ETV Bharat / international

চিকিৎসালয়ৰ পৰা মুক্তি পালে জনছনে, চিকিৎসা কৰ্মীক প্ৰশংসা

আৰোগ্য হৈ ঘৰলৈ ওভতিল বৰিছ জনছন ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকী ৷

author img

By

Published : Apr 12, 2020, 7:59 PM IST

বৰিছ জনছন
চিকিৎসালয়ৰ পৰা মুক্তি পালে জনছনে

ইন্টাৰনেশ্যনেল ডেস্ক, 12 এপ্ৰিল : কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ ডাউনিং ষ্ট্ৰিটে লগতে জানিবলৈ দিয়ে যে, চিকিৎসালয়ৰপৰা মুক্তি পালেও এতিয়াই কৰ্মস্থলীত যোগদান নকৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

আৰোগ্য হোৱাৰ পাচতে প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমটো বিবৃতিত কয়, "চিকিৎসা কৰ্মীসকলক মই ধন্যবাদ জনাই শেষ কৰিব নোৱাৰো ৷" লণ্ডনৰ ছেইন্ট থমাছ হাস্পতালত চিকিৎধীন হোৱা প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁ চিকিৎসা কৰ্মীসকলৰ আগত ঋণী হৈ ৰ'ল ৷

উল্লেখ্য যে, 55 বৰ্ষীয় জনছন 2 সপ্তাহৰ আগতে বিশ্বৰ প্ৰথমজন বিখ্যাত নেতা হিচাপে এই ৰোগত আক্ৰান্ত হৈছিল ৷ প্ৰথম অৱস্থাত সামান্য কাঁহ আৰু জ্বৰ হোৱাৰ পাচতে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰি পৰিছিল জনছন ৷

5 এপ্ৰিলত স্বাস্থ্য শোচনীয় হৈ পৰাত তেওঁক ছেইন্ট থমাছত ভৰ্তি কৰা হৈছিল আৰু পাচত intensive care unit ত ৰখা হৈছিল ৷ ইয়াৰ পাচতে সুস্থ অৱস্থালৈ আহিবলৈ তেওঁক তিনিদিনৰ প্ৰয়োজন হৈছিল ৷

এই সময়ছোৱাত তেওঁ বৈদেশিক সচিব ড'মিনিক ৰাবক দেশৰ দায়িত্ব অৰ্পন কৰিছিল ৷ উল্লেখ্য যে, 23 মাৰ্চৰ পৰা ব্ৰিটেইনত লকডাউন ঘোষণা কৰা হৈছিল আৰু এই লকডাউন অহা সপ্তাহত পুনৰ বৃদ্ধি কৰিবৰ বাবেও সাজু হৈছে ব্ৰিটেইন ৷

বৰ্তমানলৈকে ব্ৰিটেইনত কোভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10,000 ৰ ওচৰ চাপিছে ৷ ইয়াৰ ফলত ইটালী, স্পেইন আৰু ফ্ৰান্সৰ পাচতে সৰ্বাধিক মৃত্যুৰ হাৰৰ ক্ষেত্ৰত চতুৰ্থ স্থান দখল কৰাৰ সম্ভাৱনা আছে ব্ৰিটেইনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.