ETV Bharat / international

ফ্ৰান্সত গিৰ্জা আক্ৰমণঃ আটক আন এজন লোক - ইছলাম ধৰ্ম

ইব্ৰাহিম ইচাউই আৰক্ষীয়ে দিয়া প্ৰত্যুৎত্তৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে বিষয়টো ফ্ৰান্স আৰু টিউনিছিয়াত সন্ত্ৰাসবাদ নিৰোধক শাখাই তদন্ত কৰি আছে ।

New arrest after France church attack, security tightened
ফ্ৰান্সত গিৰ্জা আক্ৰমণঃ আটক আন এজন লোক
author img

By

Published : Oct 30, 2020, 7:48 PM IST

নিউজ ডেস্ক, 30 অক্টোবৰ : এজন টানিশ্বিয়ান লোকে ফ্ৰান্সৰ এখন গিৰ্জাঘৰত তিনিজন লোকক হত্যা কৰাৰ ঘটনাৰ পাছত উক্ত ঘটনাৰে জড়িত থকাৰ সন্দেহত শুকুৰবাৰে আৰক্ষীয়ে আন এজন লোকক আটক কৰিছে ৷ ফ্ৰান্সত ইছলাম ধৰ্মৰ পয়গম্বৰৰ বিকৃত কাৰ্টুন প্ৰচাৰক কেন্দ্ৰ কৰি চলি থকা হিংসাত্মক ঘটনাই বিগত কিছুদিন ধৰি ফ্ৰান্সত উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ বিশ্বতে এই ঘটনা চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ইতিমধ্যে ঘটনাটো একপ্ৰকাৰে ফ্ৰান্সত ৰাজনৈতিক বিষয় হৈ পৰিছে ৷

নাম প্ৰকাশৰ পৰা বিৰত থকা এজন ন্যায়িক বিষয়াই জনোৱা মতে,সন্দেহকাৰীজন এজন ৪৭ বছৰীয়া ব্যক্তি যিজনে ৰিভেইৰা চহৰ নিচৰ কেথিড্ৰালত গিৰ্জাঘৰত আক্ৰমণ কৰাৰ আগতে নিশা আক্ৰমণকাৰীৰ সৈতে যোগাযোগ কৰিছিল । ইব্ৰাহিম ইচাউই আৰক্ষীয়ে দিয়া প্ৰত্যুৎত্তৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে বিষয়টো ফ্ৰান্স আৰু টিউনিছিয়াত সন্ত্ৰাসবাদ নিৰোধক শাখাই তদন্ত কৰি আছে ।

চৌদিৰ মালিকানাধীন আল-আৰবিয়া টিভিৰ সৈতে শুক্ৰবাৰে সম্প্ৰচাৰিত এক সাক্ষাৎকাৰত ইচাউইৰ মাতৃয়ে কৈছিল যে, ঘটনাবোৰত তেওঁ হতভম্ব হৈছে।তেওঁৰ ভাতৃয়ে আল-আৰাবিয়াক কৈছিল যে, ইছাউইয়ে পৰিয়ালক জনাইছিল যে, তেওঁ গিৰ্জাঘৰৰ সন্মুখত শুব, আৰু তেওঁ কেথিড্ৰালৰ পৰা এখন ফটো প্ৰেৰণ কৰিছিল য'ত আক্ৰমণটো সংঘটিত হৈছিল।

লগতে পঢ়ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঃ কাৰ পক্ষত সমীক্ষাসমূহ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.