কৰিব ৷ থাই পৰ্যটনৰ বিষয়ববীয়া গৰাকীয়ে লগতে কয়, "প্ৰতিখন দেশ, প্ৰতিখন হোটেল, ৰিজ'ৰ্টে উন্নতমানৰ অ'পাৰেটিং প্ৰক্ৰিয়া (SOP) অনুসৰণ কৰিব লাগিব৷ আমি যোগান আৰু চাহিদাৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখিব লাগিব ৷ আপুনি কোনো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিলে কিয় কৰিব বিচাৰিছে সেই সম্পৰ্কত গ্ৰাহকে নিশ্চিত হ'ব লাগিব৷ মূল্য বৃদ্ধিৰ পাচত মানদণ্ড উন্নত হ'লেহে তেওঁলোকে ভ্ৰমণ কৰিবলৈ সাজু হ'ব ৷"
লগতে পঢ়ক : ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন